অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা ছেহগল

গীতা ছেহগল (Gita Sahgal; জন্ম: ১৯৫৬ বা ১৯৫৭)এগৰাকী ব্ৰিটিছ লেখিকা, সাংবাদিক, চলচ্চিত্ৰ পৰিচালক, মহিলা অধিকাৰ কৰ্মী আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ কামসমূহ নাৰীবাদ, মৌলবাদ আৰু বৰ্ণবাদৰ বিষয়সমূহত কেন্দ্ৰিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গীতা ছেহগল (Gita Sahgal; জন্ম: ১৯৫৬ বা ১৯৫৭)১২এগৰাকী ব্ৰিটিছ লেখিকা, সাংবাদিক, চলচ্চিত্ৰ পৰিচালক, মহিলা অধিকাৰ কৰ্মী আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ কামসমূহ নাৰীবাদ, মৌলবাদ আৰু বৰ্ণবাদৰ বিষয়সমূহত কেন্দ্ৰিত।৩৪

সংক্ষিপ্ত জীৱন

ঔপন্যাসিক নয়নতৰা ছেহগলৰ কন্যা গীতা ছেহগলৰ ভাৰতত জন্ম হয়। তেওঁ হিন্দু হিচাপে ডাঙৰ-দীঘল হৈছিল। তেওঁ এতিয়া নাস্তিক। .৩ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ তেওঁৰ আত্মীয়। আনহাতে নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ নাতিনী। .৫২ ভাৰতত প্ৰথমে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৭২ চনত ইংলেণ্ডলৈ গুচি যায় আৰু লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজত পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে।৬ ১৯৭৭ চনত ভাৰতলৈ উভতি আহি, নাগৰিক অধিকাৰ আন্দোলনত কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৮৩ চনত তেওঁ ইংলেণ্ডলৈ উভতি যায়।৩

তেওঁ মহিলা সংগঠনৰ সহ-প্ৰতিষ্ঠাপক আৰু সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছে।৬৭৮ তেওঁ এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ জেণ্ডাৰ ইউনিটৰ মুৰব্বীও আছিল, আৰু ধৰ্মীয় মৌলবাদীসকলে বিশেষকৈ মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰোধিতা কৰিছিল।৭৯

২০১০ চনৰ ফেব্ৰুৱাৰী মাহত এম্নেষ্টীয়ে তেওঁক জেণ্ডাৰ ইউনিটৰ মুৰব্বী হিচাপে নিলম্বন কৰে। কাৰণ তেওঁৰ উদ্ধৃতিৰে দ্য ছাণ্ডে টাইমছে এম্নেষ্টীক সমালোচনা কৰিছিল যে তেওঁ গুয়ান্তানামোত ন্যায় বহিৰ্ভূত চৰ্তত বন্দী কৰা পুৰুষসকলক প্ৰতিনিধিত্ব কৰা প্ৰচাৰ গোট কেজ (পূৰ্বৰ কেজপ্ৰিজনাৰ্ছ)ৰ পৰিচালক মোৱাজাম বেগৰ সৈতে হাই-প্ৰফাইল সংযোগ স্থাপন কৰিছে।

এম্নেষ্টীয়ে উত্তৰ দিছিল যে তেওঁক নিলম্বিত কৰা হৈছে “এই বিষয়সমূহ অভ্যন্তৰীণভাৱে উত্থাপন নকৰাৰ বাবে”। ছেহগলৰ সমৰ্থনত ভাষণ দি ঔপন্যাসিক ছলমান ৰুছডি, সাংবাদিক ক্ৰিষ্টোফাৰ হিচেনছ আদিয়ে এম্নেষ্টীক এই সংযোগৰ বাবে সমালোচনা কৰে। বেগে তেওঁৰ জেহাদী সংযোগৰ দাবীক বিতৰ্ক কৰি কয় যে তেওঁ সন্ত্ৰাসবাদৰ দোষী সাব্যস্ত নোহোৱা কাকো সন্ত্ৰাসবাদী বুলি গণ্য নকৰে।১০

২০১০ চনৰ ৯ এপ্ৰিলত সাহগালে এম্নেষ্টী ইণ্টাৰনেশ্যনেল এৰি থৈ যায়।১১

তথ্যসূত্ৰ

  1. ↑ Mark Townsend. (25 April 2010). Gita Sahgal's dispute with Amnesty International puts human rights group in the dock. The Observer
  2. ↑ Suroor, Hasan. (9 February 2010). Amnesty in row over 'collaborating' with pro-jehadis. দ্য হিন্দু
  3. ↑ Guttenplan, D. D.; Margaronis, Maria. Who Speaks for Human Rights?. The Nation
  4. ↑ Yuval-Davis, Nira; Kannabiran, Kalpana; Kannabirān, Kalpana. (10 August 2006). The situated politics of belonging – Google Books. ISBN 9781412921015
  5. ↑ Amnesty suspends Nehru kin Gita Sahgal – NewsofAP.com – Andhra Pradesh News, Andhra News, Andhra Pradesh, Telugu News. NewsofAP.com
  6. ↑ Shah, Neelima. (19 February 2010). It's Very Human To Disagree; She feels the rip of Amnesty International's barbs for speaking up; Neelima Shah on Gita Sahgal. Outlook
  7. ↑ Nair, Malini. (21 February 2010). A fundamental question for human rights groups. Daily News & Review
  8. ↑ Women Against Fundamentalisms | Variant 16. Variant.org.uk
  9. ↑ Women Against Fundamentalisms | Variant 16. Variant.org.uk
  10. ↑ Kerbaj, Richard. (7 February 2010). Amnesty International is 'damaged' by Taliban link; An official at the human rights charity deplores its work with a 'jihadist'. The Sunday Times
  11. ↑ Bird, Steve. (13 April 2010). Gita Sahgal, who criticised Amnesty's 'pro-jihadi' links, leaves job. The Times

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা ছেহগল” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৭২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।