মহাভাৰতৰ চৰিত্ৰ
১১০ প্ৰবন্ধ
-
পৰাশৰ
সূৰ্যবংশৰ ৰজাবিলাকৰ কুলপুৰোহিত আছিল বশিষ্ঠ মুনি। বশিষ্ঠ মুনিৰ পুত্ৰ আছিল শক্তি আৰু সেই শক্তিৰেই পুত্ৰ আছিল পৰাশৰ (Parashara; पराशर)। সত্যৱতী বা মৎস্যগন্ধাৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ।
-
শকুন্তলা
হিন্দু ধৰ্মগ্ৰন্থত শকুন্তলা (Shakuntala, शकुन्तला) হ’ল দুষ্যন্তৰ পত্নী আৰু সম্ৰাট ভৰতৰ মাতৃ। তেওঁৰ কাহিনী মহাভাৰতত উল্লেখ আছে আৰু বহু লেখকে নাটক ৰচিছে, তেওঁ কালিদাসৰ নাটক 'অভিজ্ঞানম শকুন্তলম' নাটকৰ সুবিখ্যাত ৰূপটি আছিল।
-
উত্তৰা
উত্তৰা (Uttara) আছিল মৎসদেশৰ ৰজা বিৰাটৰ কন্যা, য’ত পাণ্ডৱসকলে বনবাসৰ সময়ত সেই মৎসদেশতে এবছৰ সময় কটাইছিল৷ তেওঁ অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ পত্নী আৰু পৰীক্ষিতৰ মাতৃ আছিল। তেওঁৰ মাকৰ নাম আছিল সুদেষ্ণা। তেওঁ উত্তৰ, স্বেতা আৰু শংকাৰ ভগ্নী আছিল।
-
চিত্ৰাংগদা
চিত্ৰাংগদা (चित्रांगदा) হিন্দু মহাগ্ৰন্থ মহাভাৰতৰ কাহিনীমতে ৰজা চিত্ৰবাহনৰ জীয়ৰী আৰু পাণ্ডৱ অৰ্জুনৰ এগৰাকী পত্নী। অৰ্জুন আৰু চিত্ৰাংগদাৰ বব্ৰুবাহনৰ নামৰ এক পুত্ৰ আছিল।
-
শকুনি
শকুনি (Shakuni) হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে। তেওঁ উলূক আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।
-
শান্তনু
শান্তনু (Shantanu) হৈছে হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ অনুসৰি হস্তিনাপুৰৰ মহাৰাজ প্ৰতীপৰ পুত্ৰ, গংগা দেৱী আৰু সত্যৱতীৰ পতি আৰু দেৱব্ৰত বা ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ পিতৃ আছিল। তেওঁ ভাৰত বংশৰ উত্তৰাধিকাৰী তথা পাণ্ডৱ আৰু কৌৰৱৰ পূৰ্বপুৰুষ আছিল।
-
হিড়িম্বী
হিড়িম্বী বা হিড়িম্বা (Hiḍimbī/Hiḍimbā, हिडिम्बी/हिडिम्बा) পাণ্ডৱ ভীমৰ পত্নী আৰু মহাভাৰতৰ মহান যোদ্ধা বীৰ ঘটোৎকচ মাতৃ আছিল। তেওঁ আদি পৰ্বৰ নৱম উপ-পৰ্ব (হিড়িম্বা-বধ পৰ্বত)-ত ভীমক লগ পায়। তেওঁক ভূটনদেৱী (भुटनदेवी) বা পল্লৱী (पल्लवी) বুলিও উল্লেখ কৰা হয়।
-
দময়ন্তী
দময়ন্তী (Damayanti) মহাভাৰতৰ বন পৰ্বত উল্লিখিত প্ৰেম কাহিনীৰ এটাৰ মুখ্য চৰিত্ৰ। তেওঁ বিদৰ্ভ ৰাজ ভীমৰ কন্যা আছিল। বিদৰ্ভ ৰাজ্যৰ ৰাজকুমাৰী দময়ন্তীয়ে নিষাধ ৰাজ্যৰ ৰজা নলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ভাৰতীয় ভাষাৰ বহুতো লেখকৰ অন্যান্য হিন্দু গ্ৰন্থতো তেওঁৰ উল্লেখ পোৱা যায়।
-
বিচিত্ৰবীৰ্য
কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত বিচিত্ৰবীৰ্য (विचित्रवीर्य, Vichitravirya)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল চিত্ৰাঙ্গদ।
-
মহাভাৰতৰ পাত্ৰ
মহাভাৰত, ভাৰতৰ প্ৰমুখ মহাকাব্য দুখনৰ ভিতৰত অন্যতম।
-
সাবিত্ৰী আৰু সত্যবান
হিন্দু ধৰ্মত সাবিত্ৰী আৰু সত্যবান (सावित्री আৰু सत्यवान्) এযোৰ কিংবদন্তীমূলক পতি-পত্নী। ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধাৰ বাবে তেওঁলোকৰ কাহিনী প্ৰখ্যাত। ৰাজকুমাৰী সাবিত্ৰীয়ে নিৰ্বাসিত ৰাজকুমাৰ সত্যবানক বিয়া কৰাইছিল।
