পৰীক্ষিত (परिक्षित्) পাণ্ডৱ বংশৰ এজনা ৰজা। ঋষিৰ শাপত তেওঁক তক্ষক নাগে দংশি মাৰে।১ তেওঁ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ তথা জন্মেজয়ৰ পিতৃ আছিল। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।১
মৃত্যু
এদিন পৰীক্ষিত ৰজাই মৃগয়া কৰিবলৈ বনলৈ যায় আৰু পিয়াহ লগাত পানী বিচাৰি শমিক মুনিৰ আশ্ৰম পায়গৈ। শমিক মনি তেতিয়া চকু মুদি ধ্যানমগ্নহৈ আছিল। ৰজা পৰীক্ষিতে ধ্যান কৰা ভাও জুৰি মুনিয়ে তেখেতক অৱজ্ঞা কৰা বুলি ভাবি, খঙত ওচৰতে পৰি থকা মৰা সাপ এডাল মুনিৰ ডিঙিত মেৰিয়াই দি থৈ যায়।
ৰজাই মুনিৰ ডিঙিত সাপ মেৰিয়াই থৈ যোৱা বাৰ্তা পাই শমীক মুনিৰ পুত্ৰ শৃংগীয়ে খঙত অগ্নিশৰ্মাহৈ কৌষিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক সাত দিন পিছত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিয়ে। অৱশেষত তক্ষক সাপে তেওঁক দংশন কৰে।২
উল্লেখ আছে যে মৃত্যুৰ আগমুহূৰ্তত শুকে তেওঁৰ আগত মহাভাগৱতৰ কথা কৈছিল।২
বাহ্যিক সংযোগ
- Garg, Gaṅgā Rām. (1992). Encyclopaedia of the Hindu World. Concept Publishing Company. ISBN 978-81-7022-376-4
- Raychaudhuri, Hemchandra. (2006). Political History of Ancient India. Cosmo Publications. ISBN 81-307-0291-6
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰীক্ষিত” প্ৰবন্ধৰ সংশোধন ৩৬৬৮২৮ (২৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।