ভাৰতৰ মহিলা সমাজকৰ্মী
৪৭ প্ৰবন্ধ
-
মাৰ্গাৰেট এলিজাবেথ কাজিন্স
মাৰ্গাৰেট এলিজাবেথ কাজিন্স (Margaret Cousins,৭ নৱেম্বৰ ১৮৭৮ – ১১ মাৰ্চ ১৯৫৪) এগৰাকী আইৰিছ-ভাৰতীয় শিক্ষাবিদ, ভোটাধিকাৰী আৰু থিয়'ছফিষ্ট আছিল৷ তেওঁ ১৯২৭ চনত সৰ্বভাৰতীয় মহিলা সন্মিলন (AIWC) প্ৰতিষ্ঠা কৰিছিল। ১৯১৫ চনত কবি আৰু সাহিত্য সমালোচক জেমছ কাজিন্সৰ পত্নী হিচাপে তেওঁ ভাৰতলৈ আহে।
-
আশা কটোৱাল
আশা কটোৱাল (Asha Kowtal) এগৰাকী কৰ্মী আৰু দলিত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰি থকা মহিলা। তেওঁ ভাৰতৰ দলিত মহিলা অধিকাৰ আন্দোলনৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা, যাক সৰ্বভাৰতীয় দলিত মহিলা অধিকাৰ মঞ্চ (AIDMAM) বুলি কোৱা হয়,যি দলিত মানৱ অধিকাৰৰ ৰাষ্ট্ৰীয় অভিযানৰ অংশ।
-
দুৰু শ্বাহ
দুৰু শ্বাহ (Duru Shah) মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সমাজ-কৰ্মী। তেওঁ ভাৰতৰ পিচিঅ'এছ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু ভাৰতৰ কিশোৰী-মহিলাৰ স্বাস্থ্য আৰু বন্ধ্যাত্বৰ প্ৰচাৰক। তেওঁ শ্বাহ মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ প্ৰচাৰকো।
-
ধনবন্তী ৰামা ৰাউ
ধনবন্তী লেডী ৰামা ৰাউ (Dhanvanthi, Lady Rama Rau, ১৮৯৩–১৯৮৭) ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি আছিল। তেওঁ ছাৰ বেনেগল ৰামা ৰাউৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷
-
মেৰী ৰয়
মেৰী ৰয় (১৯৩৩ – ১ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু নাৰী অধিকাৰ কৰ্মী আছিল আৰু ১৯৮৬ চনত কেৰালাৰ ছিৰিয়াৰ মালাবাৰ নাছৰানী সম্প্ৰদায়ৰ ভিতৰত প্ৰচলিত উত্তৰাধিকাৰ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গোচৰত জয়ী হোৱাৰ বাবে পৰিচিত হৈছিল।
-
শৈলবালা দাস
শৈলবালা দাস (Sailabala Das, ২৫ মাৰ্চ ১৮৭৫ – ২৯ এপ্ৰিল ১৯৬৮) এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। ওড়িশাৰ পৰা ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা তেওঁ প্ৰথমগৰাকী মহিলা।
-
হান্না সেন
হান্না সেন (১৮৯৪–১৯৫৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী আছিল। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ প্ৰথম ভাৰতীয় ৰাজ্যসভা (সংসদৰ উচ্চ সদন)ৰ সদস্য আৰু ১৯৫১–৫২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী আছিল। দিল্লীৰ লেডী আৰউইন কলেজৰ তেওঁ প্ৰতিষ্ঠাপক আৰু প্ৰথম পৰিচালক।
-
হীৰাবাই টাটা
হীৰাবাই টাটা (Herabai Tata, ১৮৭৯–১৯৪১) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী আৰু ভোটাধিকাৰী আছিল। ১৮৯৫ চনত বিবাহপাশত আবদ্ধ হোৱা টাটাৰ স্বামী প্ৰগতিশীল আছিল আৰু পত্নী আৰু কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল৷ তেওঁ স্কুলীয়া শিক্ষাত সহায় কৰিবলৈ টিউটৰ নিয়োগ কৰিছিল।
-
ৰেজিনা গুহ
ৰেজিনা গুহ (Regina Guha, মৃত্যু ১৯১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু শিক্ষয়িত্ৰী আছিল। ১৯১৬ চনত তেওঁ ভাৰতত মহিলাসকলক আইন চৰ্চা কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা আইনী বিধানসমূহৰ ব্যাখ্যাক প্ৰত্যাহ্বান জনোৱা এটা উল্লেখযোগ্য গোচৰত যুঁজিছিল।
-
অনুসূয়া সেনগুপ্তা
