ভাৰতৰ সংস্কৃতি
৯৯ প্ৰবন্ধ
-
সন্মান ৰক্ষাৰ্থে হত্যা
সন্মান ৰক্ষাৰ্থে হত্যা (Honor killing) হৈছে পৰিয়ালৰ কোনো সদস্যক পৰিয়ালৰ সন্মান হানি কৰাৰ অপৰাধত কৰা হত্যা। বা কোনো সমুদায় বা ধৰ্মৰ নিৰ্ধাৰিত নীতি-নিয়ম উলংঘা কৰাৰ বাবে কৰা হত্যা।
-
অন্তৰীয়
অন্তৰীয় (Antariya) শৰীৰৰ তলৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ই ভৰিৰ মাজেৰে পাৰ হৈ যোৱা কপাহৰ এখন দীঘল বগা বা ৰঙীন পটি আৰু ভৰিবোৰ ঢিলাকৈ ঢাকি ৰাখে। ইয়াৰ লগতে ভৰিৰ সন্মুখত দীঘল কোঁচ হিচাপে প্ৰবাহিত হয়। অন্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই ধুতিৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়।
-
ওঁ নমঃ শিৱায়
ওঁ নমঃ শিৱায় (Devanagari: ॐ नमः शिवाय; IAST: Oṃ Namaḥ Śivāya) হিন্দু ধৰ্মৰ জনপ্ৰিয় মন্ত্ৰ আৰু শৈৱ ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহামন্ত্ৰ। নমঃ শিৱায়ৰ অৰ্থ হৈছে "পৰমেশ্বৰক নমস্কাৰ!", বা "ভগৱান শিৱক প্ৰণাম।" এই মন্ত্ৰটোক শিৱ পঞ্চাক্ষৰ বা পঞ্চাক্ষৰ অৰ্থাৎ "পঞ্চবৰ্ণ" মন্ত্ৰ (অৰ্থাৎ ওঁ বাদ দি) বুলি কোৱা…
-
কুম্ভ
কুম্ভ (कुम्भ) ভাৰতৰ এক প্ৰকাৰৰ মৃৎশিল্প। পৰম্পৰাগতভাৱে ইয়াক কুম্ভৰসকলে তৈয়াৰ কৰে, যাক প্ৰজাপতি স বুলিও কোৱা হয়। হিন্দু, জৈন আৰু বৌদ্ধ পৌৰাণিক আখ্যানৰ প্ৰেক্ষাপটত, কুম্ভ গৰ্ভৰ প্ৰতীক।
-
গোটিপুৱা নৃত্য
গোটিপুৱা নৃত্য ( Gotipua) হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা পৰম্পৰাগত নৃত্যৰ ধৰণ আৰু ওডিচি শাস্ত্ৰীয় নৃত্যৰ পূৰ্বসূৰী। যুগ যুগ ধৰি ওড়িশাত সৰু ল’ৰা-ছোৱালীয়ে পৰিবেশন কৰি আহিছে, যিসকলে মহিলাৰ সাজ-পোছাক পৰিধান কৰি জগন্নাথ আৰু কৃষ্ণৰ প্ৰশংসা কৰে।
-
বড়ো সংস্কৃতি
বড়ো সংস্কৃতি অসমৰ বড়ো জনগোষ্ঠীৰ সংস্কৃতি। দীৰ্ঘদিন ধৰি বড়োসকল মীনপালন, হাঁহ-কুকুৰা, গাহৰি পালন, ধান-পাট খেতি, সুমথিৰা বাগিচাৰ প্ৰবল পৰম্পৰা থকা কৃষি সমাজত বাস কৰা কৃষক। তেওঁলোকে নিজেই নিজৰ পৰম্পৰাগত সাজ-পোছাক ঘৰতে তৈয়াৰ কৰে। বড়ো সকলৰ সমাজ সংস্কাৰ হৈছিল ব্ৰহ্ম ধৰ্মৰ যোগেদি।
-
বৰমালা
বৰমালা বা জয়মালা (Varmala) ভাৰতীয় উপমহাদেশৰ বিশেষকৈ হিন্দু সংস্কৃতিৰ জনপ্ৰিয় বিবাহ অনুষ্ঠানৰ প্ৰতীক বিবাহৰ মালা। আঞ্চলিক পৰম্পৰা অনুসৰি বৰমালা ফুল আৰু বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা হয়।
-
ভাংৰা (সংগীত)