-
অম্বা
অম্বা হৈছে হিন্দু মহাকাব্য মহাভাৰতৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কাশীৰ ৰজা কাশ্যৰ জ্যেষ্ঠ কন্যা আৰু অম্বিকা আৰু অম্বালিকাৰ ভগ্নী। অম্বাক কুৰু ৰাজকুমাৰ ভীষ্মই অপহৰণ কৰিছিল আৰু অম্বাই তেওঁৰ এই দুৰ্ভাগ্যৰ বাবে ভীষ্মক দায়ী কৰিছিল। পিছলৈ ভীষ্মৰ ধ্বংসয়েই অম্বাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰে।
-
কৃপাচাৰ্য
কৃপাচাৰ্য, যাক কৃপ বুলিও জনা যায়, পৌৰাণিক মহাভাৰতৰ কাহিনীৰ এগৰাকী ব্যক্তিত্ব। মহাকাব্য মহাভাৰতৰ মতে তেওঁ কুৰু ৰাজ্যৰ পৰিষদৰ সদস্য আৰু পাণ্ডৱ আৰু কৌৰৱ ৰাজকুমাৰৰ শিক্ষক আছিল। তেওঁ কৰ্ণকে ধৰি মহাভাৰতত উল্লেখ কৰা বহু যোদ্ধাৰ শিক্ষকো আছিল।
-
জন্মেজয়
জন্মেজয় বা জনমেজয় (Janamejaya) পাণ্ডৱ বংশৰ পৰীক্ষিত ৰজাৰ পুতেক। তেওঁৰ মাক আছিল মাদ্ৰৱতী। তেওঁৰ পিতৃ পৰীক্ষিত ৰজাক তক্ষক নাগে দংশি মাৰে। জনমেজয়ৰ পিতৃ পৰীক্ষিত ৰজা আছিল অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। শুকে তেওঁৰ (পৰীক্ষিত) আগত মহাভাগৱত কৈছিল।
-
দ্ৰুপদ
দ্ৰুপদ (द्रुपद) যজ্ঞসেন নামেও পৰিচিত (यज्ञसेन) হ'ল মহাভাৰতৰ এটি চৰিত্ৰ। তেখেত দক্ষিণ পাঞ্চাল ভূমিৰ ৰজা আছিল। তেখেতৰ ৰাজধানী কাম্পিল্য হিচাপে পৰিচিত আছিল। তেখেতৰ পিতৃৰ নাম আছিল পৃষত। তেখেত দ্ৰোণাচাৰ্যৰ বাল্য কালৰ বন্ধু আছিল। দ্ৰোণাচাৰ্যৰ আদেশত অৰ্জুনে দ্ৰুপদ ৰজাক বন্দী কৰিছিল।
-
মাদ্ৰী
মাদ্ৰী (Madri) হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ নকুল আৰু সহদেৱৰ মাতৃ তথা পাণ্ডুৰ পত্নী আৰু যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ মাহী মাক আছিল মদ্ৰৰ কুঁৱৰী মাদ্ৰী।
-
শিখণ্ডী
শিখণ্ডী (शिखण्डी, Śikhaṇḍī) হিন্দু মহাকাব্য মহাভাৰতৰ এক উভয়লিঙ্গী চৰিত্ৰ। তেওঁ শিখন্দিনী নামৰ মহিলা হিচাপে পাঞ্চালৰ ৰজা দ্ৰুপদৰ ঘৰত জন্ম গ্ৰহণ কৰে, অৱশ্যে পিছলৈ তেওঁ পুৰুষলৈ ৰূপান্তৰিত হয়। তেওঁ দ্ৰৌপদীৰ ভাতৃ। শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম।
-
হিন্দু ধৰ্মত যমুনা
যমুনা (Yamuna) হৈছে হিন্দু ধৰ্মৰ এক পৱিত্ৰ নদী আৰু হিন্দু ধৰ্মৰ আটাইতকৈ পৱিত্ৰ নদী গংগা (গঙ্গা) দেৱীৰ মুখ্য উপনদী। নদীখনক যমুনা নামৰ হিন্দু দেৱী হিচাপে পূজা কৰা হয়। যমুনাক প্ৰাৰম্ভিক গ্ৰন্থসমূহত য়ামি বুলি জনা যায়, আনহাতে পৰৱৰ্তী সাহিত্যত তেওঁক কালিন্দী বুলি কোৱা হয়।
-
উলূপী
উলূপী বা উলুপী (উলুচি বা উলূচি নামেৰেও খ্যাত) হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। নাগসকলৰ ৰজা কৌৰব্যৰ কন্যা উলূপী অৰ্জুনৰ চাৰিগৰাকী পত্নীৰ ভিতৰত দ্বিতীয় আছিল। বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণতো তেওঁৰ উল্লেখ আছে।
-
চিত্ৰাঙ্গদ
কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত চিত্ৰাঙ্গদ (चित्रांगद, Chitrāngada)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল বিচিত্ৰবীৰ্য্য।
-
দুৰ্বাসা
