অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

প্ৰদ্যুম্ন

প্ৰদ্যুম্ন (Pradyumna, प्रद्युम्न) অনিৰুদ্ধৰ পিতৃ আৰু ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ আছিল। তেওঁ পূৰ্বজন্মতে কামদেৱ আছিল। প্ৰাচীন আখ্যানৰ মতে কামদেৱে শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে ভগৱান শিৱৰ কোপত কামদেৱ ভস্মীভূত হৈছিল আৰু ৰতি দেৱীৰ কাতৰ প্ৰাৰ্থনাৰ ফলত পুনৰ ৰূপ পাইছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২২ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

প্ৰদ্যুম্ন (Pradyumna, प्रद्युम्न) অনিৰুদ্ধৰ পিতৃ আৰু ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ আছিল। তেওঁ পূৰ্বজন্মতে কামদেৱ আছিল। প্ৰাচীন আখ্যানৰ মতে কামদেৱে শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে ভগৱান শিৱৰ কোপত কামদেৱ ভস্মীভূত হৈছিল আৰু ৰতিৰ কাতৰ প্ৰাৰ্থনাৰ ফলত পুনৰ ৰূপ পাইছিল। উল্লেখ আছে যে কামদেৱে পুনৰ ৰূপ পোৱাৰ কাৰণে প্ৰাগজ্যোতিষপুৰৰ নাম কামৰূপলৈ পৰিৱৰ্তন হয়।১

জন্ম, শৈশৱ আৰু যৌৱন

প্ৰদ্যুম্নই সম্বৰাক হত্যা কৰাৰ দৃশ্য
প্ৰদ্যুম্নই সম্বৰাক হত্যা কৰাৰ দৃশ্যছবি: Unknown author · Public domain

প্ৰদ্যুম্ন ভগবান শ্ৰীকৃষ্ণৰ পুত্ৰ তথা আদিনাৰায়ণৰ ৬১ তম নাতি আছিল। তেওঁৰ মাতৃ আছিল ৰুক্মিণী, তেওঁক ভগবান শ্ৰীকৃষ্ণই পিতা ভীষ্মক আৰু ভাই ৰুক্মিৰ পৰা পাইছিল। প্ৰদ্যুম্নৰ জন্ম দ্বাৰকাত হৈছিল। তেওঁ আছিল দেৱ কামদেৱৰ অৱতাৰ। সত্য যুগত শিৱৰ ধ্যানৰ প্ৰতিবন্ধক হৈ কামদেৱ শিৱৰ দ্বাৰা ভস্মীভূত হয়। শিৱ কামদেৱৰ স্ত্ৰী ৰতিক আশীৰ্বাদ কৰিছিল তথা প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পৰৱৰ্তী জন্মত কমদেৱ কৃষ্ণৰ এটি অংশ হ’ব আৰু ৰতি ৰুক্মিৰ কন্যা হ’ব আৰু তেওঁ (কামদেৱ) তেওঁক বিয়া কৰাব। প্ৰদ্যুম্ন জন্মৰ ১০ দিনৰ পিছতে সম্বৰা অসুৰৰ দ্বাৰা অপহৃত হয়। তাৰপিছত তেওঁক সমুদ্ৰলৈ দলিয়াই দিয়ে আৰু এটি মাছ তেওঁক খাই পেলায়, কিন্তু সেই মাছটো ধৰা পৰে আৰু সম্বৰাৰ ঘৰলৈ লৈ যোৱা হয়। মাছটো কটাৰ পিছত ভিতৰত এটা শিশু পোৱা যায় আৰু সেই শিশুটিক সম্বৰাৰ ঘৰৰ এগৰাকী মহিলাক পালন কৰিবলৈ দিয়া হয়। নাৰদে সেই সন্তানৰ প্ৰকৃত পৰিচয় সম্পৰ্কে অবহিত কৰে। প্ৰদ্যুম্ন ডাঙৰহৈ সম্বৰা অসুৰৰ সৈতে যুদ্ধ কৰে আৰু বৈষ্ণৱস্ত্ৰ ব্যৱহাৰ কৰি সম্বৰা অসুৰক হত্যা কৰে। পিছত প্ৰদ্যুম্ন তেওঁৰ পিতা শ্ৰীকৃষ্ণৰ এক নিত্যসঙ্গী হৈ উঠে আৰু দ্বাৰকাৰ লোকে তেওঁক পছন্দ কৰিবলৈ লয়। প্ৰদ্যুম্ন আছিল এগৰাকী শক্তিশালী মহাৰাথী যোদ্ধা। তেওঁ অত্যন্ত বিৰল বৈষ্ণৱস্ত্ৰৰ গৰাকী আছিল যি মহাবিশ্বৰ সকলোতকৈ শক্তিশালী অস্ত্ৰ। ইয়াৰোপৰি তেওঁ চক্ৰবেহুৰ ৰহস্য জানিছিল যাক খুব কম লোকহে জানিছিল। মহাভাৰতৰ মতে, প্ৰদ্যুম্ন অভিমন্যু আৰু উপপাণ্ডৱক যুদ্ধৰ প্ৰশিক্ষণ দিছিল। কিন্তু মামা বলৰাম আৰু অন্যান্য যাদবসকলৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ কাৰণে প্ৰদ্যুম্ন কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ নকৰিলে।

