মহাভাৰতৰ চৰিত্ৰ
১১০ প্ৰবন্ধ
-
ঋষি কিন্দম
ঋষি কিন্দম (সংস্কৃত: किन्दम) হিন্দু মহাকাব্য মহাভাৰতত উল্লেখ কৰা এজন ঋষি।
-
একলব্য
একলব্য (Ekalavya, एकलव्य) মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁ প্ৰাচীন ভাৰতৰ বন আৰু পাহাৰীয়া জনগোষ্ঠীৰ নিষাদ জাতিৰ ৰাজকোঁৱৰ আছিল। একলব্যক ৰাজসূয় যজ্ঞৰ এজন অগ্ৰণী ৰজা বুলি কোৱা হয় য’ত তেওঁ যুধিষ্ঠিৰক সন্মানেৰে পাদুকাযোৰ আগবঢ়াই সন্মান যাঁচে৷ একলব্য এজন শক্তিশালী ধনুৰ্বিদ আৰু যোদ্ধা হিচাপে বিখ্যাত আছিল৷…
-
জঁটাসুৰ
জঁটাসুৰ (সংস্কৃত: जटासुर) হিন্দু মহাকাব্য মহাভাৰতৰ এক ৰাক্ষস। তেওঁ ব্ৰাহ্মণৰ বেশ ধৰি পাণ্ডৱ ভাতৃৰ তিনিজন যুধিষ্ঠিৰ, সহদেৱ আৰু নকুল আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক অপহৰণ কৰাৰ চেষ্টা কৰে। তেওঁক ভীমে বধ কৰে।
-
দুঃশলা
দুঃশলা (Sanskrit: दुःशला), (দুঃশলা নামটো দুশলা হিচাপেও ঠায়ে ঠায়ে লিখা দেখা যায়) কৌৰৱ কূলৰ ধৃতৰাষ্ট্ৰ ৰজাৰ একমাত্ৰ দুহিতা আছিল। হিন্দু মহাকাব্য মহাভাৰতত কৌৰৱৰ ভগ্নী হিচাপে দুঃশলা বৰ্ণিত হৈছে।
-
ধৃষ্টকেতু
প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ ধৃষ্টকেতু। চেদি ৰাজ্যৰ ৰজা আৰু শিশুপালৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ পাণ্ডৱসকলৰ নিষ্ঠাবান মিত্ৰ, আৰু কুৰুক্ষেত্ৰ যুদ্ধত মুখ্য ভূমিকা পালন কৰে, য'ত তেওঁ তেওঁলোকৰ সেনাবাহিনীৰ সাতজন সেনাপতিৰ ভিতৰত এজন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পৌণ্ড্ৰক
পৌণ্ড্ৰক বাসুদেৱ মহাভাৰত আৰু ভাগৱত পুৰাণত উল্লিখিত এজন ৰজা আছিল। পুৰাণৰ মতে তেওঁ পোণ্ড্ৰ ৰাজ্যৰ ৰজা আছিল। কিছুমান সূত্ৰত উল্লেখ থকা অনুসৰি তেওঁ মগধ ৰাজ জৰাসন্ধ আৰু গান্ধাৰ ৰাজ্যৰ ৰজা শকুনি দুয়োৰে মিত্ৰ আছিল। তেওঁ কৃষ্ণৰ এজন প্ৰধান শত্ৰু আছিল।
-
বৃহদ্ৰথ
প্ৰথম বৃহদ্ৰথ (সংস্কৃত- बृहद्रথ) হিন্দু সাহিত্যত প্ৰদৰ্শিত মগধৰ প্ৰাচীন কিম্বদন্তি শাসক বংশ বৃহদ্ৰথ বংশৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ গংগা নদীৰ পাৰত ক্ষমতাৰ কেন্দ্ৰ চুবুৰীয়া ৰাজ্য চেদীৰ পৰা নতুনকৈ বসতি স্থাপন কৰা মগধলৈ স্থানান্তৰ কৰি মগধ প্ৰতিষ্ঠা কৰে।
-
মাদ্ৰৱতী
মাদ্ৰৱতী (Madravti) পাণ্ডৱ বংশৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ পৰীক্ষিত ৰজাৰ পত্নী আৰু জন্মেজয়ৰ মাতৃ আছিল মাদ্ৰৱতী।
-
মুকাসুৰ
মুকাসুৰ মহাকাব্য মহাভাৰতত উল্লেখ থকা এক অসুৰ।
-
সত্ৰাজিত
সত্ৰাজিত বা সত্ৰাজিৎ, হিন্দু ধৰ্মৰ এজন যাদৱ বংশী ৰজা। তেওঁৰ দহগৰাকী পত্নী আৰু সত্যভামা, ব্ৰতিনী আৰু প্ৰস্বপিনী নামৰ তিনিগৰাকী কন্যা আছিল, যিসকল সকলোৱে কৃষ্ণৰ সৈতে বিবাহিত আছিল। তেওঁক সূৰ্য দেৱতাৰ মহান ভক্ত বুলি বৰ্ণনা কৰা হৈছে। স্যমন্তক মণিৰ কিম্বদন্তিত তেওঁৰ উল্লেখযোগ্য ভূমিকা আছে।
