শিৰডী (, মাৰাঠী ভাষাত: शिर्डी) ভাৰতৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন চহৰ আৰু শিৰডী নগৰ পঞ্চায়ত নামেৰে জনাজাত নগৰ পৰিষদাধীন। আহমেদনগৰ-মন্মদ ৰাজ্যিক ঘাইপথ ১০এৰে শিৰডীলৈ যাব পৰা যায়, আহমেদনগৰৰপৰা ৮৩ কিলোমিটাৰ আৰু ক'পাৰগাওঁৰপৰা ১৫ কিলোমিটাৰ। শিৰডী গুৰু শিৰডীৰ সাই বাবাৰ ১৯ শতিকাৰ বাসস্থল হিচাপে বিখ্যাত।১
সাধাৰণ তথ্য
২০১১ৰ লোকপিয়লানুসৰি শিৰডীৰ জনসংখ্যা ৩৬০০৪। ৫৩% পুৰুষ আৰু ৪৭% মহিলা। শিৰডীৰ সাক্ষৰতাৰ হাৰ ৭০য% যি ৰাষ্ট্ৰীয় ৫৯.৫ শতাংশৰ হাৰতকৈ অধিক। ৭৬% পুৰুষ সাক্ষৰ আৰু ৬২% মহিলা সাক্ষৰ। শিৰডীৰ ১৫% লোকৰ বয়স ৬ বছৰতকৈ কম।২
তীৰ্থস্থান হোৱাৰ বাবে শিৰডীৰ অস্থায়ী জনসংখ্যা অতিকৈ অধিক। দিনে প্ৰায় ২৫০০০ ভক্তই দৰ্শন কৰিবলৈ আহে। তদুপৰি, সংস্থাপন সহজলভ্য হোৱাৰ বাবে উত্তৰ প্ৰদেশ, বিহাৰ, চত্তীশগড়, তেলাংগনা, আন্ধ্ৰ প্ৰদেশ আদিৰপৰা বহু সংখ্যক লোক, বিশেষকৈ কম অৰ্হতা থকা শ্ৰমিক কৰ্মৰ বাবে আহে।
সংযোগ

শিৰডীৰ মুম্বাইৰপৰা দূৰত্ব প্ৰায় ২৯৬ কিলোমিটাৰ। এই নগৰ সাইৰ ভূমি ৰূপে জনাজাত। নিকটতম্ আৰু সৰ্বাধিক সংযোজিত নগৰ আহমেদ নগৰ। চেন্নাই৩৪, মুম্বাই, মাইচ'ৰ৫ আৰু অন্যান্য স্থানৰপৰা শিৰডীলৈ ৰে'ল চলে। নাচিক (১১৯ কিলোমিটাৰ দূৰত), মন্মদ (৮৭ কিলোমিটাৰ দূৰত), নগৰচ'ল, ক'পাৰগাওঁ (১৫ কিলোমিটাৰ দূৰত), আহমেদনগৰ (৮৩ কিলোমিটাৰ দূৰত), দৌণ্ড (১৭৯ কিলোমিটাৰ দূৰত) আদি নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচন।
পথ
ৰেলৱে' ষ্টেচনসমূহৰপৰা আৰু ৰেলৱে' ষ্টেচনসমূহলৈ বাছ আৰু টেক্সি চলে। মহাৰাষ্ট্ৰৰ আহমেদনগৰ, পুনে, থানে, নাচিক, অকলুজ, ঢুলে, নাগপুৰ আৰু ঔৰংগাবাদৰপৰা শিৰডীলৈ পথেৰে যাব পৰা যায়। সাই বাবাৰ ঠাইলৈ সৰ্বাধিক ভক্ত অহা হাইদৰাবাদৰপৰাও পথেৰে যাব পাৰে।
আকাশ
শিৰডী বিমান বন্দৰৰ নিৰ্মাণ কাৰ্য চলি আছে, শিৰডীৰ দক্ষিণ-পশ্চিমলৈ ১৪ কিলোমিটাৰৰ দূৰত্বত। ২০১১ চনৰ ডিচেম্বৰত কাম সম্পূৰ্ণ হ'ব লগীয়া এই বিমান বন্দৰৰ৬ কাম ২০১৬ চনতা্হে শেষ হ'ল আৰু ২ মাৰ্চ ২০১৬ চনত প্ৰথমখন বিমানৰ পৰীক্ষামূলক অৱতৰণ ঘটিল।৭ ২০১৭ অথবা ২০১৮লৈ ৰান ৱে'ৰ দৈৰ্ঘ্য ২২০০ মিটাৰৰ পৰা ৩২০০ মিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিশ্চিত কৰা হৈছে।৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Shirdi. Amazing Maharashtra
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
- ↑ (2011-06-30). New trains will start operations from July. দ্য হিন্দু
- ↑ (2011-07-01). Coimbatore-Tuticorin Express service from today. দ্য হিন্দু
- ↑ (2011-07-29). Mysore-Shirdi weekly train from Aug 1. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2 July 2010). Shirdi airport work in full swing: Official. Times of India
- ↑ Yogesh Naik. (3 March 2016). First trial flight touches down at Shirdi airport. Mumbai Mirror
- ↑ Kunal Anand. (10 February 2016). Maharashtra govt made the runway for Shirdi Airport in 2013, rest of it will be made in 2017!. India Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৰডী” প্ৰবন্ধৰ সংশোধন ৬৪০২৩১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।