মহাভাৰতৰ মতে সহদেৱ হ'ল পঞ্চম পাণ্ডৱ। নকুলৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে। সহদেৱ ত্ৰিকালদৰ্শী আৰু পৰশু অস্ত্ৰৰ নিপুণ যোদ্ধা আছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সহদেৱ” প্ৰবন্ধৰ সংশোধন ৪০৩৮৪০ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।