হিন্দু বিবাহ আইন হৈছে ১৯৫৫ চনত ভাৰতীয় সংসদত গৃহীত হোৱা এখন আইন। হিন্দু ক’ড বিলৰ অংশ হিচাপে আৰু তিনিখন বিল গৃহীত কৰা হৈছিল। সেইকেইখন হৈছে হিন্দু উত্তৰাধিকাৰী আইন (১৯৫৬), হিন্দু নাবালক আৰু অভিভাৱকত্ব আইন (১৯৫৬) আৰু হিন্দু দত্তক আৰু চোৱাচিতা আইন (১৯৫৬)।
উদ্দেশ্য
এই আইনখনৰ মূল উদ্দেশ্য আছিল হিন্দুৰ বিবাহ সম্পৰ্কীয় নিয়মসমূহ সংশোধন আৰু আইনবদ্ধ কৰা১। শাস্ত্ৰীয় আইনৰ সংশোধন কৰাৰ উপৰিও এই আইনখনে বিবাহ বিচ্ছেদৰ প্ৰৱৰ্তন কৰিছিল যিটো শাস্ত্ৰীয় আইনত নাছিল। এই আইনখনে হিন্দুধৰ্মৰ বিভিন্ন ভাগসমূহৰ মাজত সমতা আনিছিল।
প্ৰযোজ্যতা
২ নং অনুচ্ছেদ অনুসৰি২
- এই আইনখন প্ৰযোজ্য হব-
- যিকোনো ব্যক্তি যি ধৰ্মসূত্ৰে হিন্দু বা বিৰাশৈৱ বা লিংগায়ত নতুবা ব্ৰাহ্ম,প্ৰাৰ্থনা আৰু আৰ্য্য সমাজৰ অনুগামী।
- শিখ, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম ধৰ্মৰ যিকোনো অনুগামী
- ভাৰতৰ চাৰিসীমাত থকা যিকোনো ব্যক্তি যি মুছলমান, খ্ৰীষ্টান, পাৰ্চী বা ইহুদি নহয়।
গতিকে এই আইনখনে সকলো হিন্দু, জৈন, বৌদ্ধ বা সেইসকল লোক যিসকল মুছলমান, খ্ৰীষ্টান, পাৰ্চী বা ইহুদি নহয়। ভাৰতৰ চাৰিসীমাৰ বাহিৰৰ হিন্দুৰ ক্ষেত্ৰতো প্ৰযোজ্য হব যদিহে তেওঁলোক ভাৰতৰ নাগৰিক হয়।৩
এই আইনখন ৰক্ষণশীল হিচাপে চোৱা হৈছে যিহেতু এইখনে ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদ অনুসৰি বৌদ্ধ, জৈন আৰু শিখসকলকো সামৰি লৈছে৪। অৱশ্যে আনন্দ বিবাহ সংশোধনী বিধেয়ক,২০১২ গৃহীত হোৱাৰ পিছত শিখসকলক সেই আইনখনৰ আওঁতালৈ অনা হৈছে৫।
হিন্দু বিবাহ আইন মতে ৮ নং অনুচ্ছেদ অনুসৰি এখন বিবাহ একেদিনাই পঞ্জীয়ন কৰিব পাৰি। প্ৰয়োজনীয় কাগজ-পাতি জমা কৰাৰ পিছত সেই একে দিনাই বিবাহৰ প্ৰমাণ পত্ৰ দিয়া হয়৬ ।
চৰ্ত্তসমূহ
আইনখনৰ ৫ নং অনুচ্ছেদমতে২যিকোনো দুগৰাকী হিন্দুৰ মাজত বিবাহ সম্ভৱ হৈ উঠে যদিহে তলৰ চৰ্ত্তসমূহ পূৰণ হয়।
- কোনো বিবাহ প্ৰাৰ্থীৰেই পূৰ্বৰ জীৱিত জীৱনসংগী থাকিব নোৱাৰিব৭।
- দুয়োটা পক্ষই মানসিকভাৱে সুস্থ হব লাগিব।
- দৰাজনৰ ন্যূনতম বয়স ২১ আৰু কইনাজনীৰ ১৮ বছৰ হ'ব লাগিব।
- দৰা আৰু কইনা সম্পৰ্কীয় তেতিয়াহে হ'ব যদিহে তেওঁলোকৰ সমাজত তেনে প্ৰথা আছে। নহ'লে নোৱাৰে।
অভিভাৱক
আইনখনৰ ৬ নং অনুচ্ছেদ অভিভাৱকৰ বিষয়ে উল্লেখ আছে। উল্লিখিত অভিভাৱকসকল হ'ল; পিতৃ, মাতৃ, দেউতাকৰ মাতৃ আৰু পিতৃ, ভাতৃ আদি৮।
আনুষ্ঠানিকতা
