অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ (Muslim Women (Protection of Rights on Marriage) Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে।

হালনাগাদ: ২৪ মাৰ্চ ২০২১ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ (Muslim Women (Protection of Rights on Marriage) Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলে পত্নীক সহজে বিবাহ বিচ্ছেদ দিব পৰা তিনি তালাকৰ ব্যৱস্থাৱলীক অসংবিধানিক বুলি ঘোষণা কৰে।১ সংখ্যালঘু নেতৃত্বই তিনি তালাকক নিয়ন্ত্ৰণ কৰিবলৈ সংসদে উপযুক্ত আইন প্ৰণয়নৰ বিবেচনাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।২৩

২০১৭ চনৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয় আৰু তিনি তালাক গোচৰৰ উদ্ধৃতি দি৪ চৰকাৰে মুছলমান মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা) বিধেয়ক, ২০১৭ দাখিল কৰে।৫ এই বিধেয়কত প্ৰস্থাৱ কৰা হৈছিল যে যি কোনো ৰূপত- মুখৰ কথাৰে, লিখিত ভাবে বা ইলেক্ট্ৰনিক মাধ্যমেৰে তিনি তালাক অবৈধ আৰু অকাৰ্যকৰী হব। লগতে ইয়াত তিনি তালাক দিয়া স্বামীক আইন ভঙ্গৰ অপৰাধত তিনি বছৰলৈকে কাৰাবাস দিয়াৰ ব্যৱস্থাও ৰখা হৈছিল।৫ বিধেয়কখন লোকসভাত গৃহীত হয়, যদিও উচ্চসদন ৰাজ্যসভাত বিৰোধীপক্ষই ইয়াক গৃহীত হ’বলৈ নিদিয়ে।৬৭

বিধেয়কখন ২০১৯ চনৰ জুলাইত পুনৰবাৰ লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰা হয় আৰু ই গৃহীত হয়।৮৯ লগেলগে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতিও লাভ কৰে।১০ এই আইনখনে পীড়িতা মহিলাক অপ্ৰাপ্তবয়স্ক সন্তানৰ ভৰণ-পোষকৰ দাবী জনোৱাৰো অধিকাৰ দিছে। এমাহৰ ভিতৰতে আইনখৰ বিষয়ে জাননী জাৰী কৰা হ’ল। ইয়াক ২০১৮ চনৰ ১৯ চেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়।১১

ইতিহাস

২০১৭ৰ বিধেয়কখন লোকসভাত ২০১৮ চনৰ ২৭ ডিচেম্বৰত গৃহীত হয়১২ যদিও ৰাজ্যসভাৰ বিৰোধী পক্ষই ইয়াক ষ্টেণ্ডিং কমিটিৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনায়।১৩১৪ সংসদৰ অধিবেশনৰ সময়সীমাৰ ভিতৰত বিধেয়কখন গৃহীত নোহোৱাত ইয়াক কাৰ্যকৰী কৰিবলৈ এখন ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰী কৰা হয়। ২০১৯ চনৰ ২২ জানুৱাৰীত অধ্যাদেশৰ মিয়াদ উকলি যায়। ২০১৯ চনৰ ১০ জানুৱাৰীত পুনৰ একেখন বিধেয়ককে সংসদত উত্থাপন কৰে।১৫১৬ এইবাৰো লোকসভাত গৃহীত হয় যদিও ৰাজ্যসভাত ই স্থবিৰ হৈ ৰয়। ২০১৯ চনৰ এপ্ৰিলত সংসদৰ অধিবেশন স্থগিত হোৱাত বিধেয়কখনো তেনেকৈয়ে পৰি ৰয়।১৭

আকৌ নতুনকৈ মুছলমান মহিলা (বিবাহ অধিকাৰৰ সুৰক্ষা) অধ্যাদেশ, ২০১৯ জাৰী কৰা হয় আৰু ইয়াৰো মিয়াদো, সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ ৬ সপ্তাহ পিছত, একে বছৰৰে ২৯ আগষ্টত উকলি যায়। চৰকাৰে ২০১৯ চনৰ ২১ জুনত লোকসভাত চৰকাৰে নতুন বিধেয়ক এখন উত্থাপন কৰে।১৮১৯ ই ২০১৯ চনৰ ২৫ জুনত লোকসভাত গৃহীত হয়। ৰাজ্যসভাত গৃহীত হয় ২০১৯ৰ ৩১ জুলাইত।২০২১ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে় বিধেয়কত চহী কৰে ৩১ জুলাই ২০১৯ত। একে দিনাই ৰাজপত্ৰত জাননী জাৰীও কৰা হয়। এই আইন কাৰ্যকৰী হয় ১৯ চেপ্তেম্বৰ ২০১৮ৰ পৰা।১১

তথ্যসূত্ৰ

  1. ↑ (2017). Shayara Bano v. Union of India. Supreme Court Cases. পৃ. 1–298
  2. ↑ Deshpande, Pushkraj. (30 January 2018). India: Triple Talaq, Judgment Of Hon'ble Supreme Court And The Most Anticipated Triple Talaq Bill. www.mondaq.com
  3. ↑ (22 August 2017). Supreme court bars triple talaq. The Times of India
  4. ↑ (28 December 2017). '100 cases of instant triple talaq in the country since the SC judgement'
  5. ↑ (28 December 2017). Government introduces triple talaq bill in Lok Sabha
  6. ↑ Choudhury, Sunetra; Prabhu, Sunil. (28 December 2017). Landmark 'Triple Talaq' Bill Clears Lok Sabha, In Rajya Sabha Next. NDTV
  7. ↑ Prabhu, Sunil. (5 January 2018). No Triple Talaq Bill As Parliament's Winter Session Ends. NDTV
  8. ↑ (26 July 2019). Lok Sabha passes instant triple talaq bill. Economic Times
  9. ↑ (30 July 2019). History made, triple talaq bill passed by Parliament. India Today
  10. ↑ (2019-08-01). President Ram Nath Kovind gives assent to triple talaq Bill. The Hindu
  11. ↑ (31 July 2019). The Gazette of India. EXTRAORDINARY. PART II—Section 1
  12. ↑ Lok Sabha debates bill 'criminalising' instant triple talaq: Who said what - Times of India. The Times of India
  13. ↑ triple talaq bill in Rajya Sabha. The Times of India
  14. ↑ triple talaq bill stuck in Rajya Sabha. The Times of India
  15. ↑ Cabinet approves re-promulgation of triple talaq Ordinance- Economic Times. The Economic Times
  16. ↑ Cabinet approves re-promulgation of triple talaq Ordinance- News18. The News18
  17. ↑ Citizenship and triple talaq Bills lapse as budget session comes to an end. Mint
  18. ↑ Fresh triple talaq Bill introduced in Lok Sabha. Indian Express Website
  19. ↑ THE MUSLIM WOMEN (PROTECTION OF RIGHTS ON MARRIAGE)BILL, 2019. Lok Sabha India Website
  20. ↑ Lok Sabha passes instant triple talaq bill. Economic Times
  21. ↑ triple talaq bill passed in Rajya Sabha - India Today. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইনবিবাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯” প্ৰবন্ধৰ সংশোধন ২৬৮৮৫৬ (২৪ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।