ভাংৰা (পঞ্জাবী উচ্চাৰণ: [ˈpə̀ŋɡ(ə)ɽaː] ) হৈছে ব্ৰিটেইন, বিশেষকৈ চাউথলত উৎপত্তি হোৱা পঞ্জাবৰ এক প্ৰকাৰৰ অগতানুগতিক সংগীত। ব্ৰিটেইনৰ পঞ্জাবী প্ৰব্ৰজনকাৰীৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ জনপ্ৰিয় সংগীত। এই শৈলীৰ উৎপত্তি পঞ্জাৱৰ লোক-সংগীতৰ লগতে ১৯৭০ আৰু ১৯৮০ চনৰ পশ্চিমীয়া পপ সংগীতৰ পৰাই হৈছে।
-
মহাৰী নৃত্য
মহাৰী ( Mahari) হৈছে পূব ভাৰতৰ ওড়িশা ৰাজ্যত গঠন কৰা এক আচাৰ-ব্যৱহাৰৰ নৃত্য। যিটো আগতে পুৰীৰ ভগৱান জগন্নাথৰ মন্দিৰত মহৰি নামৰ দেৱদাসী নৃত্যশিল্পীসকলে পৰিৱেশন কৰিছিল। দেৱদাসী ব্যৱস্থা বিলুপ্ত হোৱাৰ পিছত জগন্নাথ মন্দিৰত এই নৃত্য বন্ধ কৰি দিয়া হৈছে যদিও বৰ্তমান বহু স্থানত মঞ্চত পৰিবেশন কৰা হয়।
-
মহুলি
মহুলি বা মহুৱা (ওড়িয়া: ମହୁଲି) হৈছে উত্তৰ আৰু পশ্চিম ওড়িশা, ছত্তীসগঢ়, ঝাৰখণ্ড আৰু উত্তৰ মহাৰাষ্ট্ৰৰ আদিবাসীসকলে বিভিন্ন অনুষ্ঠানত সেৱন কৰা একপ্ৰকাৰৰ মাদক পানীয় (মদ)। ইয়াক মহুল (মহুৱা) গছৰ ফুলৰপৰা বিশেষ কিম্বন প্ৰক্ৰিয়াৰ জৰিয়তে তৈয়াৰ কৰা হয়। সাধাৰণতে ইয়াত এলকহলৰ পৰিমাণ ২৫–৪৫% থাকে।
-
মিৰ্জা চাহিবান
মিৰ্জা চাহিবান ( Mirza Sahiban) হৈছে প্ৰথমে ১৭ শতিকাৰ কবি পিলুৱে লিখা এখন পৰম্পৰাগত পাঞ্জাবী ট্ৰেজেডী। ঝাঙৰ এখন গাঁৱত পৰিৱেশিত এই ট্ৰেজেডীখনে নিজ নিজ বংশৰ মুখিয়াল পৰিয়ালৰ যুৱক-যুবতীৰ মাজত হোৱা ৰোমাঞ্চ, তেওঁলোকৰ পলায়ন আৰু অৱশেষত মৃত্যুৰ পিছত লয়।
-
যোগ-প্ৰদীপিকা
যোগ প্ৰদীপিকা (जोगप्रदीपिका) ১৭৩৭ চনত হিন্দী, ব্ৰজ ভাষা, খৰী বোলি আৰু সংস্কৃতৰ ওচৰৰ ৰূপৰ মিশ্ৰণত ৰচনা কৰা ৰামানন্দী জয়তৰামৰ এখন হঠযোগ গ্ৰন্থ। ইয়াত ৬টা শুদ্ধিকৰণ পদ্ধতি , ৮৪টা আসন, ২৪টা মুদ্ৰা আৰু ৮টা কুম্ভক উপস্থাপন কৰা হৈছে ১৮৩০ চনৰ এখন পাণ্ডুলিপিত ৮৪খন আসনৰ চিত্ৰৰে এই গ্ৰন্থখনৰ চিত্ৰণ কৰা হৈছে,…
-
অৰঞ্জনা চাৰাডু
অৰঞ্জনা চাৰাডু বা অৰৈঞাণ কায়িৰু (মালয়ালম: അരഞ്ഞാണ ചരട്; তামিল: அரைஞாண் கயிறு; তেলুগু: మొలతాడు) হৈছে দক্ষিণ ভাৰতত প্ৰচলিত এক পৰম্পৰাগত প্ৰথা। এই প্ৰথা বিশেষকৈ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত দেখা যায়।
-
আলতা
আলতা হৈছে হাত আৰু ভৰিৰ ওপৰত প্ৰয়োগ কৰা এবিধ প্ৰকাৰৰ তৰল ৰঙা ৰং। ভাৰতীয় উপমহাদেশৰ বিশেষকৈ বাংলাদেশ, নেপাল আৰু পূব ভাৰতৰ পশ্চিম বংগ, বিহাৰ, অসম, ত্ৰিপুৰা আৰু ওড়িশাত আলতাৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ বিবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠান উপলক্ষে কপাহৰ সহায়ত প্ৰয়োগ কৰা হয়।
-
ওট্টান থুল্লাল
