ভাৰত
১০৬ প্ৰবন্ধ
-
আলামিক্কালী
আলামিক্কালী ( Alamikkali)ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ মাংগালোৰ আৰু কেৰালাৰ কাছাৰগোড়ৰ কিছু অঞ্চলত পালিত এক লোক উৎসৱ। এই উৎসৱে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় ঐক্যৰ পৰিচয় দিয়ে। কাছাৰগোড় জিলাত কানহাংগাড়ৰ সমীপত অৱস্থিত আলামীপল্লী।
-
আহমেদনগৰ দুৰ্গ
আহমেদ নগৰ দুৰ্গ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰৰ সমীপত ভিংগাৰ নলাৰ সমীপত আহমেদনগৰ দুৰ্গ অৱস্থিত। ই আছিল আহমেদনগৰ চুলতান ৰাজ্যৰ মুখ্য কাৰ্যালয়। ১৮০৩ চনত দ্বিতীয় এংলো-মাৰাঠা যুদ্ধৰ সময়ত ইংৰাজে দখল কৰে। ব্ৰিটিছ ৰাজৰ সময়ত ইয়াক কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
-
উদয়গিৰি আৰু খণ্ডগিৰি গুহা
উদয়গিৰি আৰু খণ্ডগিৰি গুহা, যাক পূৰ্বতে কট্টকা গুম্ফা বা কটক গুহা বুলি কোৱা হৈছিল, ভাৰতৰ ওড়িশাৰ ভুবনেশ্বৰ চহৰৰ পৰা ৩ কিলোমিটাৰ দক্ষিণে থকা প্ৰত্নতাত্ত্বিক, ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বৰ আংশিকভাৱে প্ৰাকৃতিক আৰু আংশিকভাৱে কৃত্ৰিম গুহা।
-
এডক্কল গুহা
এডক্কল গুহা হৈছে ভাৰতৰ কেৰেলাৰ ৱায়ানাদ জিলাৰ চুলথান বাথেৰীত এক দূৰৱৰ্তী স্থানত থকা দুটা প্ৰাকৃতিক গুহা। মহীশূৰৰ ওখ পৰ্বতমালাক মালাবাৰ উপকূলৰ বন্দৰসমূহৰ সৈতে সংযোগ কৰা এটা পুৰণি বাণিজ্যিক পথৰ ওচৰত অম্বুকুট্টি মালাত সমুদ্ৰপৃষ্ঠৰ পৰা ১২০০ মিটাৰ (৩৯০০ ফুট) উচ্চতাত অৱস্থিত।
-
ঐতিহাসিক চহৰ আহমদাবাদ
ঐতিহাসিক চহৰ আহমদাবাদ বা পুৰণি আহমেদাবাদ ভাৰতৰ এখন দেৱালযুক্ত চহৰ, ১৪১১ চনত গুজৰাট চুলতানীৰ প্ৰথম আহমদ শ্বাহে প্ৰতিষ্ঠা কৰিছিল। ই ছয় শতিকাজুৰি গুজৰাট ৰাজ্যৰ ৰাজধানী হিচাপে কাম কৰি পিছলৈ গুজৰাটৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰত পৰিণত হয়।
-
কলিংগ (অঞ্চল)
কলিংগ ভাৰতৰ এক ঐতিহাসিক অঞ্চল। ইয়াক সাধাৰণতে গংগা আৰু গোদাৱৰী নদীৰ মাজৰ পূব উপকূলীয় অঞ্চল বুলি সংজ্ঞায়িত কৰা হয় যদিও ইয়াৰ সীমা শাসকসকলৰ ভূ-খণ্ডৰ লগত উঠা-নমা কৰি আহিছে। কলিংগাৰ মূল ভূ-খণ্ডই এতিয়া সমগ্ৰ ওড়িশা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ কিছু অংশ সামৰি লৈছে।
-
কাংগিলু
কাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ এক পৰম্পৰাগত লোকনৃত্য। তুলু পঞ্জিকাৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য।
-
কুম্বৰজুৱা
