অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চিষ্টাৰ মিডনাইট

চিষ্টাৰ মিডনাইট (Sister Midnight) হʼল কৰণ কান্ধাৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, এখন ব্লেক কমেডী চলচ্চিত্ৰ। ছবিখনত অভিনেত্ৰী ৰাধিকা আপ্টেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অশোক পাঠক, ছায়া কদম আৰু স্মিতা তাম্বেই ছবিখনৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ৫ জুলাই ২০২৫ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

চিষ্টাৰ মিডনাইট (Sister Midnight) হʼল কৰণ কান্ধাৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, এখন ব্লেক কমেডী চলচ্চিত্ৰ।১ ছবিখনত অভিনেত্ৰী ৰাধিকা আপ্টেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অশোক পাঠক, ছায়া কদম আৰু স্মিতা তাম্বেই ছবিখনৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে।

২০২৪ চনৰ ১৯ মে’ তাৰিখে, কান চলচ্চিত্ৰ মহোৎসৱ, ২০২৪-ত, ডিৰেক্টৰছ ফʼৰ্টনাইট বিভাগত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল। এগৰাকী ব্ৰিটিছ লেখক, পৰিচালক তথা প্ৰযোজকৰ অসাধাৰণ আত্মপ্ৰকাশৰ শিতানত ছবিখন ৭৮তম বাফটা বঁটাৰ বাবে মনোনীত হৈছিল।২৩ ২০২৫ চনৰ ৩০ মেʼ তাৰিখে ভাৰতৰ ছবিগৃহসমূহত ছবিখনে মুক্তি পায়।৪

কাহিনী

চিষ্টাৰ মিডনাইট হৈছে মুম্বাইত, এক আনুষ্ঠানিক বিবাহ (Arranged marriage)ত আৱদ্ধ উমা নামৰ এগৰাকী মহিলাৰ কাহিনী। তেওঁ একাকিত্ব আৰু হতাশাৰ সৈতে যুঁজি থকাৰ সময়তে তেওঁৰ জীৱনত কিছু অবাস্তৱ আৰু গভীৰ হাস্যকৰ ঘটনা ঘটে।৫৬

অভিনয় শিল্পী

প্ৰযোজনা

২০২২ চনত, এই প্ৰকল্পটোৱে ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ পৰা ১.০৩ মিলিয়ন পাউণ্ডৰ প্ৰডাকচন অনুদান লাভ কৰিছিল।৭ কোডাক আৰু পেনাভিছন নামৰ আমেৰিকীয় কোম্পানী দুখনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।৮

মুক্তি

২০২৪ চনৰ ১৯ মেʼ তাৰিখে, ২০২৪ বৰ্ষৰ কান চলচ্চিত্ৰ মহোৎসৱত, ডিৰেক্টৰছ ফʼৰ্টনাইট বিভাগত চিষ্টাৰ মিডনাইটৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হয়।৯ ইয়াৰ পূৰ্বে প্ৰ’টাগ’নিষ্ট পিকচাৰ্ছ নামৰ চেলছ কোম্পানী এখনে ছবিখনৰ বিশ্বব্যাপী বিক্ৰীৰ দায়িত্ব লৈছিল।১০ ২০২৪ চনৰ জুলাই মাহত অল্টিটিউড ফিল্ম ডিষ্ট্ৰিবিউচনে যুক্তৰাজ্যত ছবিখনৰ বিতৰণৰ অধিকাৰ লাভ কৰে।১১ ২০২৪ চনৰ অক্টোবৰ মাহত মেগনেট ৰিলিজিঙে আমেৰিকা যুক্তৰাষ্ট্ৰত ছবিখনৰ বিতৰণৰ অধিকাৰ লাভ কৰে।১২ ২০২৫ চনৰ ৩০ মেʼ তাৰিখে ভাৰতৰ চিত্ৰগৃহত ছবিখন মুক্তি পায়।১৩

সঁহাৰি

ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত, ছবিখনে ৫৫জন সমালোচকৰ ৰিভিউৰ ভিতৰত ৯৬% ইতিবাচক সমালোচনা লাভ কৰে।১৪ ছবিখনে ইয়াৰ অনন্য কাহিনী আৰু আকৰ্ষণীয় দৃশ্য শৈলীৰ বাবে প্ৰশংসিত হৈছে, যিয়ে হিন্দী ভাষাৰ স্বতন্ত্ৰ চলচ্চিত্ৰলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

