অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তুলা আৰু তেজা

তুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।

হালনাগাদ: ২ জানুৱাৰী ২০২৬ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

তুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।১২

গ্ৰন্থ পৰিচয়

বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত এখন সাধুকথাৰ পুথি। ইয়াত মুঠ ৩০টা সাধু সংকলিত হৈছে। বেজবৰুৱাই ১৯১১ চলত তেওঁৰ হাওৰা স্থিত বাসভৱনত বহি গ্ৰন্থখনৰ পাতনি লিখিছিল। পিছৰ বছৰ এইখন প্ৰকাশ পাইছিল ইয়াৰ সাধুসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা। বেজবৰুৱাই মাথোঁ সেইবোৰ নিজা ভাৱ-ভাষাৰে শিশুসকলৰ বাবে লিখি উলিয়াইছিল।৩

গ্ৰন্থখনৰ বহুকেইটা নাৰীপ্ৰধান সাধুৰ অন্যতম 'তুলা আৰু তেজা'। প্ৰাচীন অসমীয়া সমাজখনত সম্পদশালী পুৰুষসকলে বহুবিবাহ কৰাটো এক স্বাভাৱিক বিষয় আছিল। 'তুলা আৰু তেজা'ত বহুবিবাহৰ অৱধাৰিত ফল- সতিনী বিদ্বেষে কেনেকৈ এখন ঘৰৰ সুখ-শান্তি বিঘ্নিত কৰিব পাৰে বা মাহীমাকে সতিনীৰ সন্তানহঁতৰ জীৱন কেনেকৈ যন্ত্ৰণাময় কৰি তুলিব পাৰে, তাৰে এখন বাস্তৱ চিত্ৰ অঙ্কিত কৰা হৈছে।২

সাধুৰ সাৰাংশ

চহকী খেতিয়ক এজনৰ দুজনী ঘৈণীয়েক লাগী আৰু এলাগী। লাগীৰ জীয়েক তুলা আৰু এলাগীৰ জীয়েক তেজা। লাগীয়ে নিমাখিত সতিনীয়েকক আৰু তাইৰ জীয়েক তেজা আৰু পুতেক কানাইক সমুলি দেখিব নোৱাৰে। সেয়েহে এদিন মাছ মৰাৰ চলেৰে মাতি নি লাগীয়ে সতিনীয়েকক পুখুৰীত গতিয়াই মাৰি পেলালে। এলাগীয়ে তাতে বৰকাছ হৈ থাকিল।

লাগীয়ে নিজৰ জীয়েকক একো কাম-বন কৰিব নিদিয়ে; কিন্তু তেজা আৰু কানাইক গৰু চৰাবলৈ পঠায়। খাব ববও ভালকৈ নিদিয়ে। ইফালে তেজা আৰু কানায়ে গৰু চৰাবলৈ যাওঁতে বৰকাছৰূপী এলাগীয়ে পুখুৰীৰ পৰা উঠি আহি সুস্বাদু বস্তু খাবলৈ দিয়ে। ঘটনাক্ৰমে লাগীয়ে এলাগীৰ নতুন ৰূপৰ সম্ভেদ পোৱাত বৰভোজ পতাৰ চলেৰে বৰকাছজনীকো মৰালে। তেজা আৰু কানায়ে কাছজনীৰ আগঠেং দুটা পুখুৰীৰ পাৰত পুতি থলে। তাতে জন্ম হ'ল এজোপা জৰা টেঙাৰ গছ।

বাটেৰে গৈ থাকোঁতে সেই জৰা টেঙা এদিন ৰজাই খালে আৰু তেজাক বিয়া কৰাই অন্তেষপুৰলৈ লৈ গ'ল।

তেজাৰ এনে সুখ দেখি লাগী ঈৰ্ষাত ৰ'ব নোৱাৰা হ'ল। এদিন সতিয়া জীয়েকক লাগীয়ে বুদ্ধিৰে মাতি আনি মন্ত্ৰপুতঃ শলা মূৰত গুছি তেজাক শালিকালৈ ৰূপান্তৰ কৰিলে আৰু নিজৰ জীয়েক তুলাক তেজাৰ সাজেৰে ৰজাৰ হাউলিলৈ পঠিয়াই দিলে। শালিকাজনীও উৰি গৈ ৰজাৰ হাউলি পালে। দুয়োজনী ছোৱালীৰ চেহেৰাৰ মিল থকা গুণে ৰজাই তুলাক তেজা বুলিয়ে ভাবি ল'লে।

শালিকাজনীৰ হাব-ভাব দেখি সেয়া যে কোনোবা আপোনজনহে, তাত ৰজা পতিয়ন গ'ল। চৰাইজনী মৰম কৰি থাকোঁতে মন্ত্ৰপুতঃ শলাডাল হাত লগাত উলিয়াই আনোঁতে তেজাই পুনৰ আগৰ ৰূপ পালে।

ৰজাই মাহীয়েকৰ এনে নীচ চক্ৰান্ত দেখি খঙত একোনাই হৈ তুলাক বধ কৰি টোমত ভৰাই পহুৰ মঙহ বুলি লাগীলৈ দি পঠিয়ালে আৰু তেজাৰ লগত সুখে-সন্তোষে সংসাৰ কৰি থাকিল।১

জনপ্ৰিয় সংস্কৃতিত তুলা আৰু তেজা

তুলা আৰু তেজা সাধুটোৰ আধাৰত ২০১২ চনত একে নামৰ অসমৰ চলচ্চিত্ৰ এখন মুক্তি পায়। জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা আৰু জোনমণি দেৱী খাউণ্ডে পৰিচালনা কৰা ছবিখনত বিদ্যা ৰাও (অভিনেত্ৰী), অৰুণ নাথ, গীতাৱলী ৰাজকুমাৰী, বৰ্ণালী পূজাৰী আদিয়ে অভিনয় কৰিছিল।৪ প্ৰায় ৭৫ লাখ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনে কিন্তু দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি লাভ নকৰিলে। কেইটামান দৰ্শনী চলাৰ পিছত চিত্ৰগৃহৰ পৰা ছবিখনে বিদায় লৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ তুলা আৰু তেজা. Assamese Wikisource
  2. ↑ বৰ্মন, মিতালী. বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত নাৰী
  3. ↑ বুঢ়ী আইৰ সাধুː পাতনি. Assamese Wikisource
  4. ↑ Seven Sisters' Post - ‘Tula Aru Teja’: Folktale comes alive on celluloid, Chandan Sarmah, Retrieved - May 16, 2012
  5. ↑ অয়ন উত্তম. অসমীয়া চিনেমাৰ সোণালী দিনৰ আশাত. xahitya.org

সম্পৰ্কিত শ্ৰেণী

সাধুকথাৰ চৰিত্ৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্মলোককথালোকসাহিত্যসাধুসাধুকথাবুঢ়ী আইৰ সাধু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলা আৰু তেজা” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৭৪ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।