ওট্টান থুলাল বা অট্টামথুল্লাল ( Ottan Thullal) ভাৰতৰ কেৰালাৰ এটা আবৃত্তি-নৃত্য(নৃত্য-নাটিকা)ৰ এক কলা-ৰূপ। অষ্টাদশ শতিকাৰ প্ৰাচীন কবিত্ৰয়ম(তিনিজন বিখ্যাত মালয়ালম ভাষাৰ কবি)ৰ মাজৰ এজন, কুঞ্চন নাম্বিয়াৰে এই কলাৰ প্ৰৱৰ্তন কৰিছিল।
-
কলকাতাৰ দুৰ্গা পূজা
কলকাতাৰ দুৰ্গা পূজা (Durga Puja in Kolkata) হৈছে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ইয়াত হিন্দু মাতৃ দেৱী দুৰ্গাৰ পূজা চিহ্নিত কৰা হয়। এই উৎসৱ পশ্চিমবংগৰ ৰাজধানী কলকাতাত বঙালীসকলৰ বৃহত্তম উৎসৱৰ লগতে বৃহত্তম ধৰ্মীয় উৎসৱ।
-
কেদ্দাছো
কেদ্দাছো, কেদ্দাসোৱে বা কেদ্দাছা বা ভূমি পুজে বুলিও বানান কৰে, দক্ষিণ ভাৰতৰ তুলুনাডু অঞ্চলত "পৃথিৱী মাতৃ পূজাৰ উৎসৱ" বুলি জনপ্ৰিয়ভাৱে জনা যায়। পৃথিৱী মাতৃ (ভূমি দেৱী) ঋতুস্ৰাৱ হয় আৰু তুলুনাডুত ‘কেদ্দাছা’ৰ নামত এই দিনটো সামগ্ৰিকভাৱে পালন কৰা হয়।
-
গামছা
গামছা (বা গামচা, গামুছা (ওড়িয়া), গামোচা (অসমীয়া) আৰু অংগোছা ) হৈছে পৰম্পৰাগত মোটা কপাহী কাপোৰৰ আয়তাকাৰ টুকুৰা, কেতিয়াবা চেকযুক্ত ডিজাইনৰ, যিটো ভাৰতীয় উপমহাদেশৰ পুৰুষে পৰম্পৰাগত গামোচা হিচাপে পিন্ধে, প্ৰধানকৈ পূব ভাৰতত (অসমকে ধৰি), বাংলাদেশত, লগতে নেপালৰ পূব তেৰাই গামছা পিন্ধা হয়।
-
চিচা (এম্ব্ৰয়ডাৰী)
শিশেহ বা চিচেহ বা চিচা, কাৱান জো কাম বা অভলা ভাৰত এম্ব্ৰয়ডাৰী ( ফাৰ্চী شيشه,; आभाला भरत, গুজৰাটী: આભલા ભરત), সিন্ধী: ڪاون جو ڪم, বা দাপোন-কাজ, হৈছে এক প্ৰকাৰৰ এম্ব্ৰয়ডাৰী যি আইনা বা প্ৰতিফলিত ধাতুৰ সৰু টুকুৰা কাপোৰৰ লগত সংলগ্ন কৰা হয়।
-
দপ্পন কুথু
দপ্পন কুথু ( Dappan kuthu) দক্ষিণ ভাৰতৰ তামিনাডু এক লোক উৎসৱ৷ দপ্পন কুথু বা কুথু হৈছে দক্ষিণ ভাৰতীয় ৰাজ্যত পৰিবেশন কৰা পাৰ্কাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা লোক নৃত্য আৰু সংগীতৰ ধাৰা।
-
দশমা ব্ৰত
দশমা ব্ৰত হৈছে বছৰি পালন কৰা ১০ দিনীয়া হিন্দু উৎসৱ বা ব্ৰত (ধৰ্মীয়), প্ৰধানকৈ ভাৰতৰ গুজৰাট আৰু দিউ ৰাজ্যত পালন কৰা হয়। এই ব্ৰত সাধাৰণতে হিন্দু আষাৰ মাহৰ অমাৱস্যাত জুলাই–আগষ্ট মাহত পালন কৰা হয়। চৈত্ৰ মাহত (মাৰ্চ মাহৰ)ও বহুতে ব্ৰত পালন কৰে। এই ব্ৰত দশমা বা মোমাই মাতা দেৱীক উৎসৰ্গা কৰা হয়।
-
নাগনেচিয়া মাতা
নাগনেচিয়া মাতা বা নাগানেচি মাতা (চক্ৰেশ্বৰী বুলিও জনা যায়) হিন্দু দেৱী দেৱীৰ এটা ৰূপ। তেওঁ বিকানেৰ ৰাজ্যৰ মাৰৱাৰ ৰাজ্যৰ ৰাথোৰ ৰাজপুতসকলৰ কুলদেৱী আৰু তেওঁৰ মূল মন্দিৰ ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ নগানা গাঁৱত অৱস্থিত।