বঁটা-বাহন

পুৰস্কাৰঅনুষ্ঠানৰ তাৰিখশিতানপ্ৰাপক(সকল)ফলাফলতথ্যসূত্ৰ
কান চলচ্চিত্ৰ মহোৎসৱ২৫ মে’ ২০২৪কেমেৰা ডি অৰকৰণ কান্ধাৰী১৫
ফেণ্টাষ্টিক ফেষ্ট২৪ ছেপ্টেম্বৰ ২০২৪নেক্সট ৱেভ – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ১৬
হাৱাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ১২ অক্টোবৰ ২০২৪নেটপাক বঁটা১৭
জুৰিখ চলচ্চিত্ৰ মহোৎসৱ১৩ অক্টোবৰ ২০২৪গʼল্ডেন আই বঁটা১৮
ব্ৰিটিছ স্বতন্ত্ৰ চলচ্চিত্ৰ বঁটা৮ ডিচেম্বৰ ২০২৪শ্ৰেষ্ঠ মুখ্য ভূমিকাৰাধিকা আপ্টে১৯
শ্ৰেষ্ঠ সংগীত তত্ত্বাৱধানক্লে চেভিডজ
ডগলাছ হিকক্স বঁটা (শ্ৰেষ্ঠ নৱাগত পৰিচালক)কৰণ কান্ধাৰী
শ্ৰেষ্ঠ আত্মপ্ৰকাশৰ চিত্ৰনাট্যকাৰ
ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা১৬ ফেব্ৰুৱাৰী ২০২৫এগৰাকী ব্ৰিটিছ লেখক, পৰিচালক তথা প্ৰযোজকৰ দ্বাৰা অসাধাৰণ আত্মপ্ৰকাশ২০

তথ্যসূত্ৰ

  1. ↑ Sister Midnight, A Horrifying but Sad Movie.. Ginger Nuts of Horror
  2. ↑ BAFTA Awards 2025: Sandhya Suri's Santosh, Karan Kandhari's Sister Midnight nominated alongside Dev Patel's Monkey Man. হিন্দুস্তান টাইমছ
  3. ↑ Films by Indian-origin filmmakers earn top nods at BAFTA Awards 2025. Asia News Network
  4. ↑ (2025-05-30). Radhika Apte embraces risk with Sister Midnight, hopes film releases uncut in India. India Today
  5. ↑ Ide, Wendy. (2025-03-16). Sister Midnight review – deliciously macabre Mumbai marriage-gone-wrong black comedy. the Guardian
  6. ↑ Bradshaw, Peter. (2025-03-12). Sister Midnight review – Mumbai-set comic horror finds the terror in arranged marriage. The Guardian
  7. ↑ Tabbara, Mona. (28 December 2022). The BFI's 10 biggest production awards of 2022. Screen Daily
  8. ↑ (22 May 2024). Sverre Sørdal, FNF, talks about the shooting of "Sister Midnight", by Karan Kandhari. French Society of Cinematographers
  9. ↑ Roxborough, Scott. (16 April 2024). Cannes Directors' Fortnight Lineup Unveiled. The Hollywood Reporter
  10. ↑ Tabbara, Mona. (22 April 2024). Protagonist Pictures boards Cannes Directors' Fortnight title 'Sister Midnight'; unveils first look (exclusive). Screen Daily
  11. ↑ Tabbara, Mona. (18 July 2024). UK's Altitude adds 'Emmanuelle', 'Sister Midnight', 'I'm Still Here' to ramped-up distribution slate (exclusive). Screen Daily
  12. ↑ Grobar, Matt. (24 October 2024). Magnet Releasing Takes U.S. Rights To Karan Kandhari's Cannes Directors' Fortnight Selection 'Sister Midnight'. Deadline Hollywood
  13. ↑ (2025-05-30). Radhika Apte embraces risk with Sister Midnight, hopes film releases uncut in India. India Today
  14. ↑ Sister Midnight. Rotten Tomatoes
  15. ↑ (8 May 2024). The 2024 Caméra d'or: who are the contenders?. Cinéma de Demain
  16. ↑ Taylor, Drew. (24 September 2024). Barry Keoghan's 'Bring Them Down' Wins Best Picture, Main Competition at Fantastic Fest · Exclusive. TheWrap
  17. ↑ Valcourt, Katrina. (17 October 2024). Local Filmmakers Win Big as HIFF44's Awards Are Announced. Honolulu
  18. ↑ Garner, Glenn. (12 October 2024). Zurich Film Festival 2024 Winners — Full List. Deadline Hollywood
  19. ↑ Dalton, Ben. (5 November 2024). 'Kneecap', 'Love Lies Bleeding', 'The Outrun' lead Bifa 2024 nominations. Screen Daily
  20. ↑ Fernandes, Shefali. (15 January 2025). BAFTA 2025: All We Imagine As Light Nominated For Best Foreign Film; Indian Films Monkey Man, Santosh, Sister Midnight Lead Nominations. Free Press Journal

সম্পৰ্কিত শ্ৰেণী

২০২৪ বৰ্ষৰ চলচ্চিত্ৰইংৰাজী চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিষ্টাৰ মিডনাইট” প্ৰবন্ধৰ সংশোধন ৫২২১৮২ (৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।