অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৰব হাস্যৰস

আৰব হাস্যৰস (ইংৰাজী: Arab humor) বুলিলে আৰব বিশ্বত প্ৰচলিত হাস্যৰসৰ বিভিন্ন ৰূপক বুজায়। ই আৰব সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ দিশ আৰু আৰব বিশ্বৰ জটিলতা তথা সূক্ষ্মতাবোৰ ইয়াত প্ৰতিফলিত হয়। আৰব হাস্যৰস ইয়াৰ চাতুৰ্যপূৰ্ণ, বুদ্ধিদীপ্ত আৰু ব্যংগাত্মক শৈলীৰ বাবে পৰিচিত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আৰব হাস্যৰস (ইংৰাজী ভাষা: Arab humor) বুলিলে আৰব বিশ্বত প্ৰচলিত হাস্যৰসৰ বিভিন্ন ৰূপক বুজায়। ই আৰব সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ দিশ আৰু আৰব বিশ্বৰ জটিলতা তথা সূক্ষ্মতাবোৰ ইয়াত প্ৰতিফলিত হয়। আৰব হাস্যৰস ইয়াৰ চাতুৰ্যপূৰ্ণ, বুদ্ধিদীপ্ত আৰু ব্যংগাত্মক শৈলীৰ বাবে পৰিচিত। ইয়াত প্ৰায়ে শব্দৰ খেল (wordplay), শ্লেষ (puns) আৰু বিদ্ৰূপৰ (irony) ব্যৱহাৰ দেখা যায়।১২ আৰব হাস্যৰসৰ এটা সাধাৰণ ৰূপ হ’ল ৰাজনৈতিক ব্যংগ, য’ত হাস্যৰসৰ জৰিয়তে ৰাজনৈতিক নেতা আৰু ৰাজহুৱা ব্যক্তিসকলক উপহাস তথা সমালোচনা কৰা হয়। এই ধৰণৰ হাস্যৰস দূৰদৰ্শনৰ অনুষ্ঠান, কাৰ্টুন আৰু ছচিয়েল মিডিয়াত পোৱা যায়।৩ আৰব হাস্যৰসত সামাজিক নীতি-নিয়ম আৰু পৰম্পৰাৰ ওপৰত আধাৰিত কৌতুকো অন্তৰ্ভুক্ত হৈ আছে। এই কৌতুকবোৰে প্ৰায়ে নিষিদ্ধ (taboo) বা অপৰম্পৰাগত বুলি গণ্য কৰা বিষয়বোৰক লৈ ধেমালি কৰে। উদাহৰণস্বৰূপে, লিংগ ভূমিকা আৰু পাৰিবাৰিক গতিশীলতাক লৈ কৰা কৌতুকবোৰ অতি সাধাৰণ।৪

ইতিহাস

আৰব হাস্যৰসৰ ইতিহাস অতি প্ৰাচীন। আৰবীয় সাহিত্য, বিশেষকৈ কবিতা ইয়াৰ হাস্যৰসৰ ব্যৱহাৰৰ বাবে জনাজাত। প্ৰাক-ইছলামিক যুগত কবিসকলে তেওঁলোকৰ শাসক আৰু সমাজক সমালোচনা তথা ব্যংগ কৰিবলৈ হাস্যৰস ব্যৱহাৰ কৰিছিল। এই পৰম্পৰা ইছলামিক যুগতো অব্যাহত আছিল আৰু বিখ্যাত আৰব কবি অল-মুতানাব্বী তেওঁৰ ব্যংগ আৰু বিদ্ৰূপৰ বাবে পৰিচিত আছিল।৫

আধুনিক যুগত আৰব হাস্যৰস ৰাজনৈতিক আৰু সামাজিক ঘটনাসমূহৰদ্বাৰা প্ৰভাবিত হৈছে। উদাহৰণস্বৰূপে, 'আৰব বসন্ত'ই সমগ্ৰ আৰব বিশ্বতে ৰাজনৈতিক ব্যংগ আৰু হাস্যৰসৰ এক ঢৌৰ সৃষ্টি কৰিছিল। মিচৰ আৰু টিউনিচিয়াৰ দৰে দেশবোৰত ব্যংগাত্মক দূৰদৰ্শন অনুষ্ঠান আৰু ছচিয়েল মিডিয়া একাউণ্টৰ উত্থান ঘটিছিল, যিবোৰে হাস্যৰসৰ জৰিয়তে নিজৰ চৰকাৰ আৰু নেতাসকলক সমালোচনা কৰিছিল।

জনপ্ৰিয়তা সত্ত্বেও আৰব হাস্যৰস কেতিয়াবা বিতৰ্কিত হৈ পৰে। কিছুমান ক্ষেত্ৰত কৌতুক আৰু ব্যংগৰ বাবে গ্ৰেপ্তাৰ বা কাৰাবাসৰ দৰে ঘটনাও ঘটিছে। চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰাতৰ দৰে দেশবোৰত চৰকাৰ বা সামাজিক নীতি-নিয়মক সমালোচনা কৰা ধেমেলীয়া শিল্পী আৰু ব্যংগকাৰীসকলৰ বিৰুদ্ধে কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (2020-12-15). Satire and Comedy in the Arab World
  2. ↑ Al-Sawaeer, Sara; Rabab'Ah, Ghaleb; Power, Andrew J. (2022-12-31). Humor in the Arabic comedy show, N2O. Cogent Arts & Humanities
  3. ↑ The Comic Edge: Arabic Humor. Words Without Borders
  4. ↑ Kìshtainy. (2009). Humor and Resistance in the Arab World and Greater Middle East. Civilian Jihad: Nonviolent Struggle, Democratization, and Governance in the Middle East. Palgrave Macmillan US. পৃ. 53–63. ISBN 978-0-230-10175-3
  5. ↑ (2007). Tales of Juha: classic Arab folk humor. Interlink Books. ISBN 978-1-56656-641-4

সম্পৰ্কিত শ্ৰেণী

লোকসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰব হাস্যৰস” প্ৰবন্ধৰ সংশোধন ৬৩২৪৪০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।