ভাৰতৰ মহিলা সমাজকৰ্মী
৪৭ প্ৰবন্ধ
-
মহাৰাণী কোনাৰ
মহাৰাণী কোনাৰ (Maharani Konar; ২৩ নৱেম্বৰ ১৯৩৩ – ৫ জানুৱাৰী ২০২৪), জনপ্ৰিয়ভাৱে ৰাণী দি নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা আৰু ৰাজনীতিবিদ আছিল। নবৈৰ দশকত বংগৰ গণতান্ত্ৰিক নাৰী আন্দোলনৰ অন্যতম প্ৰধান নেত্ৰী হিচাপে তেওঁ পৰিগণিত হয়।
-
মালা সেন
মালা সেন (Mala Sen, ৩ জুন ১৯৪৭ – ২১ মে' ২০১১) এগৰাকী বঙালী-ভাৰতীয়-ব্ৰিটিছ সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। এগৰাকী কৰ্মী হিচাপে তেওঁ ১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত লণ্ডনত নাগৰিক অধিকাৰ সক্ৰিয়তা আৰু জাতি সম্পৰ্কৰ দিশত কৰা কামৰ বাবে পৰিচিত আছিল৷ এয়া তেওঁৰ ব্ৰিটিছ এছিয়ান আৰু ব্ৰিটিছ ব্লেক পেন্থাৰ…
-
মুমতাজ শ্বেইখ
মুমতাজ শ্বেইখ (Mumtaz Shaikh; জন্ম-১৮ নৱেম্বৰ ১৯৮১) ভাৰতৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। মুম্বাইত ৰাজহুৱা শৌচাগাৰৰ সম-সুবিধাৰ বাবে তেওঁ এক সফল অভিযান আৰম্ভ কৰে। ২০১৫ চনত বিবিচিয়ে তেওঁক প্ৰেৰণাদায়ক ১০০ মহিলা অভিযানৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছিল।
-
মূৱলুৰ ৰামমীৰথাম
মূৱলুৰ ৰামমীৰথাম (Moovalur Ramamirtham(১৮৮৩–১৯৬২) এগৰাকী তামিল সমাজ সংস্কাৰক, লেখক আৰু দ্ৰাবিড় আন্দোলনৰ ৰাজনৈতিক কৰ্মী আছিল৷ তেওঁ মাদ্ৰাজ প্ৰদেশত দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে কাম কৰিছিল।
-
লতিকা সৰকাৰ
লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…
-
শিল্পী সিং
শিল্পী সিং (Shilpi Singh) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী ভাৰতৰ বিহাৰত গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ অধিকাৰ আৰু পুনৰ্বাসন, মানৱ সৰবৰাহৰ প্ৰতিৰোধ, বাল্যবিবাহ দিশত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।
-
শোভা ঘোষ
শোভা ঘোষ (Shobha Gosa) এগৰাকী ভাৰতীয় মহিলা কৰ্মী আৰু নেতৃত্বৰ বিকাশ কৰোঁতা৷ তেওঁ যুৱক-যুৱতীসকলৰ মাজত মহিলা সবলীকৰণ আৰু যুৱ সৱলীকৰণৰ দিশত বহনক্ষম শিক্ষাৰ জৰিয়তে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে।
-
শ্বাহজেহান আপা
শ্বাহজেহান আপা(Shahjehan Aapa; ১৯৩৬ - ৮ ছেপ্টেম্বৰ, ২০১৩) ভাৰতৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। যৌতুকৰ মৃত্যুত এগৰাকী কন্যাক হত্যা কৰাৰ পিছত আপাই নাৰীবাদী সক্ৰিয়তাৰে জীৱন আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হয়৷ তেওঁ ভাৰতত যৌতুক হত্যা, প্ৰতিকাৰ, যৌনতাবাদৰ বিৰুদ্ধে যুঁজিবলৈ আন ভাৰতীয় মহিলা আৰু মাতৃসকলৰ সৈতে কাম…
-
শ্ৰীৰূপা মিত্ৰ চৌধুৰী
শ্ৰীৰূপা মিত্ৰ চৌধুৰী (Sreerupa Mitra Chaudhury, জন্ম-১৮ এপ্ৰিল ১৯৬৪) জনপ্ৰিয়ভাৱে নিৰ্ভয়া দিদি নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেখেত এগৰাকী সমাজকৰ্মী, মহিলা অধিকাৰ কৰ্মী আৰু প্ৰাক্তন সাংবাদিক।
-
শ্ৰুতি কাপুৰ