দুৰ্বাসা (दुर्वासा) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। দুৰ্বাসা ঋষি প্ৰবল ক্ৰোধৰ বাবে জনাজাত। পুৰাণ বৰ্ণিত আখ্যান অনুসৰি দুৰ্বাসা ঋষিৰ পিতৃ অত্ৰি আৰু মাতৃ অনসুয়া। ঋষি দুৰ্বাসা শিৱৰ অংশাৱতাৰ হিচাপেও জনা যায়। দুৰ্বাসা শব্দৰ অৰ্থ যাৰ সৈতে বাস কৰিব নোৱাৰি।
-
দেৱযানী
দেৱযানী ( Devayani; देवयानी, Devayānī) হিন্দু পৌৰাণিক কথা অনুসৰি দৈত্যগুৰু শুক্ৰাচাৰ্য্য আৰু উৰ্জস্বতীৰ জীয়ৰী। যযাতিৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানৰ জন্ম হৈছিল- যদু আৰু তুৰ্বসু। বিবাহৰ পূৰ্বে তেওঁ এবাৰ বৃহস্পতিৰ পুত্ৰ কচৰ প্ৰতি আসক্ত হৈছিল।
-
বিদুৰ
বিদুৰ মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ তথা কুৰু ৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু পাণ্ডৱ আৰু কৌৰৱৰ খুৰাক। তেওঁক ক্ষত্ৰি বুলিও জনা যায়।
-
ভীষ্মক
ভীষ্মক (भीष्मक), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা। তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়। তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।
-
বব্ৰুবাহন
বব্ৰুবাহন মণিপুৰ ৰাজ্যৰ ৰাজকন্যা চিত্ৰাংগদা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুতেক আছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিছিল, তেতিয়া বব্ৰুবাহনে মণিপুৰত ৰাজত্ব কৰিছিল। তেওঁ পাণ্ডৱৰ অশ্বমেধ ঘোঁৰা বন্দী কৰি থৈ পিতৃ অৰ্জুনৰ লগত যুদ্ধ কৰি অৰ্জুনক পৰাস্ত কৰে।
-
বিৰাট
বিৰাট (Virata; विराट) হৈছে হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰতৰ অনুসৰি মৎসদেশৰ ৰজা। তেওঁ উত্তৰ আৰু উত্তৰাৰ পিতৃ তথা অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ শহুৰ আছিল। তেওঁৰ পত্নী আছিল সুদেষ্ণা।
-
ভগীৰথ
ভগীৰথ (সংস্কৃত: भगीरथ) হিন্দু সাহিত্যৰ ইক্ষ্বাকু বংশৰ এজন কিংবদন্তিমূলক ৰজা। হিন্দু দেৱী গংগাক পবিত্ৰ গঙ্গা নদীৰ ৰূপত স্বৰ্গৰ পৰা তপস্যা কৰি পৃথিৱীলৈ নমাই অনাৰ কিংবদন্তিৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
ৰুক্মি
ৰুক্মি হিন্দু পৌৰাণিক গ্ৰন্থত প্ৰমাণিত বিদৰ্ভ ৰাজ্যৰ এজন ৰাজকুমাৰ। তেওঁ ভীষ্মক ৰজাৰ জ্যেষ্ঠ পুত্ৰ আৰু কৃষ্ণক বিয়া কৰোৱা ৰুক্মিণীৰ ভাতৃ। যুদ্ধ দক্ষতা আৰু কৃষ্ণ আৰু বলোৰামৰ দৰে বিশিষ্ট ব্যক্তিৰ সৈতে সংঘাতৰ বাবে পৰিচিত ৰুক্মিৰ জীৱন মহাভাৰত আৰু ভাগৱত পুৰাণৰ বিভিন্ন খণ্ডত বিশদভাৱে উল্লেখ কৰা হৈছে।
-
উদ্ধৱ
উদ্ধৱ (পৱনয়াধি হিচাপেও জনাজাত) হিন্দু ধৰ্মৰ পুৰাণিক শাস্ত্ৰসমুহত বৰ্ণিত এক উল্লেখযোগ্য চৰিত্ৰ। উদ্ধৱ ভগৱান বিষ্ণুৰ শ্ৰীকৃষ্ণ অৱতাৰত তেওঁৰ পৰামৰ্শদাতা আৰু পৰম বান্ধৱ হিচাপে চিত্ৰায়িত হৈছে।
-
দুষ্যন্ত
দুষ্যন্ত (Dushyanta, दुष्यन्त) শাস্ত্ৰীয় ভাৰতীয় সাহিত্য আৰু ভাৰতীয় ইতিহাসৰ (খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰ পূৰ্বে) এগৰাকী ৰজা। তেওঁ শকুন্তলাৰ স্বামী আৰু সম্ৰাট ভৰতৰ পিতৃ আছিল। তেওঁক মহাভাৰত আৰু কালিদাসৰ নাটক অভিজ্ঞানম শকুন্তলমত পোৱা যায়। সংস্কৃতত তেওঁৰ নামৰ অৰ্থ “দৈত্য ধ্বংসকাৰী।”