অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আলতা

আলতা হৈছে হাত আৰু ভৰিৰ ওপৰত প্ৰয়োগ কৰা এবিধ প্ৰকাৰৰ তৰল ৰঙা ৰং। ভাৰতীয় উপমহাদেশৰ বিশেষকৈ বাংলাদেশ, নেপাল আৰু পূব ভাৰতৰ পশ্চিম বংগ, বিহাৰ, অসম, ত্ৰিপুৰা আৰু ওড়িশাত আলতাৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ বিবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠান উপলক্ষে কপাহৰ সহায়ত প্ৰয়োগ কৰা হয়।

হালনাগাদ: ১০ মে’ ২০২৫ ৪৬৭ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আলতা হৈছে হাত আৰু ভৰিৰ ওপৰত প্ৰয়োগ কৰা এবিধ প্ৰকাৰৰ তৰল ৰঙা ৰং।১ ভাৰতীয় উপমহাদেশৰ বিশেষকৈ বাংলাদেশ, নেপাল আৰু পূব ভাৰতৰ পশ্চিমবংগ, বিহাৰ, অসম, ত্ৰিপুৰা আৰু ওড়িশাত আলতাৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ বিবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠান উপলক্ষে কপাহৰ সহায়ত প্ৰয়োগ কৰা হয়।২ বিবাহিত মহিলা আৰু ছোৱালীয়ে আলতা লগায়। পাৰম্পৰিক ভাৱে নৱবিবাহিত কইনাসকলে আলতাৰে ৰঙা কৰা ভৰিৰে তেওঁলোকৰ নতুন ঘৰত সোমাইছিল। আৰম্ভণিতে আলতা পাণৰ ৰসৰ পৰা তৈয়াৰ কৰা হৈছিল। যদিও পিছলৈ ইয়াক পাণ পাতৰ পৰিৱৰ্তে লাৰে তৈয়াৰ কৰা হৈছিল। বৰ্তমান লাৰ পৰা প্ৰস্তুত কৰা প্ৰাকৃতিক বা সংশ্লেষিত কৃত্ৰিম ৰঙৰ জৰিয়তে ইয়াক তৈয়াৰ কৰা হয়। আলতাৰ তাৎপৰ্য হৈছে যে ই দেখাত তেজৰ দৰে, যি হৈছে প্ৰাচুৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক। এয়া সজ্জাৰ এক সৰল প্ৰয়োগ যদিও আলতাৰ সৈতে জটিল ডিজাইন কৰাটো অসম্ভৱ। সহজে কপাহৰ সৈতে ৰং বুলাব পাৰি যি যিকোনো ব্যক্তিয়ে কৰিব পাৰে আৰু শৈল্পিক দক্ষতাৰ প্ৰয়োজন নহয়।৩৪ ইয়াৰ সুবিধা হ'ল ই জেতুকাৰ তুলনাত সোনকালে শুকাই যায়।

উৎপত্তি

বাংলাদেশী মুছলমান কইনা এগৰাকীৰ আলতা বুলোৱা হাত
বাংলাদেশী মুছলমান কইনা এগৰাকীৰ আলতা বুলোৱা হাতছবি: Jubair1985 · CC BY-SA 4.0

আলতাক আলক্ত, লাক্ষাৰস, অলকত, লাক্ষা আদি নামেৰে জনাজাত। উপনিষদ্‌ত ইয়াৰ বিষয়ে উল্লেখ পোৱা যায়। ইয়াক 'ষোল্ল শৃংগাৰ' বা ১৬টা কইনাৰ শোভাৰ এটা সজ্জাৰ পৰ্যায় হিচাপে পোৱা গৈছে। ভগৱান কৃষ্ণৰ পৌৰাণিক বৰ্ণনাত পোৱা গৈছে যে তেওঁৰ প্ৰিয় ৰাধাৰ ভৰিত আলতা প্ৰয়োগ কৰিছিল। অৱশ্যে ভাৰতৰ ইছলামিক আগ্ৰাহণে ইয়াৰ নতুন ৰীতি-নীতি আৰু পৰম্পৰাৰ সৈতে আনিছিল - হেনা বা মেহেন্দী সেইবোৰৰ ভিতৰত এটা। মুছলমান সংস্কৃতিৰ বৰ্ধিত প্ৰভাৱৰ বাবে ভাৰতৰ আন অংশত হেনাৰ দ্বাৰা লাহে লাহে আলতাৰ ব্যৱহাৰ কমি আহিব ধৰে।