-
সুশৰ্মা
সুশৰ্মা মহাকাব্য মহাভাৰতৰ মতে ত্ৰিগৰ্তৰ ৰজা। তেওঁ আছিল সেই সাহসী ধনুৰ্দ্ধৰ আৰু অৰ্জুনৰ প্ৰতিদ্বন্দ্বী। দুৰ্যোধনে কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰক জীৱিত অৱস্থাত বন্দী কৰি ৰখাৰ এক পৰিকল্পনাৰ অংশীদাৰ হৈ, হয় মৃত্যুবৰণ কৰিব বা অৰ্জুনক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল।
-
হিড়িম্ব
হিড়িম্ব (हिडिम्ब) মহাভাৰতৰ পাতত হিড়িম্ব এজন মহাবলবান দৈত্য ৰজা। তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল।
-
অহিলাৱতী
অহিলাৱতী (সংস্কৃত: अहिलावती, ইংৰাজী: Ahilawati) হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণনা কৰা এগৰাকী নাৰি চৰিত্ৰ৷ অহিলাৱতীক মৌৰৱী আৰু কামকান্তিকা বুলিও কোৱা হয়৷ কিংবদন্তি অনুসৰি অহিলাৱতী ঘটোৎকচৰ পত্নী আছিল।
-
কিৰ্মীৰাসুৰ
কিৰ্মীৰ (সংস্কৃত: किर्मीर,) মহাভাৰতত উল্লেখ কৰা এক ৰাক্ষস। তেওঁ বকাসুৰৰ কনিষ্ঠ ভাতৃ আৰু হিড়িম্বাৰ বন্ধু। তেওঁ কাম্যক অৰণ্যত বাস কৰিছিল আৰু খাদ্যৰ বাবে ৰাতি মানুহ চিকাৰ কৰিছিল। তেওঁ পাণ্ডৱসকলৰ অৰণ্যত প্ৰৱেশৰ বিৰোধিতা কৰিছিল আৰু ভীমক খাবলৈ ভাবুকি দিছিল, যাৰ দ্বাৰা তেওঁক যুদ্ধত বধ কৰা হৈছিল।
-
বৃহদ্বল
বৃহদ্বল হিন্দু মহাকাব্য মহাভাৰতকে ধৰি অন্যান্য হিন্দু ধৰ্মশাস্ত্ৰৰ উল্লেখ কৰা এজন ৰজা। লিংগ পুৰাণ মতে তেওঁক শ্ৰুতয়ু নামেৰেও জনা যায়। তেওঁক কোশল ৰাজ্যৰ শেষ ৰজা বুলি বৰ্ণনা কৰা হৈছে। কুৰুক্ষেত্ৰ যুদ্ধত বৃহদ্বলই কৌৰৱৰ হৈ যুদ্ধ কৰিছিল আৰু অভিমন্যুৱে তেওঁক হত্যা কৰিছিল।
-
ভূমন্যু
ভূমন্যু (Bhúmanyu) মানে হ’ল সম্ৰাট। ভূমন্যু আছিল ভাৰতৰ প্ৰথম সম্ৰাট ভৰতৰ উত্তৰসূৰি। ভূমন্যুক পৰৱৰ্তী সময়ত ভাৰতৰ সম্ৰাট কৰা হৈছিল আৰু তেওঁৰ বংশটো মহাভাৰতৰ গল্পৰ লগত জড়িত।
-
মগধৰ সহদেৱ
সহদেৱ এজন ৰাজকুমাৰ (পাণ্ডৱ নহয়) আৰু পিছলৈ মহাভাৰত আৰু বিভিন্ন পুৰাণত উল্লেখিত ৰজা আছিল। শক্তিশালী মাগধী ৰজা জৰাসন্ধৰ পুত্ৰ হিচাপে পিতৃৰ মৃত্যুৰ পিছত তেওঁক সিংহাসনত অধিষ্ঠিত কৰা হয়।
-
ময়ুৰী (দুৰ্যোধনৰ পত্নী)
ময়ূৰী দুৰ্যোধনৰ পত্নী আৰু মহাভাৰতৰ এক চৰিত্ৰ আছিল। পত্নী হিচাপে মূলতঃ দুৰ্যোধনৰ প্ৰতি গভীৰ প্ৰেম থকা ভানুমতীও ময়ূৰীৰ বান্ধৱী আৰু তথাকথিত ভগ্নী আছিল। দুয়োজনে এজনে আনজনক ভাল পাইছিল আৰু সন্মান কৰিছিল। দুৰ্যোধনে দেখা ধুনীয়া মহিলাসকলৰ ভিতৰত তেওঁ আছিল অন্যতম।
-
শ্ৰুতায়ুধ
শ্ৰুতায়ুধ কলিংগ (ওড়িশা)ৰ এজন ক্ষত্ৰীয় ৰজা। তেওঁ বৰুণ আৰু নদী দেৱী পৰ্ণসাৰ পুত্ৰ।
-
সম্বৰণ
সম্বৰণ মহাভাৰতত এজন ৰজাৰ নাম। তেওঁ তাপ্তিৰ স্বামী আৰু কুৰুৰ পিতৃ আৰু ঋক্ষৰ পুত্ৰ।