হিন্দু বিবাহ আইনৰ ৭ নং অনুচ্ছেদমতে বিভিন্ন আনুষ্ঠানিক পৰ্বক মান্যতা প্ৰদান কৰা হৈছে। সমাজত প্ৰচলিত যিকোনো আনুষ্ঠানিকতাৰে বিবাহ সম্পন্ন কৰিব পাৰে। তেনে এবিধ প্ৰথা হৈছে ‘সপ্তপদী’ য'ত দৰা-কইনা একেলগে পবিত্ৰ হোমাগ্নিৰ চাৰিওফালে সাতপাক ঘূৰে৯।
পঞ্জীয়ন
আইনখনৰ ৮ নং অনুচ্ছেদমতে ৰাজ্যিক চৰকাৰে পঞ্জীয়নৰ নিয়ম নীতি ধাৰ্য কৰিব পাৰে। পঞ্জীয়ন প্ৰমাণপত্ৰখন বিবাহৰ প্ৰমাণ পত্ৰ হিচাপে মানি লোৱা হ'ব।
বিবাহ বিচ্ছেদ
বিবাহিতসকলৰ যদি কোনো এটা পক্ষৰেই সন্তানহীনতা, মানসিক বিকাৰগ্ৰস্ততা বা অবৈধ সংগী থাকে তেন্তে বিবাহৰ বৈধতা শেষ হ'ব। তদুপৰি দুয়োজনে যদি দুবছৰতকৈ বেছিদিন পৃথকে থাকে বা কোনো এগৰাকী হিন্দুধৰ্মৰ পৰা আন ধৰ্মলৈ ধৰ্মান্তৰিত হয় বা যৌনৰোগ বা কুষ্ঠৰোগ থাকিলে স্বামী বা স্ত্ৰীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰে। যদি পুৰুষজনে দ্বিতীয় এগৰাকী পত্নী বিয়া কৰায় তেন্তে পূৰ্বৰ পত্নীয়ে বিবাহ বিচ্ছেদ বিছাৰিব পাৰে। অৱশ্যে বিয়া হোৱাৰ এবছৰৰ ভিতৰত কোনেও বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিব নোৱাৰে।
উচ্চতম ন্যায়ালয়ৰ আদেশ
উচ্চতম ন্যায়ালয়ে ২০১২চনৰ আগষ্ট মাহত ভাৰতীয় সংবিধানৰ ১৪২নং অনুচ্ছেদে দিয়া ক্ষমতাৰ সদব্যৱহাৰ কৰি এটা নিয়ম প্ৰৱৰ্ত্তন কৰে যে হিন্দু বিবাহ আইন, ১৯৫৫ মতে থকা বুজাবুজি সময় ৬মাহ পাৰ হৈ যোৱাৰ আগতেও কোনোৱা ইচ্ছা কৰিলে বিচ্ছেদ হব পাৰে। আইনখনৰ ১৩(বি) অনুচ্ছেদ অনুসৰি এহাল দম্পতীয়ে বিচ্ছেদৰ আবেদন কৰাৰ পিছত ৬মাহ একেলগে কটাব লাগিছিল। আৰু সেই ছমাহ উকলি যোৱাৰ পিছতহে দ্বিতীয়খন আবেদন কৰিব পাৰিছিল১০।
তথ্যসূত্ৰ
- ↑ In Fact: Between void and voidable, scope for greater protection for girl child
- ↑ Bare
- ↑ Sondur Gopal Vs Sondur Rajini (Supreme Court)
- ↑ Department of Revenue, Rehabilitation and Disaster Management - "Hindu Marriage Act, 1955" d
- ↑ TNN 23 May 2012, 05.24AM IST. (2012-05-23). Sikhs welcome passage of Anand Marriage Act - Times of India. Articles.timesofindia.indiatimes.com
- ↑ Hindu Court Marriage in Delhi. Courtmarriageindia.org
- ↑ Hinduism and Divorce. hinduwebsite.com
- ↑ The Hindu Marriage Act 1955. vakilno1.com
- ↑ The Hindu Marriage Act 1955. vakilno1.com
- ↑ Marriages can be ended before cooling period: SC. IBNLive
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দু বিবাহ আইন, ১৯৫৫” প্ৰবন্ধৰ সংশোধন ৬১৬১৭৭ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।