কুম্বৰজুৱা হৈছে গোৱাৰ মাণ্ডোৱী নদীৰ এটা দ্বীপ আৰু নগৰ। গোৱাৰ ৰাজধানী পাঞ্জিমৰ পৰা ২০ কিলোমিটাৰ পূবে অৱস্থিত। ই মাণ্ডোভি আৰু জুয়াৰীৰ মাজৰ ছটা বৃহৎ দ্বীপৰ ভিতৰত এটা, বাকীকেইটা হ'ল: ইলহাছ দে গোৱা, চোৰাও, দিৱাৰ, চেন্ট এষ্টেভাম, ভানক্সিম আৰু... আন বহুতো সৰু সৰু মেংগ্ৰোভ দ্বীপ আৰু বালিৰ টিলা।
-
কৰ্ণালা দুৰ্গ
কৰ্ণালা দুৰ্গ ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ পানভেল চহৰৰপৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত থকা এটা পাহাৰীয়া দুৰ্গ বা ফানেল হিল বুলিও কোৱা হয় কৰ্ণালা দুৰ্গ। বৰ্তমান ই কৰ্ণালা পক্ষী অভয়াৰণ্যৰ ভিতৰত এক সংৰক্ষিত স্থান।
-
খাণ্ডেৰী দ্বীপ
খাণ্ডেৰী ভাৰতৰ মহাৰাষ্ট্ৰৰ উপকূলৰ কাষত মুম্বাইৰ দক্ষিণে অৱস্থিত এটা দুৰ্গ থকা দ্বীপ।
-
গৌড় অঞ্চল
গৌড় প্ৰাচীন আৰু মধ্যযুগীয় যুগত বংগ ত অৱস্থিত এটা ভূ-খণ্ড আছিল আৰু গৌড় ৰাজ্যৰ অংশ আছিল। প্ৰথমতে, ই সপ্তম শতিকাৰপৰা দ্বাদশ শতিকালৈ বৌদ্ধ পাল বংশৰ ৰাজধানী আছিল তাৰ পিছত দ্বাদশ শতিকাৰপৰা পঞ্চদশ শতিকালৈকে হিন্দু সেন বংশৰ ৰাজধানী আছিল যিটো পিছলৈ তুৰ্কীস্তানৰপৰা খিলজীসকলে আৰু পিছলৈ আফগানসকলে আৰু শেষত…
-
ঘণ্টাই মন্দিৰ
ঘণ্টাই মন্দিৰ ভাৰতৰ মধ্যপ্ৰদেশৰ খাজুৰাহো চহৰৰ এটা ধ্বংসপ্ৰাপ্ত দিগম্বৰা জৈন মন্দিৰ ঘন্টী মন্দিৰ বুলিও জনাজাত। পাৰ্শ্বনাথ মন্দিৰৰ দৰেই ইয়াকো জৈন তীৰ্থংকৰ ঋষভনাথ (আদিনাথ নামেৰেও জনাজাত)ৰ নামত উৎসৰ্গা কৰা হৈছিল।
-
চণ্ডীগড় কেপিটেল কমপ্লেক্স
চণ্ডীগড় কেপিটেল কমপ্লেক্স ( Chandigarh Capitol Complex) হৈছে ভাৰতৰ চণ্ডীগড়ত ছুইজাৰলেণ্ডৰ ফৰাচী স্থপতিবিদ লে কৰ্বিজিয়েৰ আৰু তেওঁৰ সহকৰ্মীসকলে ডিজাইন কৰা এটা চৰকাৰী চৌহদ।
-
চমথিং লাইক এ ৱাৰ
চমথিং লাইক এ ৱাৰ (Something Like a War) হ'ল ১৯৯১ চনত দীপা ধনৰাজৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ। ইয়াত ভাৰতৰ পৰিয়াল পৰিকল্পনা কাৰ্যসূচী পৰীক্ষা কৰা হৈছে যিটো ই মূলতঃ প্ৰভাৱিত কৰা লিংগটোৰ ওপৰত আবদ্ধ আছিল: মহিলা।
-
চেলা সুৰংগ
চেলা সুৰংগ অসমৰ গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত সৰ্ববতৰ সংযোগৰ সুবিধা প্ৰদান কৰা ৩,০০০ মিটাৰ (৯,৮০০ ফুট) উচ্চতাৰ এটা পথ সুৰংগ হৈছে ছেলা সুৰংগ। ১৩ হাজাৰ ফুট উচ্চতাৰ এই সুৰংগটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল দুলেনযুক্ত সুৰংগ।
-
ছানী সিং
