অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (Jammu and Kashmir Reorganisation Act, 2019) ভাৰতৰ সংসদে গ্ৰহণ কৰা এখন আইন। ইয়াত জম্মু আৰু কাশ্মীৰ ৰাজ্যখনক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰাৰ ব্যৱস্থা ৰখা হৈছে। আইনখন ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা বলবৎ হ’ব।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২১ ৫৪২ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (Jammu and Kashmir Reorganisation Act, 2019) ভাৰতৰ সংসদে গ্ৰহণ কৰা এখন আইন। ইয়াত জম্মু আৰু কাশ্মীৰ ৰাজ্যখনক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰাৰ ব্যৱস্থা ৰখা হৈছে। আইনখন ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা বলবৎ হ’ব। ২০১৯ৰ ৫ আগষ্টত এই আইনখনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন বিল ৰাজ্যসভাত উত্থাপন কৰে। সেই একেটা দিনতে ৰাজ্যসভাত আৰু ২০১৯ৰ ৬ আগষ্টত লোকসভাত বিলখন গৃহীত হয়। ২০১৯ৰ ৯ আগষ্টত বিলখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে।

প্ৰেক্ষাপট

পুনৰ্গঠিত ৰাজ্যখনৰ নতুন সীমা। ৰঙা অংশই ''জম্মু আৰু কাশ্মীৰ'' আৰু হালধীয়া অংশই ''লাডাখ সূচাইছে। ''
পুনৰ্গঠিত ৰাজ্যখনৰ নতুন সীমা। ৰঙা অংশই জম্মু আৰু কাশ্মীৰ আৰু হালধীয়া অংশই লাডাখ সূচাইছে। ছবি: RaviC · CC BY-SA 4.0

ভাৰতৰ সংবিধানৰ ৩৭০ ধাৰাই জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিছিল। দেশখনৰ অন্য ৰাজ্যৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ নিজা সংবিধান আৰু প্ৰশাসনিক স্বায়ত্ত্বতা আছিল; বিশেষকৈ অন্য ৰাজ্যৰ মানুহে তাত ভূমি অথবা ক্ৰয় কৰিব নোৱাৰিছিল।১২

জম্মু আৰু কাশ্মীৰত তিনিটা অঞ্চল আছে- হিন্দু অধ্যুষিত জম্মু, মুছলমান অধ্যুষিত কাশ্মীৰ আৰু বৌদ্ধ অধ্যুষিত লাডাখ।৩ ১৯৮৯ত ভাৰতীয় শাসকৰ বিৰুদ্ধে কাশ্মীৰত সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ হয়। মুছলমান ৰাজনৈতিক দলবোৰে অভিযোগ কৰে যে ১৯৮৭ৰ ৰাজ্য বিধানসভা নিৰ্বাচনত তেওঁলোকৰ বিৰুদ্ধে অন্যায় কৰা হৈছে আৰু তেওঁলোকে উগ্ৰপন্থী শাখা খোলে। কিছুমান দলে ৰাজ্যখনৰ স্বাধীনতা দাবী কৰে আৰু কিছুমানে পাকিস্তানৰ লগত চামিল হব বিচাৰে। পাকিস্তানে এই বিচ্ছিন্নতাবাদী আন্দোলনটোৰ প্ৰতি নৈতিক আৰু কূটনৈতিক সমৰ্থন দিয়ে। ১৯৯০ চনত বহুতো উগ্ৰপন্থী দলৰ জন্ম হয় আৰু ইয়াৰে বেছিভাগেই আছিল কট্টৰ ইছলামপন্থী।৪৫ ভাৰতীয় জনতা পাৰ্টী ২০১৪ চনত দেশৰ শাসনবাৰ লাভ কৰে আৰু ২০১৯ৰ নিৰ্বাচনী মেনিফেষ্ট’ত ভাৰতৰ সংবিধান ৩৭০ ধাৰাটো বাতিল কৰিব বুলি ঘোষণা কৰে।৩

সংসদত বিল উত্থাপন কৰা আৰু ৰাজ্যখনৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পূৰ্বে সুৰক্ষা বাহিনীক জোৰদাৰ কৰি তোলা হয়, ১৪৪ ধাৰা জাৰী কৰা হয় আৰু ৰাজনৈতিক নেতাবোৰক গৃহবন্দী কৰা হয়।৬ মেহবুবা মুফটি মিত্ৰজোঁট চৰকাৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন উঠাই লোৱাত ৰাজ্যখন ২০১৮ৰ ২০ জুনৰ পৰা ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ অনা হয়। ৩৫,০০০জন অৰ্দ্ধ-সামৰিকবাহিনীৰ জোৱান ৰাজ্যখনত নিয়োগ হৈছিল। ইয়াৰ আগেয়ে হিন্দু তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আসন্ন আক্ৰমণৰ কথাৰ উল্লেখ কৰি চৰকাৰে সতৰ্কতা জাৰী কৰিছিল। ফোন আৰু ইণ্টাৰনেট সেৱাত বাধা আৰোপ কৰা হৈছিল।৭৮ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটিক গৃহবন্দী কৰি ৰখা হৈছিল।৯১০

