অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বঙালী নাম

বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ৪৬৬ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়। ব্যক্তিৰ ব্যক্তিগত নাম সাধাৰণতে ব্যক্তিজনৰ ধৰ্মৰ ওপৰত নিৰ্ভৰশীল যদিও আন ভাষা যেনে আৰৱী, পাৰ্চী, সংস্কৃত আৰু পালিৰপৰা ইয়াৰ উৎপত্তি কিন্তু থলুৱা বাংলা ভাষা অনুসৰি ব্যৱহাৰ আৰু উচ্চাৰণ কৰা হয়।

প্ৰথম নাম

বাংলাদেশ আৰু পশ্চিম বংগৰ বহু লোকৰ দুটা নাম থাকে: এটা "ভাল নাম", যিটো সকলো আইনী নথি-পত্ৰত ব্যৱহাৰ কৰা হয়, আৰু এটা "মতা নাম/ঘৰুৱা নাম" বা "ছদ্মনাম", যিটো পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে ব্যৱহাৰ কৰে।১

নাম দুটাৰ মাজত সম্পৰ্ক থাকিবও পাৰে বা নাথাকিবও পাৰে; উদাহৰণস্বৰূপে, "শ্বুমন" বা "চুমন" বা "সুমন" (বাংলা: সুমন) নামৰ মানুহ এজনক ঘৰত তেওঁৰ ঘৰুৱা নাম (যেনে, বাংলা: বুবাই) আৰু ক'ৰবাত তেওঁৰ ভাল নাম (বাংলা: সুমন) বুলি মাতিব পাৰে।

বহুতৰে ভাল নামৰ সংক্ষিপ্ত সংস্কৰণো আছে। উদাহৰণস্বৰূপে, দিপু (বাংলা: দীপু)ৰ বাবে দীপক (বাংলা:দীপক), আৰু ফাৰহানা (বাংলা: ফাৰহানা)ৰ বাবে ফাৰু (বাংলা: ফাৰু), ইয়াৰ উপৰি তেওেঁলাকৰ সম্পূৰ্ণ ভাল নাম আৰু ঘৰত মতা নাম আছে।

মধ্যম নাম

বাংলাদেশত মধ্যম নাম অতি সাধাৰণ যদিও প্ৰতিজন ব্যক্তিৰ মধ্যম নাম নাথাকে; এই কথা পশ্চিম বংগৰ ক্ষেত্ৰতো প্ৰযোজ্য। শেহতীয়াকৈ বহুতে নিজৰ সম্পূৰ্ণ চৰকাৰী নামটোৰ মাজত বা শেষত নিজৰ ঘৰত মতা নামটো যোগ কৰিবলৈ আৰম্ভ কৰিছে, ফলত "সাইফুদ্দীন কাঞ্চন চৌধুৰী"ৰ দৰে নাম পোৱা যায়; য'ত "সাইফুদ্দীন" হ'ল মানুহজনৰ ভাল নাম, "কাঞ্চন" হ'ল তেওঁৰ ঘৰত মতা নাম আৰু "চৌধুৰী" হ'ল তেওঁৰ পৰিয়ালৰ উপাধ‍ি। "সাইফুদ্দীন কাঞ্চন চৌধুৰী"য়ে‍ শেষত "সাইফুদ্দীন চৌধুৰী কাঞ্চন" বুলিও লিখিব পাৰে, ইয়াত তেওঁৰ ঘৰত মতা শেষত ব্যৱহাৰ কৰিছে; ব্যক্তিজনৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁ/তাই তেওঁলোকৰ নাম কেনেকৈ প্ৰদৰ্শন কৰিছে সেয়া নিৰ্ভৰশীল। এনে‍ পৰিস্থিতিত এই মানুহজনক শুদ্ধকৈ "চৌধুৰী ডাঙৰীয়া" বুলি সম্বোধন কৰা হ'ব, "কাঞ্চন ডাঙৰীয়া" বুলি নহয়।

উপাধি‍

বঙালী মুছলমান পৰিয়ালসমূহে বেছিভাগেই আৰৱী মূলৰ নাম ব্যৱহাৰ কৰে, তাৰ পিছতে ফাৰ্চী আৰু বাংলা নাম ব্যৱহাৰ কৰে। বাংলাদেশৰ মুছলমানসকলৰ মাজত নামকৰণৰ কেইবাটাও ভিন্ন নিয়ম আছে। নামকৰণৰ কোনো নিৰ্দিষ্ট গাঁথনি‍ নাই।২ বহুতে প্ৰকৃততে পৰিয়ালৰ নাম ব্যৱহাৰ নকৰে, গতিকে পৰিয়ালৰ সদস্য এজনৰ শেষ নাম বা উপাধি‍ বেলেগ হ’ব পাৰে। বঙালী হিন্দু পৰিয়ালত সংস্কৃত মূলৰ নাম ব্যৱহাৰ কৰা হয় আৰু তাৰ লগতে‍ ফাৰ্চী আৰু বাংলা নাম ব্যৱহাৰ কৰা হয়। তেওঁলোকে বহুতো উপাধি‍ ব্যৱহাৰ কৰে যিবোৰ তলত উল্লেখ কৰা হৈছে। ব্ৰিটিছৰ প্ৰভাৱৰ বাবে তেওঁলোকৰ কিছুমানৰ উপাধি‍ কিছু পৰিমাণে চুটি আৰু পৰিৱৰ্তন হৈছে, যেনে চেটাৰ্জী। কিছুমান উপাধি‍ সকলো ধৰ্মৰ মাজত সাধাৰণ হ'ব পাৰে, যেনে চৌধুৰী, সৰকাৰ আৰু বিশ্বাস।

