অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰসী গাহেন

ৰসী গাহেন ( Rochi Gaheen) হাজংসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকাৰ লগত এই গীত ওতপ্ৰোতভাবে জড়িত হৈ আছে। শক্তিৰ উপাসক হিচাপে শ্ৰমৰ উৎস হৈ যুগ যুগ ধৰি যিদৰে শ্ৰমজীৱিসকলৰ মাজত বিভিন্ন নৃত্য-গীতৰ প্ৰচলন হৈ চলি আহিছে, সেইদৰে হাজং জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাবে ৰসী গাহেনৰ প্ৰচলন…

হালনাগাদ: ১১ আগষ্ট ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰসী গাহেন ( Rochi Gaheen) হাজং জনগোষ্ঠীসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকাৰ লগত এই গীত ওতপ্ৰোতভাবে জড়িত হৈ আছে। শক্তিৰ উপাসক হিচাপে শ্ৰমৰ উৎস হৈ যুগ যুগ ধৰি যিদৰে শ্ৰমজীৱিসকলৰ মাজত বিভিন্ন নৃত্য-গীতৰ প্ৰচলন হৈ চলি আহিছে, সেইদৰে হাজং জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাবে ৰসী গাহেনৰ প্ৰচলন হৈ আহিছে।১

হাজংসকলে বিশ্বাস কৰি আহিছে যে ৰ'দ, বৰষুণ নেওচি যেতিয়া বোকা-পানীৰে লুতুৰি-পুতুৰি হৈ ৰোৱা লগাই থকাৰ সময়ত কোনো ৰোৱণীয়ে ৰসী গাহেন গায়, তেতিয়া হেনো ৰোৱণীসকলৰ মনত প্ৰাণত কৰ্মৰ প্ৰেৰণাৰ জোৱাৰ উঠে। কামত ক্ষিপ্ৰতা আৰু চকুৱে-মুখে এক অনাবিল আনন্দ ফুটি উঠে। ইয়াৰ উপৰিও হাজংসকলে বিশ্বাস কৰি আহিছে যে দেশত অনাবৃষ্টি হ'লে কোনো কবিয়ালে ‘হাৰান্দি’ত ৰসী গাহেনৰ সুৰ তুলিলে হেনো আকাশত মেঘৰ গাজনি তুলি ধাৰাসাৰে বৰষুণ নমাই আনিব পাৰিছিল। ৰসী গাহেনত শক্তি-সামৰ্থ যোগোৱাৰ লগতে দুখ-বেদনা, আনন্দ আৰু নিৰাশাৰ ছবিও দেখা যায়।১২

তথ্যসূত্ৰ

  1. ↑ (১৪ মে' ২০২২). হাজং জনজাতিৰ লেৱা-টানা নৃত্য-গীত. নীলাচৰাই ডট কম
  2. ↑ অসমৰ লোকধৰ্ম, বিশ্বাস - আৰু ৰীতি-নীতিৰ ৰেঙণি. 8/03/2019. পৃ. 18-19

সম্পৰ্কিত শ্ৰেণী

লোকসাহিত্যঅসমৰ লোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰসী গাহেন” প্ৰবন্ধৰ সংশোধন ৫৩১৭৭৮ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।