অনুসূয়া সেনগুপ্তা (Anasuya Sengupta)এগৰাকী ভাৰতীয় কবি, লেখিকা, কৰ্মী, আৰু ইণ্টাৰনেটত প্ৰান্তীয় কণ্ঠৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰৰ বিশেষজ্ঞ।
-
অনুৰাধা ৰামানন
অনুৰাধা ৰামানন (২৯ জুন ১৯৪৭ – ১৬ মে' ২০১০) এগৰাকী তামিল লেখিকা, শিল্পী আৰু সমাজ কৰ্মী।
-
অপৰ্ণা বসু
অপৰ্ণা বসু (Aparna Basu; ৩১ অক্টোবৰ ১৯৩১ – ৩ ডিচেম্বৰ ২০১৮) এগৰাকী ভাৰতীয় ইতিহাসবিদ, লেখিকা, সমাজকৰ্মী আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক আছিল। আধুনিক ভাৰতীয় ইতিহাসৰ অধ্যাপিকা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ তেওঁ মুৰব্বী আছিল।
-
অশোকা গুপ্তা
অশোকা গুপ্তা (Ashoka Gupta; ১৯১২ নৱেম্বৰ – ৮ জুলাই ২০০৮) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল। তেওঁ মহিলা সেৱা সমিতিৰ প্ৰতিষ্ঠাপক, সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সদস্য আৰু ইণ্ডিয়ান ছ'চাইটি ফৰ স্পনছৰশ্বিপ এণ্ড এডপচনৰ সভানেত্ৰী আছিল।
-
আভাবাই বোমাঞ্জী ৱাডিয়া
আভাবাই বোমাঞ্জী ৱাডিয়া (Avabay Bomanji Wadia; ১৮ ছেপ্টেম্বৰ ১৯১৩ – ১১ জুলাই ২০০৫) আছিল চিল'নত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় সমাজকৰ্মী, লেখক তেওঁ যৌন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ প্ৰসাৰৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত পিতৃ-মাতৃত্ব ফেডাৰেচন আৰু ভাৰতীয় পৰিয়াল…
-
উৰ্মি বসু
উৰ্মি বসু (Urmi Basu) হৈছে এগৰাকী সমাজকৰ্মী৷ তেওঁ কলকাতাত যৌনকৰ্মীক সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু বাস্তৱ দিশত অনেক কাম সক্ৰিয়ভাৱে জড়িত হৈ সম্পন্ন কৰিছে৷ ২০১৯ চনত তেওঁ ভাৰতীয় মহিলাৰ বাবে উছৰ্গীকৃত সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।
-
এগনেছ খাৰসিং
এগনেছ খাৰসিং (Agnes Kharshiing) ভাৰতৰ মেঘালয়ৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। তেওঁ নাগৰিক সমাজৰ মহিলা সংগঠন (CSWO) ৰ সভানেত্ৰী। তেওঁৰ স্পষ্টবাদিতাৰ পোষকতা কৰে৷ তেওঁ মহিলা আৰু সম্প্ৰদায়ৰ অধিকাৰৰ হকে মাত মতাৰ বাবে তেওঁ গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল৷
-
কস্তুৰী ৰাজাধ্যাক্ষ
কস্তুৰী ৰাজাধ্যাক্ষ (Kasturi Rajadhyaksha) এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজকৰ্মী আছিল। তেওঁ বিশেষভাৱে ভাৰতীয় বা দক্ষিণ এছিয়াৰ লোকসকলৰ বাবে কেইবাটাও সমৰ্থন গোটক সহায় কৰিছিল, আৰু বিশেষকৈ ঘৰুৱা হিংসাৰ অন্ত পেলোৱা আৰু দক্ষিণ এছিয়াৰ ব্যৱসায়ীসকলক সহায় কৰাত মনোনিৱেশ কৰিছিল।
-
কৃতি ভাৰতী
কৃতি ভাৰতী (জন্ম ১৯ আগষ্ট, ১৯৮৭) এগৰাকী ভাৰতীয় পুনৰ্বাসন মনোবিজ্ঞানী আৰু শিশু অধিকাৰ কৰ্মী। ভাৰতীয়ে ভাৰতত বাল্যবিবাহ ৰ প্ৰথমগৰাকী বাতিলকাৰী হিচাপে শিৰোনাম দখল কৰিছিল।
-
কে অ' আয়শা বাই
কে অ' আয়শা বাই (K. O. Aysha Bai) দক্ষিণ ভাৰতৰ এগৰাকী কমিউনিষ্ট ৰাজনীতিবিদ আছিল। তেওঁ কেৰেলা বিধানসভাৰ প্ৰথম উপাধ্যক্ষ আছিল (৬ মে' ১৯৫৭ – ৩১ জুলাই ১৯৫৯)। .আধুনিক কেৰালাত ৰাজহুৱা খ্যাতি লাভ কৰা তেওঁ প্ৰথমগৰাকী মুছলমান মহিলা আছিল। মাপিলা মহিলাসকলৰ অগ্ৰগতিৰ বাবে তেওঁ কাম কৰিছিল।
-
কে পি জানকী আম্মাল
