ভাৰতৰ চলচ্চিত্ৰ
৫৬ প্ৰবন্ধ
-
ফাইটাৰ (২০২৪ চলচ্চিত্ৰ)
ফাইটাৰ হৈছে সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত ২০২৪ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন একচন চলচ্চিত্ৰ। ভায়াকম১৮ ষ্টুডিঅ'ছ আৰু মাৰ্ফ্লিক্স পিকচাৰ্ছে ছবিখনৰ প্ৰযোজনা কৰিছে। হৃতিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিকল্পিত এৰিয়েল একচন ফ্ৰেঞ্চাইজিৰ প্ৰথমখন ছবি।
-
ফেন (২০১৬ চলচ্চিত্ৰ)
ফেন (Fan) হৈছে মনীষ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০১৬ চনৰ এখন হিন্দী ৰোমাঞ্চকৰ বোলছবি। শ্বাহৰুখ খান এই বোলছবিৰ মুখ্য অভিনেতা। চাউণ্ডট্ৰেক আল্বাম আৰু অৰিজিনেল স্ক'ৰ ক্ৰমত বিশ্বাল-শ্বেখৰ আৰু এণ্ড্ৰিয়া গুৱেৰাৰ। ছবিখনে ১৫ এপ্ৰিল ২০১৬ চনত মুক্তি লাভ কৰে।
-
হনু মান
হনু মান (হনুমান নামেৰেও বিপণন কৰা হৈছে) হৈছে প্ৰশান্ত বৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ছুপাৰহিৰো চলচ্চিত্ৰ। প্ৰাইমশ্ব’ এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰঞ্জন ৰেড্ডী কন্দগটলাই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
ৰজনীকান্ত অভিনীত চলচ্চিত্ৰসমূহ
ৰজনীকান্তে ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। এই তালিকাত তেওঁ অভিনীত চলচ্চিত্ৰসমূহ তালিকাভূক্ত কৰা হৈছে।
-
অল ইণ্ডিয়ান চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচন
অল ইণ্ডিয়ান চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচন (All Indian Cine Workers Association) চমুকৈ 'এআইচিডব্লিউএ' (AICWA) হৈছে মুম্বাইত পঞ্জীয়নভুক্ত এটা অলাভজনক সংগঠন। সুৰেশ শ্যামলাল গুপ্তাই এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল।
-
এল২: এমপুৰান
এল২: এমপুৰান (ইংৰাজী: L2: Empuraan) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় মালায়ালম ভাষাৰ মহাকাব্যিক ৰাজনৈতিক একচন থ্ৰীলাৰ চলচ্চিত্ৰ। পৃথ্বীৰাজ সুকুমাৰনৰ পৰিচালনা আৰু মুৰুলী গোপীৰ কাহিনীৰে নিৰ্মিত এই ছবিখন আশীৰ্বাদ চিনেমাছ, লাইকা প্ৰডাকচঞ্চ আৰু শ্ৰী গোকুলম মুভিজৰ বেনাৰত অণ্টনি পেৰুম্বাভুৰ,…
-
ককাদেউতা নাতি আৰু হাতী ২
ককাদেউতা নাতি আৰু হাতী ২ (Koka Deuta Nati Aru Hati 2) হৈছে বিশ্বজিৎ বৰা পৰিচালিত, ২০২৬ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰৰ অধীনত ৰিণিকি ভূঞা শৰ্মাই এই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
কুম্বালাংগী নাইটছ
কুম্বালাংগী নাইটছ হৈছে ২০১৯ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰোমাণ্টিক কমেডী ড্ৰামা চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে শেন নিগম, ফাহাদ ফাচিল, চৌবিন চাহিৰ আৰু শ্ৰীনাথ ভাষীয়ে। ইয়াৰ উপৰি ন-শিকাৰু আন্না বেন, গ্ৰেচ এণ্টনি আৰু মেথিউ থমাছে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
কেলকাতা ফিল্ম ছচাইটি
কেলকাতা ফিল্ম ছচাইটি (ইংৰাজী: Calcutta Film Society) আছিল ভাৰতৰ পশ্চিমবঙ্গৰ কলকাতা চহৰৰ দ্বিতীয়খন চলচ্চিত্ৰ সমাজ। ১৯৪৭ চনত স্বাধীনতাৰ ঠিক পাছতেই সত্যজিৎ ৰায়, চিদানন্দ দাসগুপ্ত, সুনীল জানাহ, আৰ পি গুপ্তা, বংশী চন্দ্ৰগুপ্ত, হৰিসাধন দাসগুপ্ত আৰু অন্যান্যসকলে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল।