কোনো ব্যক্তিৰ ধৰ্ম অনুসৰি উপাধিৰ তালিকা

মুছলমান পৰিয়ালৰ নাম আৰু উপাধি

ক্ৰমিক নংনাম (বাংলা বৰ্ণমালা)বাংলা ৰোমানীকৰণসাধাৰণ অনুবাদ
1সৈয়দSóíyodSyed
2শেখShekhSheikh
3কোৰেশীKoresheeQuraishi
3খন্দকাৰKhondokarKhandakar
4মীৰMeerMir
5আকন্দ (সম্পৰ্কিত আৰো না- আকন, আখন্দ আৰু আখুন্দ)AkandaAkhund, Akan, Akhanda
6প্ৰধানProdhanProdhan
7মীৰ্জা (আধুনিক বানান- মিৰ্জা)MirzaMirza
8শাহShahShah
9মুন্সী/মুনশী (আধুনিক বানান- মুন্সি/মুনশি)MunshiMunshi
10দেওয়ানDewanDewan
11গাজী (আধুনিক বানান- গাজি)GaziGazi
12কাজী (আধুনিক বানান- কাজি)KaziKazi
13খাঁ (আধুনিক বানান- খান)Khą/KhanKhan
14চৌধুৰীCóúdhureeChowdhury
15সৰকাৰShorkarSarkar
16মুহুৰীMuhureeMuhuri
17মল্লMolloMalla
18পাটোয়াৰীPaŧowareePatwari
19মোল্লাMollaMolla
20ফকিৰFokirFakir
22হাজাৰীHazareeHazari
23শিকদাৰShikdarSikdar
24তালুকদাৰTalukdarTaluqdar
25মজুমদাৰMozumdarMajumdar
26হালদাৰHaldarHaldar
27জোয়াৰ্দাৰJówardar/JówaddarJoardar
28ইনামদাৰInamdarInamdar
29মিয়া/ মিঞাMiyaMiah
30সৰদাৰShordarSardar
31চাকলাদাৰCakladarChakladar
32হাওলাদাৰHaoladarHowlader
33ডিহিদাৰĐihidarDihidar
34ভূঁইয়াBhųiyaBhuiyan
35মুস্তাফী (আধুনিক বানান- মুস্তাফি)MustafiMustafi
36মলঙ্গীMolongeeMalangi
37মাতুব্বৰMatubborMatubbar
38গোমস্তাGómostaGomastha
39পন্নীKhan PonniKhan Panni
40লোহানী (আধুনিক বানান- লোহানি)Khan LóhaniKhan Lohani
41মুঘুলKhan MughulKhan Mughal
41কানুনগোKanungóKanungo
42কাৰকুনKarkunKarkun
43মল্লিকMollikMallik
44মণ্ডলMonđolMandal
45বিশ্বাসBish'ashBiswas
46প্ৰামাণিকPramaꞥikPramanik
48সাদিয়াSadiyaSadia
49মৃধাMridhaMridha