বলৰাম, যুধিষ্ঠিৰ, আক্ৰুৰ আৰু প্ৰদ্যুম্ন
বলৰাম, যুধিষ্ঠিৰ, আক্ৰুৰ আৰু প্ৰদ্যুম্নছবি: From Mughal Razmnama by Artist Hajji · Public domain

তেওঁ অশ্বমেয় যজ্ঞৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল যি পৰৱৰ্তীকালত যুধিষ্ঠিৰ দ্বাৰা পৰিচালিত হৈছিল। ৰতিৰ লগতে ভগবান শিৱৰ অনুগ্ৰহ অনুসৰি, তেওঁ তাৰ অৱতাৰ, বিদৰ্ভৰ ৰাজকন্যা তথা তেওঁৰ মামাৰ কন্যা ৰুক্মীৰ কন্যাক তেওঁ বিবাহ কৰিছিল। কথিত আছে যে, তেওঁ বীৰত্ব, সুদৰ্শন আৰু মনোমুগ্ধকৰ পৰিচয় পাইছিল আৰু তেওঁক ৰুক্মাৱতীৰ স্বয়ংবৰত বিয়া কৰোৱাৰ বাবে জোৰ কৰিছিল। তেওঁক বিষ্ণু, অনিৰুদ্ধৰ এটি অৱতাৰ হিচাবে বিবেচনা কৰিছিল। পৰৱৰ্তীত দ্বাৰকাত এটি নিশা কটাকটি হোৱাত প্ৰদ্যুম্নক হত্যা কৰা হয় লগতে বেছিভাগ যাদব যোদ্ধাৰে মৃত্যু হয়।

বংশধৰ

অনিৰুদ্ধ আছিল প্ৰদ্যুম্ন আৰু ৰুক্মৱতীৰ সন্তান। যিয়ে বাণাসুৰৰ (মহাবলীৰ পুত্ৰ) জীয়েক ঊষাক বিয়া কৰাইছিল। বাণাসুৰ আছিল শোণিতপুৰৰ (বৰ্তমানৰ তেজপুৰ) ৰজা। অনিৰুদ্ধৰ ককাক আছিল ভগৱান কৃষ্ণ আৰু আইতাক দেৱী ৰুক্মিণী।২ অনিৰুদ্ধৰ সন্তান আছিল বজ্ৰ (বা বজ্ৰনাভ)। কথিত আছে যে প্ৰদ্যুম্ন আৰু অৰ্জুনৰ পাৰদৰ্শিতা প্ৰায় সমকক্ষ আছিল।

বাহ্যিক সংযোজন

তথ্যসূত্ৰ

  1. ↑ (২০০১). জ্ঞান-বিজ্ঞানৰ সঁফুৰা. ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্‌. পৃ. ১৩৫
  2. ↑ কাকতি, ড॰ বাণীকান্ত. (ষষ্ঠ প্ৰকাশ (আগষ্ট ২০১৪)). পুৰণি অসমীয়া সাহিত্য. অসম প্ৰকাশন পৰিষদ. পৃ. ১৯-২৬

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদ্যুম্ন” প্ৰবন্ধৰ সংশোধন ৩১৮৪৫৮ (৩ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।