-
ক্লাছমেটছ (২০০৬ চনৰ চলচ্চিত্ৰ)
ক্লাছমেটছ (ইংৰাজী: Classmates) হৈছে ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ কেম্পাছ জীৱনভিত্তিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে লাল জোছে আৰু কাহিনী লিখিছে জেমছ এলবাৰ্টে।
-
ট্ৰাফিক ( ২০১১ চনৰ চলচ্চিত্ৰ )
ট্ৰাফিক হৈছে ২০১১ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ থ্ৰীলাৰধৰ্মী ৰোড চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে ৰাজেশ পিল্লাই আৰু কাহিনী লিখিছে ববী-সঞ্জয়ে।
-
থুদৰম
থুদৰম হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত এক ভাৰতীয় মালয়ালম ভাষাৰ একচন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে তৰুণ মূৰ্তিকিয়ে, আৰু তেওঁ কে আৰ সুনিলৰ সৈতে যুটীয়াভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে। ৰেজা পুত্ৰ ভিজুৱেল মিডিয়াৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে এম ৰঞ্জিতে।
-
দ্য লাষ্ট কিচ
দ্য লাষ্ট কিচ (The Last Kiss) অম্বুজ গুপ্তাৰ পৰিচালনাত ১৯৩১ চনত নিৰ্মিত ব্ৰিটিছ ভাৰতৰ এখন নিৰ্বাক চলচ্চিত্ৰ। ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা এই ছবিখন পূৰ্ববংগৰ (বৰ্তমান বাংলাদেশ) প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল। ঢাকাত শ্বুটিং কৰা ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম কলকাতাত কৰা হৈছিল।
-
পথেমৰী
পথেমৰী (অৰ্থাৎ দাও বা পালষ্টাৰ নৌকা) হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ পিৰিয়ড ড্ৰামা চলচ্চিত্ৰ। এই কথাছবিখনৰ ৰচনা আৰু পৰিচালনা চেলিম আহমেদৰ। ইয়াত মামুট্টিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
পৰজানিয়া (২০০৭ চলচ্চিত্ৰ)
পৰজানিয়া (অসমীয়া ভাঙনি: পৃথিৱীৰ স্বৰ্গ আৰু নৰক) ৰাহুল ধোলাকিয়াৰদ্বাৰা পৰিচালিত ২০০৭ চনৰ এক ভাৰতীয় নাট্যধৰ্মী ছবি। ইয়াৰ ৰচনা ক্ৰমে ধোলাকিয়া আৰু ডেভিদ এন. ড'নিহোৰ। নাছিৰুদ্দিন শ্বাহ আৰু চাৰিকাই মুখ্য ভূমিকা পালন কৰা এই ছবিখন সহশিল্পী হিচাপে আছিল কৰিন নেমেক আৰু ৰাজ জোৎসী।
-
বেংগালুৰু ডেজ
বেংগালুৰু ডেজ হৈছে ২০১৪ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ কৈশোৰ আৰু যৌৱনকালৰ সংগ্ৰামভিত্তিক কমেডী ড্ৰামা চলচ্চিত্ৰ। এই ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে অঞ্জলি মেননে। আনৱাৰ ৰছিদ আৰু ছফিয়া পলে আনৱাৰ ৰছিদ এণ্টাৰটেইনমেণ্টছ আৰু ৱীকেণ্ড ব্লকবাষ্টাৰ্ছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে।
-
বৰখা (চলচ্চিত্ৰ)
বৰখা (Barkha; ) হʼল ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত, কৃষ্ণন–পাঞ্জুৰ দ্বাৰা পৰিচালিত আৰু এ. ভি. মেইয়াপ্পানৰ প্ৰযোজিত, ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ই তামিল ছবি থাই পিৰান্ধল ৱাজি পিৰাক্কুম (১৯৫৮)ৰ পুনৰ্নিৰ্মাণ। অভিনেতা জগদীপ আৰু অভিনেত্ৰী নন্দাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ
ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (National Film Archive of India বা NFAI) ১৯৬৪ চনৰ ফেব্ৰুৱাৰী মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এটা মিডিয়া ইউনিট হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ ফেডাৰেচনৰ সদস্য আছিল।
-
ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম
ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (National Film Development Corporation of India) চমুকৈ 'এনএফডিচি' (NFDC) হৈছে উচ্চমানৰ ভাৰতীয় চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ ১৯৭৫ চনত মুম্বাইত স্থাপিত এক কেন্দ্ৰীয় সংস্থা।
-
মহেশীন্তে প্ৰতিকাৰম
মহেশীন্তে প্ৰতিকাৰম (অৰ্থ: মহেশৰ প্ৰতিশোধ) হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ কমেডী ড্ৰামা চলচ্চিত্ৰ। এইখন পৰিচালক দিলীশ পুথানৰ পৰিচালনাৰ প্ৰথম ছবি আছিল আৰু ছবিখনৰ প্ৰযোজনা কৰিছিল আশিক আবুৱে।
-
মায়ানদী
মায়ানদী (অৰ্থ: ৰহস্যময় নদী) হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ ৰোমাণ্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা আৰু সহ-প্ৰযোজনা কৰিছে আশিক আবুৱে আৰু কাহিনী লিখিছে শ্যাম পুষ্কৰণ আৰু দিলীছ নায়াৰে।
-
মিন্নাল মুৰুলী
মিন্নাল মুৰুলী (মালয়ালম: മിന്നൽ മുരളി, অৰ্থ: বিজুলী মুৰুলী) হৈছে ২০২১ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ ছুপাৰহিৰো চলচ্চিত্ৰ। উইকেণ্ড ব্লকবাষ্টাৰ্ছৰ বেনাৰত ছফিয়া পলে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে বাছিল জোচেফে। ইয়াৰ চিত্ৰনাট্য লিখিছে অৰুণ অনিৰুদ্ধন আৰু জাষ্টিন মেথিউৱে।
-
লেণ্ড অৱ উইড'ছ
লেণ্ড অৱ উইড’ছ হৈছে আৰতি শ্ৰীবাস্তৱৰ দ্বাৰা পৰিচালিত ২১ মিনিটৰ এখন ভাৰতীয় তথ্যচিত্ৰ। তথ্যচিত্ৰখনে ভাৰতৰ ৰাজস্থান ৰাজ্যৰ খনি শ্ৰমিকৰ অস্থায়ী কৰ্ম পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
-
সন্তোষ (২০২৪ চলচ্চিত্ৰ)
সন্তোষ (Santosh) সন্ধ্যা সূৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, হিন্দী ভাষাৰ এখন অপৰাধমূলক নাট্য চলচ্চিত্ৰ। ছবিখন যুক্তৰাজ্য, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ এক আন্তঃৰাষ্ট্ৰীয় সহ-প্ৰযোজনা।
-
হনুমান পাতাল বিজয়
হনুমান পাতাল বিজয় (হিন্দী: हनुमान पाताल विजय) ১৯৫১ চনত হোমী ৱাডিয়াই তেওঁৰ বসন্ত পিকচাৰ্ছ জৰিয়তে ভাৰতীয় পৌৰাণিক কাহিনীৰ ভিত্তিত পৰিচালনা কৰা এখন হিন্দী ছবি। এই ভক্তিমূলক ছবিখনত মীনা কুমাৰীয়ে অভিনয় কৰিছিল আৰু এছ. এন. ত্ৰিপাঠীয়ে হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
ৰুদ্ৰ (চলচ্চিত্ৰ)
ৰুদ্ৰ (Rudra) হʼল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় কন্নড় ভাষাৰ এখন একচনধৰ্মী চলচ্চিত্ৰ। ছবিখন পৰিচালক কে. এছ. আৰ. দাসে ৰচনা তথা পৰিচালনা কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিষ্ণুবৰ্ধন আৰু অভিনেত্ৰী খুছবু সুন্দৰে আৰু পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল বজ্ৰমুনি, কে. এছ. অশ্বথ এবং লোহিতাস্বই।