কে পি জানকী আম্মাল (১৯১৭-১৯৯২) ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী ৰাজনীতিবিদ আৰু সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা সভানেত্ৰী আছিল। ১৯৬৭ চনত তেওঁ তামিলনাডু বিধানসভাত মাদুৰাই-পূবক প্ৰতিনিধিত্ব কৰিছিল।
-
কৰুণা নন্দী
কৰুণা নন্দী (Karuna Nundy) এগৰাকী ভাৰতীয় অধিবক্তা আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, ২০২৪ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। তেওঁ ভাৰত আৰু নিউয়ৰ্ক উভয়তে প্ৰেকটিছ কৰাৰ যোগ্যতা অৰ্জন কৰে।
-
খুজিস্তা আখতাৰ বানু
খুজিস্তা আখতাৰ বানু (Khujista Akhtar Banu) ১৯ শতিকাৰ শেষৰ ফালে এগৰাকী সাহিত্যিক, বঙালী সমাজবাদী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক। খুজিস্তা আছিল ১৮৮৭ চনত ছিনিয়ৰ কেম্ব্ৰিজৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
গীতা ছেহগল
গীতা ছেহগল (Gita Sahgal; জন্ম: ১৯৫৬ বা ১৯৫৭)এগৰাকী ব্ৰিটিছ লেখিকা, সাংবাদিক, চলচ্চিত্ৰ পৰিচালক, মহিলা অধিকাৰ কৰ্মী আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ কামসমূহ নাৰীবাদ, মৌলবাদ আৰু বৰ্ণবাদৰ বিষয়সমূহত কেন্দ্ৰিত।
-
চি কে জানু
চি কে জানু (C. K. Janu) (জন্ম ১৯৭০) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। ২০০১ চনৰ পৰা কেৰালাৰ ভূমিহীন জনজাতীয় লোকসকলক ভূমি পুনৰ বিতৰণৰ বাবে আন্দোলন চলাই অহা আদিবাসী গোথৰা মহাসভাৰ তেওঁ নেত্ৰী। দলিত-আদিবাসী একচন কাউন্সিলৰ তত্বাৱধানত এই আন্দোলনটোৱে গতি লৈছে।
-
ছুছি থাৰু
চুজি থাৰু (Susie Tharu; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় লেখিকা, প্ৰকাশক, অধ্যাপিকা, সম্পাদিকা আৰু মহিলা কৰ্মী। তেওঁ কেইবাটাও মহিলা কৰ্মী সংগঠন প্ৰতিষ্ঠা কৰিছে।
-
জানকী ভেংকটৰমন
জানকী ভেংকটাৰমনে (Janaki Venkataraman) ১৯৮৭ চনৰ পৰা ১৯৯২ চনলৈকে ভাৰতৰ প্ৰথম মহিলা (ৰাষ্ট্ৰপতিৰ পত্নী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আৰ ভেংকটৰমনৰ পত্নী আছিল যিয়ে ১৯৮৭ চনৰ ২৫ জুলাইৰ পৰা ১৯৯২ চনৰ ২৫ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিদেশত জন্মগ্ৰহণ কৰি…
-
জাহিদা খাতুন শ্বেৰৱানী
জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল।
-
থাৰাৱথ আম্মালু আম্মা
থাৰাৱথ আম্মালু আম্মা (Tharavath Ammalu Amma) আছিল ব্ৰিটিছ ভাৰতৰ (বৰ্তমানৰ কেৰালা, ভাৰত) মাদ্ৰাজ প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী মালায়ালম ভাষাৰ লেখক আৰু অনুবাদক। সংস্কৃত আৰু তামিলৰ পৰা তেওঁ মালায়ালমলৈ বহু গ্ৰন্থ অনুবাদ কৰিছিল।
-
ফ্লেভিয়া এগনেছ
ফ্লেভিয়া এগনেছ (Flavia Agnes) এগৰাকী ভাৰতীয় মহিলা অধিকাৰৰ অধিবক্তা আৰু বৈবাহিক, বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ আইনত বিশেষজ্ঞ। তেওঁ ছাবালটাৰ্ন ষ্টাডিজ, ইকনমিক এণ্ড পলিটিকেল উইকলি, আৰু মনুষী আলোচনীত প্ৰবন্ধ প্ৰকাশ কৰিছে।
-
বিদ্যুৎ গোৰে
বিদ্যুৎ গোৰে (Vidyut Gore, জন্ম-৬ ডিচেম্বৰ ১৯৭৬), এগৰাকী ভাৰতীয় অংশকালীন ব্লগাৰ, নতুন সংবাদ মাধ্যমৰ সাংবাদিক, প্ৰচাৰক আৰু কৰ্মী। ভাৰতীয় পৰিয়ালত ঘৰুৱা নিৰ্যাতন উন্মোচন কৰা কামৰ বাবে তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাজনৈতিক আৰু ৰাজহুৱা দুৰ্নীতি উন্মোচনৰ দিশত কৰি থকা কামসমূহ ভাৰতীয় সংবাদ…