ছানী সিং এফ আৰ এছ এল ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী শিক্ষাবিদ আৰু কল্পকাহিনী আৰু সৃষ্টিশীল অকল্পকাহিনীৰ লেখক। লণ্ডন মেট্ৰ’পলিটান বিশ্ববিদ্যালয়ৰ কলাৰ সৃষ্টিশীল লেখা আৰু অন্তৰ্ভুক্তিৰ অধ্যাপিকা।
-
ছিৰপুৰ মহাসমুন্দ
ছিৰপুৰ ছত্তীশগড় ৰাজ্যৰ মহাছামুণ্ড জিলাৰ এখন গাঁও, মহানদী নদীৰ পাৰত, মহাসমুন্দ চহৰৰপৰা ৩৫ কিলোমিটাৰ আৰু ৰায়পুৰৰপৰা ৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাচীন কালত ছিৰপুৰ পাণ্ডুবংশী বংশৰ ৰাজধানী আছিল।
-
জয়পাল (হিন্দুশ্বাহী বংশৰ ৰজা)
জয়পাল ৯৬৪ চনৰপৰা ১০০১ চনলৈকে হিন্দু শ্বাহী বংশৰ শাসক আছিল। পশ্চিমে লঘ্মানৰপৰা পূবে কাশ্মীৰলৈকে আৰু ছিৰহিন্দৰপৰা মুলতানলৈকে বিস্তৃত অঞ্চলত তেওঁ শাসন কৰিছিল। তেওঁ হুৎপালৰ পুত্ৰ আৰু আনন্দপালৰ পিতৃ।
-
জিঞ্জি দুৰ্গ
জিঞ্জি দুৰ্গ বা চেঞ্জি দুৰ্গ (Gingee Fort or Senji Fort; চেঞ্জী, চাঞ্চি, জিনজি বা চেঞ্চি বুলিও জনাজাত) হৈছে ভাৰতৰ তামিলনাডুৰ জীয়াই থকা দুৰ্গসমূহৰ ভিতৰত অন্যতম। ইয়াক জনপ্ৰিয়ভাৱে 'দক্ষিণ ভাৰতৰ গ্ৰেট ৱাল' বুলি জনা যায়।
-
জুনাগড় ফৰ্ট
জুনাগড় ফৰ্ট ভাৰতৰ ৰাজস্থানৰ বিকানেৰ চহৰৰ এটা দুৰ্গ। প্ৰথমে এই দুৰ্গটোৰ নাম চিন্তামণি আছিল আৰু ২০ শতিকাৰ আৰম্ভণিতে শাসক পৰিয়ালটো দুৰ্গৰ সীমাৰ বাহিৰত লালগড় প্ৰাসাদলৈ স্থানান্তৰিত হোৱাৰ লগে লগে ইয়াৰ নাম জুনাগড় বা "পুৰণি দুৰ্গ" ৰখা হৈছিল। ৰাজপৰিয়ালৰ কেডেট শাখাৰ সদস্যসকলে গড়টোত বাস কৰি থাকিল।
-
ডিউ দ্বীপ
ডিউ দ্বীপ বা দিউ দ্বীপ হৈছে গুজৰাটৰ কাঠিয়াৱাৰ উপদ্বীপৰ দক্ষিণ উপকূলত থকা এটা দ্বীপ, যিটো মূল ভূখণ্ডৰ পৰা জোৱাৰ-ভাটাৰ খালৰ দ্বাৰা পৃথক। ইয়াৰ আয়তন ৩৮ কিলোমিটাৰ বৰ্গফুট, আৰু জনসংখ্যা ৪৪,১১০ (২০০১ চনৰ লোকপিয়ল)।
-
দিল্লী গলফ ক্লাব
দিল্লী গলফ ক্লাব (DGC) ভাৰতৰ দিল্লীত অৱস্থিত এটা প্ৰখ্যাত গলফ ক্লাব। সদস্যপদ পোৱাটো অতি কঠিন, নতুন সদস্যৰ বাবে ৫০ বছৰৰো অধিক অপেক্ষাৰ সময়। ই দিল্লীৰ শীৰ্ষ পৰ্যটনস্থলী যেনে ইণ্ডিয়া গেট, হুমায়ুনৰ সমাধিক্ষেত্ৰ, দিল্লী চিৰিয়াখানা আৰু লোধি উদ্যানৰ ওচৰত।
-
দিল্লী হাট
দিল্লী হাট হৈছে ভাৰতৰ দিল্লীত অৱস্থিত এখন প্ৰৱেশ-মূল্য দি সোমোৱাৰ ব্যৱস্থা থকা মুকলি বজাৰ, ফুড প্লাজা আৰু হস্তশিল্প থলী। এই অঞ্চলটো দিল্লী পৰ্যটন আৰু পৰিবহণ উন্নয়ন নিগমে (ডিটিটিডিচি) পৰিচালনা কৰে। ই গাওঁ অঞ্চলত বহা পৰম্পৰাগত সাপ্তাহিক বজাৰৰ দৰে নহয়; দিল্লী হাট এক স্থায়ী বজাৰ।