বৈধানিক ব্যৱস্থা

এই আইনখনে ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ কৰিলে; এটা অঞ্চলৰ পূৰ্বৰ নাম অনুসৰি জম্মু আৰু কাশ্মীৰে ৰখা হ’ল আৰু আনটোৰ নাম হ’ল লাডাখ। জম্মু আৰু কাশ্মীৰত এখন বিধানসভা থকাৰ বিপৰীতে লাডাখৰ প্ৰশাসনীয় কাম-কাজ পৰিচালনা কৰিব এজন লেফটেনেণ্ট গভৰ্ণৰে। লেহ আৰু কাৰ্গিল জিলা লাডাখত অন্তৰ্ভুক্ত হ’ব আৰু অন্য জিলাকেইখন জম্মু আৰু কাশ্মীৰত থাকিব। লোকসভাৰ বৰ্তমানৰ ৬খন আসনৰ এখন পৰিব লাডাখত আৰু বাকী ৫খন পৰিব জম্মু আৰু কাশ্মীৰত।১১ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ে দুয়োটা অঞ্চলৰ হৈ কাম কৰিব।১১

আইনখনৰ মতে জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ অনুচ্ছেদ ২৩৯ মতে চলিব। পণ্ডিচেৰীৰ বাবে তৈয়াৰ কৰা ২৩৯(ক) অনুচ্ছেদটোও এই কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।১১ ইয়াৰ প্ৰশাসনীয় কাম-কাজ চলাবৰ বাবে এজন লেফটেনেণ্ট গৱৰ্ণৰ নিয়োগ কৰা হ’ব আৰু ৫ বছৰীয়া কাৰ্যকালৰ বাবে ১০৭ জনৰ পৰা ১১৪ জন সদস্যৰ এখন বিধানসভা থাকিব। বিধানসভাই সাৰ্বজনীক ব্যৱস্থা (Public Order) আৰু আৰক্ষী সম্পৰ্কীয় বিষয়ৰ বাদে আইন প্ৰণয়ন কৰিব পাৰিব।১১ এই দুটা বিষয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে আইন প্ৰণয়ন কৰিব পাৰিব। বিধানসভাৰ নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰা এজন মুখ্যমন্ত্ৰীসহ এখন মন্ত্ৰী পৰিষদ লেফটেনেণ্ট গৱৰ্ণৰে নিযুক্তি দিব, যিয়ে বিধানসভাৰ আওতাধীন বিষয় সম্বন্ধে গবৰ্ণৰক পৰামৰ্শ দিব। অন্যান্য বিষয়বোৰৰ ক্ষেত্ৰত গৱৰ্ণৰক নিজে সিদ্ধান্ত লোৱাৰ আৰু বিধানসভাত গৃহীত হোৱা অধ্যাদেশসমূহ প্ৰৱৰ্তনৰ ক্ষমতা দিয়া হ’ব।১১

অধিনিয়ম

২০১৯ৰ ৫ আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত বিলখন উপস্থাপন কৰে। বিলৰ প্ৰস্তাৱনাত সংবিধানৰ ৩৭০ ধাৰাৰ অধীনত ৰাশ্ট্ৰপতিৰ এটা আদেশৰ দ্বাৰা ১৯৫৪ৰ ৰাষ্ট্ৰপতিৰ আদেশক বাতিল কৰিছিল। ইয়াৰ দ্বাৰা ভাৰতৰ সংবিধানৰ সকলো ধাৰা জম্মু আৰু কাশ্মীৰৰ ওপৰতো প্ৰযোজ্য হৈছিল। সংবিধানৰ তৃতীয় অনুচ্ছেদৰ আধাৰত ১৯৫৪ৰ ৰাষ্ট্ৰপতিৰ আদেশত এটা অনুবিধি আছিল, য'ত কোৱা হৈছে যে জম্মু আৰু কাশ্মীৰে ৰাজ্যখনৰ অঞ্চল, নাম আৰু সীমাৰ কোনো পৰিবৰ্তন কৰিব নোৱাৰে। এই অনুবিধিটোৱে জম্মু আৰু কাশ্মীৰ পুনৰ্গঠনৰ প্ৰস্থাৱটোৰ বাট প্ৰশস্ত কৰিছিল।১২

