সৃষ্টি ৰাণী টাইড (ইংৰাজী ভাষা: Srishti Rani Taid) এগৰাকী বহুভাষিক লেখিকা, কবি, গীতিকাৰ, সুৰকাৰ আৰু যুৱ বক্তা। সৃষ্টি ৰাণীয়ে মিচিং, অসমীয়া ভাষাৰ লগতে অন্যান্য ভালেমান দেশী-বিদেশী ভাষাত সাহিত্য চৰ্চা কৰি বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।১
জন্ম
সৃষ্টি ৰাণীৰ জন্ম হৈছিল ২০০৫ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঘাগৰমুখ সোণালী টাকু গাঁৱত। ২
শিক্ষা
উচ্চ মাধ্যমিক শিক্ষা: নেচনেল পাব্লিক হাইস্কুল, গোগামুখ। ৩
উচ্চতৰ মাধ্যমিক শিক্ষা: ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।
স্নাতক ডিগ্ৰী: বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উত্তৰ প্ৰদেশ।
বঁটা-সন্মান
- ছয়টা ভাৰতীয় ভাষা আৰু দুটা বিদেশী ভাষা (ৰাছিয়ান আৰু জাপানী) মুঠ ৮টা ভাষাত কবিতা লিখি আটাইতকৈ কম বয়সতে অৰ্থাৎ দশম শ্ৰেণীত পঢ়ি থাকোঁতেই Assam book of Recordsত এক অনন্য ৰাজ্যিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। সৃষ্টি ৰাণী টাইডেই হৈছে এই বিশেষ খিতাপ অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী কিশোৰী।৪ একেটা সময়তে একেটা কৃতিত্বৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত "World Book of Talent Records"এও বিশ্ব অভিলেখৰ মান্যতা প্ৰদান কৰিছিল।
- কবিতা, গীত, লেখা-মেলা আদিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সৃষ্টি ৰাণী টাইডক ২০২১ চনৰ ১১ ডিচেম্বৰ তাৰিখে "Magic Book of Records"ৰ দ্বাৰা "Best Youngest Author Award-2021" হিচাপে সন্মানিত কৰা হৈছে।৫
তথ্যসূত্ৰ
- ↑ magicbookofrecord.com/srishti-rani-taid-best-you আহৰণ কৰা হৈছে। আহৰণৰ তাৰিখ- ২৫ জুন, ২০২৬
- ↑ www.assambookofrecords.in/article/MzAy/article.h আহৰণ কৰা হৈছে। আহৰণৰ তাৰিখ: ২৫ জুন, ২০২৬
- ↑ www.assambookofrecords.in/article/MzAy/article.h আহৰণ কৰা হৈছে।
- ↑ www.assambookofrecords.in/article/MzAy/article.h Assam book of Recordsৰ পৰা আহৰণ কৰা হৈছে।
- ↑ magicbookofrecord.com/srishti-rani-taid-best-you Magic book of Recordsৰ পৰা আহৰণ কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৃষ্টি ৰাণী টাইড” প্ৰবন্ধৰ সংশোধন ৬১৪৪৬০ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।