-
বঙালী নাম
বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়।
-
বাপ্পিৰিয়ান থেয়াম
বাপ্পিৰিয়ান থেয়াম (বাপিৰিয়ান বুলিও বানান কৰা হয়) ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পৰিবেশন কৰা এক থেয়াম (নৃত্য)। ই এক প্ৰকাৰৰ মাপিলা থেয়াম। মুছলমান বুলি বিশ্বাস কৰা বাপিৰিয়ান আৰু হিন্দু দেৱী আৰিয়া পুনকণিৰ মিথ কেৰালাত হিন্দু-ইছলাম ধৰ্মীয় সমন্বয়ৰ নিদৰ্শন।
-
ভাৰতীয় লোক-সংগীত
ভাৰতৰ বিপুল সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবেই ভাৰতীয় লোক-সংগীত বৈচিত্ৰ্যপূৰ্ণ। এই বিশাল ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলত, বিভিন্ন ভাষা আৰু উপভাষাত নিজা নিজা লোক-সংগীত গোৱা হয় আৰু প্ৰব্ৰজনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰতীয় লোক-সংগীতে প্ৰসাৰ লাভ কৰিছে।
-
ভাৰতৰ সাংস্কৃতিক ইতিহাস
ভাৰতীয় সংস্কৃতি (ইংৰাজী: Indian culture) প্ৰায়ে কেইবাটাও সংস্কৃতিৰ সংমিশ্ৰণ হিচাপে অভিহিত কৰা হয়, যি সিন্ধু উপত্যকা সভ্যতা আৰু অন্যান্য প্ৰাচীন সাংস্কৃতিক ক্ষেত্ৰসমূহৰপৰা আৰম্ভ হোৱা কেইবা হাজাৰ বছৰ পুৰণি ইতিহাসৰদ্বাৰা প্ৰভাবিত হৈছে।
-
মংগল সূত্ৰ
মংগল সূত্ৰ (Mangala sutra) হিন্দু সংস্কৃতিত বিশেষকৈ ভাৰতীয় উপমহাদেশত প্ৰচলিত বিবাহিত মহিলাসকলে ডিঙিত পৰিধান কৰা পৱিত্ৰ অলংকাৰ। হিন্দু ৰীতি-নীতিৰে কৰোৱা বিবাহত দৰায়ে কইনাক মংগল সূত্ৰ পৰিধান কৰায়। বিবাহিত সধৱা তিৰোতায়ে গোটেই জীৱন মংগল সূত্ৰ পৰিধান কৰে।
-
মোমাই মাতা দেৱী
মোমাই বা মোমাই মাতা যাক দশমা নামেৰেও জনা যায়, এগৰাকী গুজৰাট ৰাজ্যৰ আঞ্চলিক হিন্দু দেৱী, বিশেষকৈ কুচ্চৰ মৰুভূমি অঞ্চলত এই দেৱী অধিক জনপ্ৰিয়।
-
লাঠমাৰ হোলী
লাঠমাৰ হোলী (Lathmar Holi) অৰ্থাৎ লাঠিৰে খেলা হোলী যঁজা চহৰ হিচাপে জনাজাত বৰছানা আৰু নন্দগাঁৱত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ; এই দুই চহৰক ক্ৰমে ৰাধা আৰু কৃষ্ণ নগৰ বুলিও জনা যায়। প্ৰতি বছৰে হোলীৰ সময়ছোৱাত হাজাৰ হাজাৰ ভক্ত আৰু পৰ্যটক এই চহৰদুখনলৈ গৈ এই উৎসৱ উদযাপন কৰে।
-
শালভঞ্জিকা
শালভঞ্জিকা বা শলাভঞ্জিকা হৈছে ভাৰতীয় শিল্প আৰু সাহিত্যত বিভিন্ন অৰ্থৰ সৈতে পোৱা এটা শব্দ। বৌদ্ধ শিল্পত, ইয়াৰ অৰ্থ হৈছে কাষত থকা মহিলা বা যক্ষীৰ প্ৰায়ে গছত ধৰি থকা প্ৰতিমূৰ্তি বা শাল গছৰ তলত সিদ্ধাৰ্থ (বুদ্ধ)ক জন্ম দিয়া মায়াৰ উল্লেখ।