ভৌগোলিক অঞ্চল
৪১ প্ৰবন্ধ
-
কুকুৰ গাঁও
কুকুৰ হৈছে মধ্য আলবেনিয়াৰ এলবাছান জিলাৰ এখন গাঁও আৰু পূৰ্বৰ এটা পৌৰসভা। ২০১৫ চনৰ স্থানীয় চৰকাৰী পুনৰ্গঠন অনুসৰি, ই গ্ৰামচ পৌৰসভাৰ এটা উপবিভাগ হিচাপে অন্তৰ্ভুক্ত হয়। ২০১১ চনৰ জনগণনাৰ অনুসৰি ইয়াৰ জনসংখ্যা আছিল ২,৫৬০ গৰাকী।
-
চেভিয়াৰ হ্ৰদ
চেভিয়াৰ হ্ৰদ আমেৰিকাৰ ইউটাহৰ মিলাৰ্ড কাউণ্টিৰ চেভিয়াৰ মৰুভূমিৰ আটাইতকৈ তলৰ অংশত অৱস্থিত এটা মাজে মাজে জলপূৰ্ণ হোৱা এণ্ড’ৰেইক হ্ৰদ। গ্ৰেট ছল্ট লেক আৰু ইউটা লেকৰ দৰেই ই প্লেইষ্টোচিন লেক বনেভিলৰ অৱশিষ্ট।
-
চেৰ’ ব্লাংকো
চিলিৰ চেণ্টিয়াগো চহৰৰ এটা পাহাৰ আৰু ঐতিহাসিক ল্যাণ্ডমাৰ্ক হৈছে চেৰ’ ব্লাংকো। এই ভৌগোলিক গঠন চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৮৯ মিটাৰ (২৯২ ফুট) ওখ আৰু ইয়াৰ পৃষ্ঠভাগ ২৮ হেক্টৰ (৬৯ একৰ) সামৰি লৈছে। ইয়াৰ পূবে ৰেকোলেটা এভিনিউ, দক্ষিণে ছাণ্টোছ ডুমণ্ট এভিনিউ আৰু উত্তৰে লা ইউনিয়ন ষ্ট্ৰীট আছে।
-
চেৰ’ ৰেংকা
চেৰ’ ৰেংকা (স্পেনিছ ভাষাত:ৰেংকা মানে পাহাৰ) হৈছে চিলিৰ ছাণ্টিয়াগো চহৰত উত্তৰ দিশত কুইলিকুৰা আৰু দক্ষিণে ৰেংকাৰ সীমান্তত থকা এটা পাহাৰ। এই ভৌগোলিক বৈশিষ্ট্য চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৩০০ মিটাৰ (৯৮০ ফুট) ওখত অৱস্থিত।
-
বাটালি পাহাৰ
বাটালি পাহাৰ বাংলাদেশৰ চিটাগং চহৰ থকা সৰ্বোচ্চ পাহাৰ। চহৰৰ মাজ-মজিয়াৰপৰা প্ৰায় ১ কিলোমিটাৰ নিলগত টাইগাৰ পাছ ক্ৰছিঙৰ ওচৰত অৱস্থিত আৰু খুলশী থানাৰ অন্তৰ্গত। প্ৰায় ২৮০ ফুট উচ্চতাত এই পাহাৰটো অবৈধ পাহাৰ খননৰ বাবে খহনীয়া আৰু ভূমিস্খলনৰ ভয়াবহতাৰ সন্মুখীন হয়।
-
বেদি (আৰ্মেনিয়া)
বেদি (Bedi) (আৰ্মেনিয়ান: Վեդի) আৰ্মেনিয়াৰ আৰাৰাট প্ৰদেশৰ বেদী পৌৰসভাৰ অন্তৰ্গত এখন চহৰ আৰু ই বেদী নদীৰ কাষত অৱস্থিত। বেদি ৰাজধানী ইয়েৰেভানৰ পৰা ৩৫ কিলোমিটাৰ (২২ মাইল) দক্ষিণে আৰু প্ৰাদেশিক কেন্দ্ৰ আৰ্থছাটৰ ১৮ কিলোমিটাৰ (১১ মাইল) দক্ষিণ-পূবে অৱস্থিত।
-
ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ
-
হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য
হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য (ডব্লিউ.ডব্লিউ.এফ. আই.ডি.: আইএম০১৬৯) (Hainan Island monsoon rain forests) পৰিৱেশ অঞ্চলে চীনৰ হাইনান দ্বীপত থকা পাহাৰীয়া অভ্যন্তৰীণ অঞ্চলক সামৰি লৈছে। গ্ৰীষ্মমণ্ডলীয় অৰণ্যসমূহত বছৰি ১,০০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়। গ্ৰীষ্মকালীন বৰষুণৰ বতৰত ইয়াৰ পৰিমাণ অধিক হয়।
-
হৰমুজ দ্বীপ
হৰমুজ দ্বীপ বা হৰমোজ অথবা অৰমোজ এটা পাৰ্চী উপসাগৰীয় ইৰাণী দ্বীপ।
-
ৰাছ হ্ৰদ
ৰাছ হ্ৰদ (বা ৰাছ ৰিজাৰ্ভাৰ বুলিও কোৱা হয়) আমেৰিকাৰ ইউটা ৰাজ্যৰ টুয়েলে কাউণ্টিৰ এটা অগভীৰ লৱণযুক্ত হ্ৰদ। ই বৰফ যুগত আমেৰিকাৰ পশ্চিম অংশ সামৰি লোৱা প্ৰাচীন হিমবাহৰ পিছৰ অন্তৰ্দেশীয় সাগৰ বনেভিল হ্ৰদৰ অৱশিষ্ট। এই হ্ৰদটো হৈছে গ্ৰেট ছল্ট লেকলৈ পানী বৈ যোৱা এটা নৈৰ প্ৰাকৃতিকভাবে আবদ্ধ এটা অংশ।
-
ৰেণ্ডা
ৰেণ্ডা (Renda) হৈছে লাটভিয়াৰ ক'ৰলেণ্ড অঞ্চলৰ কুল্ডিগা পৌৰসভাৰ উত্তৰ-পূব অংশত অৱস্থিত এখন ঐতিহাসিক গাঁও। এই গাঁওখন ৰেণ্ডা পেৰিছৰ প্ৰশাসনিক কেন্দ্ৰ। ২০২১ চনৰ জনগণনা অনুসৰি, ৰেণ্ডাৰ জনসংখ্যা ৩০৬ জন। ই লাটভিয়াৰ এজন প্ৰখ্যাত সৈনিক Pēteris Dzelzītis-ৰ জন্মস্থান হোৱাৰ বাবে বিখ্যাত।