ড° শ্ৰুতি কাপুৰ (জন্ম-২৫ ছেপ্টেম্বৰ) এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ, মহিলা অধিকাৰ কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ ছেইফটি (Sayfty)ৰ প্ৰতিষ্ঠাপক,যি পদক্ষেপৰ লক্ষ্য হৈছে যুৱতী আৰু কিশোৰীক সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে শিক্ষিত কৰা আৰু তেওঁলোকক সবলীকৰণ কৰা।
-
সুধা সুন্দৰমন
সুধা সুন্দৰমন (Sudha Sundararaman, জন্ম-১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।২০১৪ চনৰ হিচাপত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সাধাৰণ সম্পাদিকা।
-
সুধাংশুবালা হাজৰা
সুধাংশুবালা হাজৰা এগৰাকী ভাৰতীয় অধিবক্তা আছিল, যি ভাৰতৰ মহিলাসকলক উকীল হিচাপে নামভৰ্তি কৰিব পৰাকৈ এক উল্লেখযোগ্য গোচৰ আৰু অভিযান চলাইছিল৷ তেওঁ অধিবক্তা, ৰাজনীতিবিদ, ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মধুসুধন দাসৰ দত্তক কন্যা আৰু বিখ্যাত শিক্ষাবিদ আৰু ৰাজনীতিবিদ শৈলবালা দাসৰ ভগ্নী।
-
সৰোজিনী বালানন্দন
সৰোজিনী বালানন্দন (Sarojini Balanandan, ১৯৩৮ চনৰ ১৫ মে' – ২০২৩ চনৰ ২৯ আগষ্ট) কেৰালাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ বিশিষ্ট নেত্ৰী হিচাপে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেৰালা ৰাজ্যিক সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
ৰশ্মি তিৱাৰী
ড° ৰশ্মি তিৱাৰী 'আহান ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল চেঞ্জ ইণ্ডিয়া'ৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক৷ তেওঁ যানজঁট-সম্বন্ধীয় জটিলতাবোৰ সৰল কৰিবলৈ কাম কৰি আছে৷ তেওঁ ভাইটাল ভইচ (আমেৰিকা), ছিম্পৰ সভ্য আৰু নিউৰ'লিডাৰশ্বিপ ইনষ্টিটিউটৰ পৰা প্ৰমাণিত নেতৃত্ব প্ৰশিক্ষক।
-
ৰাধিকা বালাকৃষ্ণন
ৰাধিকা বালকৃষ্ণন (Radhika Balakrishnan) ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱমেনছ গ্ল'বেল লিডাৰশ্বিপৰ ফেকাল্টী ডাইৰেক্টৰ। বৰ্তমান তেওঁ আমেৰিকাৰ মানৱ অধিকাৰ নেটৱৰ্কৰ ব'ৰ্ডৰ অধ্যক্ষ আৰু চেণ্টাৰ ফৰ কনষ্টিটিউচনেল ৰাইটছৰ ব'ৰ্ডৰ অধ্যক্ষ, নিউয়ৰ্ক চহৰৰ বাবে লিংগ সমতা আয়োগৰ আয়ুক্ত, আৰু ২০২০-২০২১ চনৰ বাবে…
-
ৰাধিকা ভেমুলা
ৰাধিকা ভেমুলা (Radhika Vemula) এগৰাকী ভাৰতীয় দলিত অধিকাৰ আৰু জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি অহা সমাজকৰ্মী। ২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত আত্মহত্যা কৰা পুত্ৰ ৰোহিত ভেমুলা (আম্বেদকাৰ ছাত্ৰ সন্থাৰ নেতা)ৰ দ্বাৰা আৰম্ভ কৰা কামটো তেওঁ অব্যাহত ৰাখিছে - যিটো কাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ…
-
ৰেহানা ফাটিমা
ৰেহানা ফাথিমা (Rehana Fathima)ক সূৰ্য্যগায়ত্ৰী বুলিও কোৱা হয়৷ তেওঁ কেৰালাৰ এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী। তেওঁ টেলিকমিউনিকেচন আৰু মডেলিঙৰ দিশত অৰ্হতা আছে৷ তেওঁ নৈতিক পুলিচিং আৰু যৌনতাবাদৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।