প্ৰস্তুতকৰণ

পাৰম্পৰিক ভাবে আলতা পাণৰ ৰসেৰে প্ৰস্তুত কৰা হৈছিল। তাৰপিছত সেন্দূৰ বা হেঙুল বা আন কোনো ৰঙা প্ৰাকৃতিক ৰঞ্জকেৰে ইয়াক প্ৰস্তুত কৰা হয়। বৰ্তমান আলতা ঘাইকৈ লা ৰে প্ৰস্তুত কৰা হয়। লা এবিধ পৰজীৱি। ৰঙচুৱা ইটা বৰণৰ ধূনা জাতীয় আঠাৰে বিভিন্ন জোখত (আকাৰৰ) আৱাস গছৰ কোমল ডালত বনাই লয় আৰু অতি ঘনকৈ বাস কৰে। মাইকী লাই কণী উৎপাদন কৰে, কণীবোৰ উজ্জ্বল ৰঙা ৰঙৰ আৰু ইয়াৰ পিছতেই লা জনীৰ মৃত্যু হয়। ইয়াৰ কণীৰ বাকলিৰ পৰা ৰঙা ৰং উলিয়াই আলতা প্ৰস্তুত কৰা হয়। তদুপৰি সংশ্লেষিত ৰঞ্জকৰ সহায়তো ইয়াক তৈয়াৰ কৰা হয়।

গুৰুত্ব

নৃত্যশিল্পী]]

অসমৰ বিভিন্ন নেপালী, কোচ ৰাজবংশী আৰু অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক সাজসজ্জা হিচাপে আলতা ব্যৱহাৰ কৰে। ঝুমুৰ নৃত্যত শিল্পী সকলে ভৰিত আলতা লগায়। হিন্দু পুৰাণ অনুসৰি, দেৱীসকলৰ ছবি আৰু ভাস্কৰ্য, বিশেষকৈ দুৰ্গা আৰু লক্ষ্মীৰ ছবি আৰু ভাস্কৰ্যবোৰ আলতাৰে ৰং কৰা হয়।৫

বংগীয় সংস্কৃতিত অলতাৰ যথেষ্ট সাংস্কৃতিক গুৰুত্ব আছে। ধৰ্মীয় বিশ্বাস নিৰ্বিশেষে বাংলাদেশ আৰু ভাৰতীয় ৰাজ্য পশ্চিম বংগৰ বঙালী মহিলাসকলে পৰম্পৰাগতভাৱে বিবাহৰ বাবে আলতাৰে হাত আৰু ভৰি সজ্জিত কৰে। তদুপৰি পহেলা বৈশাখ, পহেলা ফাগুন আৰু অন্যান্যৰ দৰে সাংস্কৃতিক উৎসৱত আলতা ব্যৱহাৰ কৰা হয়। দুৰ্গা পূজাতো মহিলা সকলে আলতাৰে ভৰি ৰঙা কৰে।

ভাৰতৰ প্ৰায় আটাইকেইটা শাস্ত্ৰীয় নৃত্য এই নৃত্য কথক, কথাকলি, কুচিপুড়ি, ভাৰতনাট্যম, মণিপুৰী নৃত্য, মোহিনীঅট্টম আৰু ওড়িছী নৃত্য প্ৰদৰ্শন কৰোঁতে সাধাৰণতে শাস্ত্ৰীয় নৃত্যশিল্পীসকলে হাত আৰু ভৰিত আলতা লগায়। ই বিশেষকৈ ৰজোৎসৱ সময়ত প্ৰচলিত। ৰজোৎসৱ হৈছে মহিলাত্ব উদযাপন কৰা তিনিদিনীয়া উৎসৱ। এই উৎসৱৰ সময়ত অন্যান্য ৰীতিৰ এটা অংশ হিচাপে মহিলাসকলে উৰ্বৰতা আৰু শুভতাৰ চিহ্ন হিচাপে ভৰিত আলতা প্ৰয়োগ কৰে। ওডিয়া সংস্কৃতিত বিবাহৰ সময়ত আলতা আৰু হালধিও প্ৰয়োগ কৰা হয়।৬৭

তথ্যসূত্ৰ

  1. ↑ আলতা. xobdo.org
  2. ↑ Bengali Hindu Wedding - Rituals, Customs, Dress, Food. www.culturalindia.net
  3. ↑ Newari girls participate in mass Bel Bibaha (with photos). kathmandupost.com
  4. ↑ Shrestha, Shreeya. (November 2017). An Elaborate Ritual called Marriage. ECS NEPAL
  5. ↑ Guha, Sanjana. (1 April 2019). Learn How Bengali Mehndi Blends Simplicity, Authenticity and Ethnicity on the Wedding Day. WeddingWire.in
  6. ↑ আৰ্কাইভ কপি
  7. ↑ Learn How Bengali Mehndi Blends Simplicity, Authenticity and Ethnicity on the Wedding Day. www.weddingwire.in

সম্পৰ্কিত শ্ৰেণী

প্ৰসাধনভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলতা” প্ৰবন্ধৰ সংশোধন ৫০৭৩২২ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।