অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰমিলা

টি. এ. প্ৰমিলা ( Prameela ) দক্ষিণ ভাৰতীয় ছবিৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত মালয়ালম আৰু তামিল চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল আৰু কম সংখ্যক কানাড়া আৰু তেলেগু ছবিতো অভিনয় কৰিছিল। গ্লেমাৰাছ চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত আছিল।

হালনাগাদ: ১৮ অক্টোবৰ ২০২৫ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

টি. এ. প্ৰমিলা ( Prameela ) দক্ষিণ ভাৰতীয় ছবিৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত মালয়ালম আৰু তামিল চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল আৰু কম সংখ্যক কানাড়া আৰু তেলেগু ছবিতো অভিনয় কৰিছিল। গ্লেমাৰাছ চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত আছিল। ৫০ খনতকৈও অধিক মালয়ালম ছবিত অভিনয় কৰিছে। ১৯৬৮ চনৰ মালয়ালম ছবি "ইন্সপেক্টৰ"ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত ভৰি থয়। ১৯৭৩ চনত মুক্তি পোৱা তামিল ছবি অৰংগেত্ৰমত তেওঁ বৃহৎ সফলতা লাভ কৰে। এজন আমেৰিকান ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বসতি কৰিবলৈ লয়। তেওঁ এগৰাকী ৰোমান কেথলিক আৰু মাতৃভাষা তামিল।১

ব্যক্তিগত জীৱন

তামিলনাডুৰ তিৰুচিৰাপল্লীত তেওঁৰ জন্ম হৈছিল। অমল দাস আৰু সুশীলাৰ চাৰিটা সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল; তেওঁৰ জ্যেষ্ঠ ভাতৃ চিজাৰ, এগৰাকী ভগ্নী ছুইটী আৰু এজন কনিষ্ঠ ভাতৃ প্ৰভু। চলচ্চিত্ৰ জীৱনৰ বাবে পৰিয়ালটো চেন্নাইলৈ স্থানান্তৰিত হয়। তেওঁ প্ৰাথমিক শিক্ষা চেন্নাইৰ শাৰদা বিদ্যালয়ত কৰিছিল আৰু ট্ৰিচিৰ হলি ৰিডিমাৰ্ছ গাৰ্লছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ১৯৬৮ চনত মুক্তি পোৱা ইনস্পেক্টৰ ছবিত ১২ বছৰ বয়সত অভিনয়ৰে তেওঁৰ অভিষেক ঘটিছিল। দক্ষিণ ভাৰতীয় চাৰিটা ভাষাৰ প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছে।

পল স্কালাক্টাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ কেলিফৰ্ণিয়াত বসতি স্থাপন কৰিবলৈ যায়। দম্পতীহালৰ কোনো সন্তান নাই।২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ തമ്പുരാട്ടിയിലെ ഗ്ലാമര്‍ രംഗം സ്ക്രീനില്‍ തെളിഞ്ഞപ്പോള്‍ ഞാന്‍ തലകുനിച്ച് ഇരിക്കുകയായിരുന്നു
  2. ↑ கணேஷ், ஆ சாந்தி. (13 November 2018). சிவாஜி போட்டோ வெச்சிருந்ததுக்கு அடிவாங்கினவ, சிவாஜிக்கே ஹீரோயின் ஆனேன்!. Ananda Vikatan
  3. ↑ Daily, Keralakaumudi. തമ്പുരാട്ടിയിലെ ഗ്ളാമർ രംഗംസ്ക്രീനിൽ തെളിഞ്ഞപ്പോൾ ഞാൻ തലകുനിച്ചു. Keralakaumudi Daily

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমিলা” প্ৰবন্ধৰ সংশোধন ৫৪৪২১০ (১৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।