বঙালী হিন্দু পৰিয়ালৰ নাম আৰু উপাধি

ক্ৰমিক নংনাম (বাংলা বৰ্ণমালা)বাংলা ৰোমানীকৰণসাধাৰণ অনুবাদ
1ভট্টাচাৰ্য্য (আধুনিক বানান- ভট্টাচাৰ্য)B́oŧŧacar̀j̄oBhattacharya (Bhottacharjo)
2বন্দ্যোপাধ্যায় (আৰু ব্যানাৰ্জী)Bænar̀ɉy (Bondḑópad́ḑ́aj)Banerjee (Bondopaddhay)
3দেবDeb / DewDeb (Deba)
4বণিকBoꞥikBonick (Bonik)
5দেDeDey (De)
6দত্তDottoDutt (Dotto/Dutta)
7নস্কৰNoškorNaskar (Noshkor)
8ব্যাপাৰীBæparyBapary (Baepari)
9বিশ্বাসBiśṣ́ašBiswas (Bishshash)
10ভৌমিকB́óúmikBhowmick (Bhoumik)
11বসুBošuBose (Boshu)
12চক্ৰবৰ্তীCokrobor̀tyChakraborty (Chokrobort)
13চট্টপাধ্যায় (আৰু চ্যাটাৰ্জী)Cæŧar̀ɉyChatterjee (Chottopaddhay)
14চৌধুৰীCóúd́uryChowdhury (Choudhuri)
15দাসDašDas (Dash)
16গায়েনGajenGain (Ga'en)
17গুহGuhoGuha (Guho)
18গঙ্গোপাধ্যায় (আৰু গাঙ্গুলী)GaɲgulyGanguly (Gonggopaddhay)
19গুপ্তGuptoGupta (Gupto)
20ঘোষǴós̊Ghosh
21গোস্বামীGóṣ̌amyGoswami (Goshami)
22প্ৰভুপাদProb́upadoPrabhupada (Probhupado)
23মজুমদাৰMozumdarMazumdar/Majumder (Mojumdar)
24মিত্ৰMitroMitra (Mitro)
25মুখোপাধ্যায় (আৰু মুখাৰ্জী)Muḱar̀ɉyMukherjee (Mukhopaddhay)
26নাথNat́Nath
27পুৰকায়স্থPurkajost́oPurkait (Puroka'ostho)
28পালPalPaul/Pal (Pal)
29ৰায়RajRoy/Ray (Ra'i)
30সাহাŠahaSaha (Shaha)
31সৰকাৰŠorkarSarker/Sarkar (Shorkar)
32সিংহŠiṅġhoSingha
33সিংহ ৰায়Šiṅġho RaySingha Roy/Sinha Roy (Singho Ray)
34সেনŠenSen (Shen)
35ঠাকুৰŦ́akurTagore (Thakur)
36চন্দCondoChanda (Chondo)
37বাগচীBagcyBagchi
38লস্কৰLoškorLaskar (Loshkor)
39ধৰDhorDhar ( Dhor)
40মৈত্ৰMaitraMaitra (Moitra)
41কৰKorKar (Kor)
42ভাদুড়ীBhaduryBhadury (Bhadury)
43সান্যালSanjalSanyal (Sannal)
44ঘোষালGósálGhoshal (Ghoshal)
45পাল চৌধুৰীPal CóúdúryPal Chowdhury (Pal Choudhury)
46মাইতিMáityMaity (Maity)
47দেবনাথDébnátDebnath (Debnath)
48ভট্টশালীBháttåsháliBhattashali (Bhattashali)
49চট্টৰাজCóttórájChattaraj (Chottoraj)
50কানুনগোKánûngoKanungo (Kanungo)
51লাহিড়িLáhîriLahiri (Lahiri)
52দাশগুপ্তDásgûptoDasgupta (Dashgupto)
53সেনগুপ্তSéngûptoSengupta (Shengupto)
54দত্তগুপ্তDottogûptoDuttagupta (Dottogupto)
55দত্ত মজুমদাৰDottomazumdarDattamajumder (Dattamajumder)

বৌদ্ধধৰ্মী বঙালীৰ উপাধি

বৰুৱা

খ্ৰীষ্টান বঙালীৰ উপাধি

বহুতো বঙালী খ্ৰীষ্টান লোকে পৰম্পৰাগত উপাধিৰ লগতে ইংৰাজী আৰু পৰ্তুগীজ উপাধিও ব্যৱহাৰ কৰে। বেছিভাগ কেথলিক বঙালী খ্ৰীষ্টানৰ উপাধি পৰ্তুগীজ, যেনে: গোমেছ, ৰ’জাৰিয়া, ডি’কোষ্টা, গনছালভেজ, ক্ৰুজ, ডায়াছ, ডি’চিলভা আৰু ডি’ছ’জা।

আৰম্ভণি আৰু উপসৰ্গ

মোহাম্মদ, মোহাম্মেদ, মোহামদ, মহম্মদ বহু মুছলমান পুৰুষৰ নামৰ আগত ব্যৱহৃত এটা সাধাৰণ উপসৰ্গ আৰু ইয়াক প্ৰায়ে পুৰুষক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বহু ক্ষেত্ৰত "মহম্মদ" উপসৰ্গটো চুটি কৰি মোঃ বা মঃ কৰা হয়। আন সাধাৰণ উপসৰ্গবোৰ পদ্ধতিগত নহয়। উপসৰ্গটোৱে প্ৰায়ে প্ৰথম নাম হিচাপে কাম কৰে আৰু দিয়া নামটো মধ্যম নাম বা শেষ নাম হিচাপে দেখা যায়৷৩

তথ্যসূত্ৰ

  1. ↑ Banerjee, Rohan. (June 29, 2024). What's in a name? Forget Shakespeare, just ask a Bengali. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Understanding Communities:Bangladeshi Community, Cheshire County Council, October 2003
  3. ↑ Khaleeli, Homa. (1 December 2014). Muhammad: the truth about Britain's most misunderstood name. the Guardian

সম্পৰ্কিত শ্ৰেণী

বঙালী ভাষাবাংলাদেশৰ সংস্কৃতিভাৰতৰ সংস্কৃতিবঙালী সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙালী নাম” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৬৮ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।