অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টুম্বুকা সাহিত্য

টুম্বুকা সাহিত্য হ’ল টুম্বুকা ভাষাত ৰচিত লিখিত আৰু মৌখিক ৰচনাৰ সমষ্টি। টুম্বুকা হ’ল এটা বাণ্টু ভাষা, যি মূলতঃ মালাউই, জাম্বিয়া আৰু তাঞ্জানিয়াৰ কিছু অংশত প্ৰচলিত। ইয়াৰ ভিতৰত পৰম্পৰাগত মৌখিক আখ্যান, কবিতা, প্ৰবচন, লোককথাৰ লগতে আধুনিক কল্পকাহিনী, নাটক আৰু পাণ্ডিত্যপূৰ্ণ কৰ্মৰাজি অন্তৰ্ভুক্ত।

হালনাগাদ: ৮ মাৰ্চ ২০২৬ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ
টুম্বুকা বাইবেলৰ নিউ টেষ্টামেণ্টৰ ভিতৰৰ অংশ
টুম্বুকা বাইবেলৰ নিউ টেষ্টামেণ্টৰ ভিতৰৰ অংশছবি: Tumbuka Arch · CC BY 4.0

টুম্বুকা সাহিত্য হ’ল টুম্বুকা ভাষাত ৰচিত লিখিত আৰু মৌখিক ৰচনাৰ সমষ্টি। টুম্বুকা হ’ল এটা বাণ্টু ভাষা, যি মূলতঃ মালাউই, জাম্বিয়া আৰু টাঞ্জানিয়াৰ কিছু অংশত প্ৰচলিত। ইয়াৰ ভিতৰত পৰম্পৰাগত মৌখিক আখ্যান, কবিতা, ফকৰা যোজনা, লোককথাৰ লগতে আধুনিক কল্পকাহিনী, নাটক আৰু পাণ্ডিত্যপূৰ্ণ কৰ্মৰাজি অন্তৰ্ভুক্ত।১

ঐতিহাসিক পটভূমি

টুম্বুকা লোকসকলৰ মৌখিক সাহিত্যৰ এক চহকী পৰম্পৰা আছে। ইয়াৰ ভিতৰত কাহিনী কোৱা (নথানো), সাঁথৰ, গীত, প্ৰশংসামূলক কবিতা আৰু ফকৰা যোজনা আদি অন্যতম। মৌখিক আখ্যানসমূহে সামাজিক, নৈতিক আৰু শৈক্ষিক কামত সহায় কৰিছিল আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সাংস্কৃতিক নীতি-নিয়মসমূহ বহন কৰি আহিছিল।১

ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে খ্ৰীষ্টধৰ্ম মিছনেৰীসকলে, বিশেষকৈ চাৰ্চ অৱ স্কটলেণ্ডৰ মিছনেৰীসকলে টুম্বুকা ভাষাটো লিখিত ৰূপত নথিবদ্ধ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে বাইবেল অনুবাদ কৰিছিল, ধৰ্মীয় শিক্ষাৰ কিতাপ প্ৰকাশ কৰিছিল আৰু সাক্ষৰতাৰ প্ৰসাৰ ঘটাইছিল।

মৌখিক সাহিত্য

মৌখিক সাহিত্য এতিয়াও টুম্বুকা সাংস্কৃতিক জীৱনৰ কেন্দ্ৰবিন্দু হৈ আছে। ইয়াৰ সাধাৰণ ৰূপসমূহ হ’ল:

  • নথানো (লোককথা): যিবোৰত প্ৰায়ে জন্তুৰ চৰিত্ৰ আৰু নৈতিক শিক্ষা থাকে।
  • নযিম্বো (গান): ধৰ্মীয় অনুষ্ঠান, কাম বা মনোৰঞ্জনৰ সময়ত পৰিৱেশন কৰা হয়।
  • জিথোকোজো (প্ৰশংসামূলক কবিতা): যিবোৰ মুখিয়াল আৰু পূৰ্বপুৰুষসকলক সন্মান জনাবলৈ ব্যৱহাৰ কৰা হয়।
  • মিয়ম্বি (প্ৰবচন): যিবোৰে সামূহিক জ্ঞানক প্ৰতিনিধিত্ব কৰে আৰু দৈনন্দিন কথা-বতৰাত বহুলভাৱে ব্যৱহৃত হয়।২

লিখিত সাহিত্য

মিছনেৰী শিক্ষাৰ সৈতে সংগতি ৰাখি লিখিত টুম্বুকা সাহিত্যৰ উত্থান ঘটে। আৰম্ভণিৰ প্ৰকাশনসমূহৰ ভিতৰত ধৰ্মীয় গ্ৰন্থৰ অনুবাদ আৰু বিদ্যালয়ৰ পাঠ্যপুথি আছিল। বহু বছৰৰ পাছত চুটিগল্প, কবিতা আৰু নাটকসহ ধৰ্মনিৰপেক্ষ ৰচনাৰ বিকাশ ঘটে।৩

উল্লেখনীয় অৱদানকাৰীসকল হ’ল:

  • যেচায়া জেৰেঞ্জী মৱাচী (১৮৯২–১৯৮২): কবিতা আৰু গদ্য প্ৰকাশ কৰা প্ৰথম টুম্বুকা লেখকসকলৰ ভিতৰত এগৰাকী।
  • এডৱাৰ্ড বনালা: টুম্বুকা ভাষাত নাটক আৰু চুটি গল্পৰ বাবে পৰিচিত।
  • সমসাময়িক লেখকসকল: তেওঁলোকে টুম্বুকা আৰু ইংৰাজী ভাষা দুয়োটা ভাষাতে সাহিত্য ৰচনা কৰে। তেওঁলোকৰ ৰচনাত প্ৰায়ে পৰিচয়, ৰাজনীতি আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ বিষয়বোৰ প্ৰকাশ পায়।১

গৱেষণা আৰু সংৰক্ষণ

বিংশ শতিকাৰ মাজভাগৰ পৰা টুম্বুকা সাহিত্যৰ প্ৰতি পণ্ডিতসকলৰ আগ্ৰহ বৃদ্ধি পায়। গৱেষকসকলে মৌখিক পৰম্পৰাসমূহ নথিবদ্ধ কৰিছে, অভিধান সংকলন কৰিছে আৰু প্ৰবচন তথা লোককথাসমূহ বিশ্লেষণ কৰিছে। মালাউইৰ মযুজু বিশ্ববিদ্যালয় আৰু জাম্বিয়া বিশ্ববিদ্যালয়ে টুম্বুকা সাংস্কৃতিক ঐতিহ্যৰ ওপৰত বিভিন্ন প্ৰকল্পত সহায় আগবঢ়াই আহিছে।৪

তথ্যসূত্ৰ

  1. ↑ Reporter, Nyasa Times. (2023-04-03). Scripture Union develops Tumbuka devotional booklet - Malawi Nyasa Times - News from Malawi about Malawi
  2. ↑ A Bible in Chichewa or Tumbuka – Zambesi Mission
  3. ↑ Reporter, Malawi24. (2019-03-24). Prominent Malawian historian D.D Phiri dies Malawi 24 · Latest News from Malawi. Malawi 24
  4. ↑ Malenga, Bright. (2017-08-11). Writers urged to focus on local languages Malawi 24 · Latest News from Malawi. Malawi 24

সম্পৰ্কিত শ্ৰেণী

লোকসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুম্বুকা সাহিত্য” প্ৰবন্ধৰ সংশোধন ৫৮৫৯৭৪ (৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।