-
নুন চায় (কাশ্মীৰৰ চাহ)
নুন চায় (কাশ্মীৰী উচ্চাৰণ: [nuːnɨ t͡ʃaːj]) বা শীৰ চায় (কাশ্মীৰী চাহ, গোলাপী চাহ আৰু গুলাবি চাহ বুলিও জনা যায়। এয়া কাশ্মীৰৰপৰা উৎপত্তি হোৱা এটা পৰম্পৰাগত চাহ পানীয়। ইয়াক বাৰুদৰ চাহ (সেউজীয়া চাহৰ পাত সৰু সৰু বলত গুটিয়াই লোৱা), গাখীৰ আৰু বেকিং চোডাৰপৰা তৈয়াৰ কৰা হয়।
-
নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী
নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী ভাৰতৰ নতুন দিল্লীত অৱস্থিত প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা সংগ্ৰহালয় আছিল। ১৯৭২ চনত স্থাপিত আৰু ১৯৭৮ চনত মুকলি হোৱা এই সংগ্ৰহালয়টোৱে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনত কাম কৰিছিল।
-
নেপাল ১
নেপাল ১ (নেপাল ৱান) হ'ল ভাৰতৰ প্ৰথমটো নেপালী ভাষাৰ চেটেলাইট তথ্য-মনোৰঞ্জন চেনেল, যি নতুন দিল্লীৰপৰা প্ৰচাৰিত হৈছিল। ২০০৪ চনৰপৰা ২০১৫ চনলৈ ভূটানত এই চেনেলটো অতি জনপ্ৰিয় হৈছিল, বিশেষকৈ ইয়াৰ ‘ব্ৰেকিং নিউজ’ আৰু সংবাদ অনুষ্ঠানসমূহৰ বাবে, কাৰণ তেতিয়া ভূটানত চেটেলাইট চেনেলৰ সংখ্যা অতি কম আছিল।
-
পাংচাউ পাছ
পাংচাউ পাছ বা পান চাউং পাছ (বাৰ্মিজ: ပန်ဆေလမ်းကြောင်းာ) ৩,৭২৭ ফুট উচ্চতাত (১,১৩৬ মিটাৰ) ভাৰত-ম্যানমাৰ সীমান্তৰ পাটকাই পাহাৰৰ শিখৰত অৱস্থিত এটা পাছ। পাছটোৱে অসম সমভূমিৰ পৰা বাৰ্মালৈ যোৱা আটাইতকৈ সহজ পথবোৰৰ এটা।
-
পাৰাণ্ডা দুৰ্গ
পাৰাণ্ডা দুৰ্গ মহাৰাষ্ট্ৰ ৰাজ্যৰ ওছমানবাদ জিলাৰ এখন সৰু চহৰ পাৰাণ্ডাত অৱস্থিত পাৰাণ্ডা দুৰ্গ। ই ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰদ্বাৰা সংৰক্ষিত স্মৃতিসৌধ। এই দুৰ্গটো ১৫ শতিকাত মাহমুদ গৱানে বা ১৬০০ চনৰ আৰম্ভণিতে দ্বিতীয় মুৰ্তাজা নিজাম শ্বাহে নিৰ্মাণ কৰিছিল।
-
পিৰাম দ্বীপ
পিৰাম দ্বীপ বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।
-
প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ
প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ (ডিএফআৰএল) হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ ভাৰতীয় প্ৰতিৰক্ষা পৰীক্ষাগাৰ। কৰ্ণাটকৰ মহীশূৰত অৱস্থিত ই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে বিভিন্ন খাদ্য প্ৰত্যাহ্বানসমূহ পূৰণ কৰিবলৈ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু সামগ্ৰীৰ গৱেষণা আৰু বিকাশ…