ৰাজ্যসভা

বিলখনে ৰাজ্যসভাত হুলস্থূলৰ সৃষ্টি কৰিলে। কাশ্মীৰ পিপ’লচ্ ডেমোক্ৰেটিক পাৰ্টিৰ (PDP) দুজন সদস্যই প্ৰতিবাদ কৰি সংবিধানৰ প্ৰতিলিপি ফালি পেলালে; যাৰবাবে তেওঁলোকক সংসদৰ পৰা বহিষ্কাৰ কৰা হ’ল।১৩১৪ তৃণমূল কংগ্ৰেছৰ ১৩ জন সদস্যই আৰু ৬জন সদস্য সংযুক্ত জনতা দলৰ (মিত্ৰজোঁটৰ অংশীদাৰী দল) ভোটদান বৰ্জন কৰিলে।১৫ অৱশ্যে বিলখনে বহুজন সমাজ পাৰ্টী, ৱাই.এচ.আৰ. কংগ্ৰেছ, তেলেগু দেশম আৰু আম আদমী পাৰ্টীৰ সমৰ্থন আদায় কৰিবলৈ সমৰ্থ হ’ল। শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ আৰু অন্যান্য দলৰ সদস্যৰ সৈতে মুঠ ১২৫ জন সদস্যই বিলখনৰ সপক্ষে ভোটদান কৰিলে। বিপক্ষে ভোটদান কৰিলে ৬১জন সদস্যই।১৫১৬

লোকসভা

২০১৯ৰ ৬ আগষ্টত বিলখন নিম্ন সদন লোকসভাত দাখিল কৰে। তৃণমূল কংগ্ৰেছ আৰু সংযুক্ত জনতা দলে সংসদৰ বাহিৰলৈ ওলাই যোৱাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী আৰু সমাজবাদী পাৰ্টীয়ে বিলখনৰ বিৰোধিতা কৰে।১৭ ভাৰতীয় জনতা পাৰ্টী, শিৱসেনা, বিজু জনতা দল, ৱাই.এচ.আৰ. কংগ্ৰেছ পাৰ্টী, তেলেঙ্গানা ৰাষ্ট্ৰ সমিতি, তেলেগু দেশম, শিৰোমণি আকালী দল আৰু বহুজন সমাজ পাৰ্টীয়ে বিলখন সমৰ্থন কৰে। বিলখনৰ সপক্ষে ভোট পৰে ৩৭০টা আৰু বিপক্ষে পৰে ৭০টা।১৮১৯২০২১

সন্মতি আৰু প্ৰকাশন

২০১৯ৰ ৯ আগষ্টৰ দিনা বিলখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে আৰু ভাৰতৰ ৰাজপত্ৰত প্ৰকাশিত হয়।২২ সেই একে তাৰিখতে প্ৰকাশিত এক অধিসূচনাত কোৱা হয় যে ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ বলবৎ হ'ব।২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ K. Venkataramanan. (5 August 2019). How the status of Jammu and Kashmir is being changed. The Hindu
  2. ↑ (5 August 2019). Article 370 and 35(A) revoked: How it would change the face of Kashmir. The Economic Times
  3. ↑ Article 370: What happened with Kashmir and why it matters. BBC (2019-08-06). Retrieved 2019-08-07
  4. ↑ Kashmir insurgency. BBC News
  5. ↑ Jeelani, Mushtaq A. (25 June 2001). Kashmir: A History Littered With Rigged Elections. Media Monitors Network
  6. ↑ Article 370 Jammu And Kashmir LIVE Updates: "Abuse Of Executive Power," Rahul Gandhi Tweets On Article 370 Removal, NDTV, 6 August 2019
  7. ↑ Ratcliffe, Rebecca. Kashmir: Pakistan will 'go to any extent' to protect Kashmiris. theguardian
  8. ↑ Inside Kashmir's lockdown: 'Even I will pick up a gun', BBC News, 10 August 2019
  9. ↑ India revokes Kashmir's special status: All the latest updates. aljazeera
  10. ↑ Wani, Mehrunnisa. Kashmir Under Siege And Forced Into Silence While India Decides Its Future. forbes
  11. ↑ Jammu & Kashmir Reorganisation Bill passed by Rajya Sabha: Key takeaways, The Indian Express, 5 August 2019
  12. ↑ Krishnadas Rajagopal, President’s Order scraps its predecessor and amends Article 370, The Hindu, 5 August 2019
  13. ↑ (5 August 2019). PDP MPs tear Constitution, removed from Rajya Sabha. India Today
  14. ↑ (5 August 2019). Regional parties' support ensures smooth adoption of resolution on Article 370, J&K bifurcation bill. The Times of India
  15. ↑ Already, Rajya Sabha Clears J&K As Union Territory Instead Of State, NDTV, 5 August 2019
  16. ↑ Aug 5, PTI · Updated:; 2019; Ist, 23:33. Regional parties' support ensures smooth adoption of resolution on Article 370, J&K bifurcation bill · India News – Times of India. The Times of India
  17. ↑ Desk, The Hindu Net. (2019-08-06). Parliament Live · Lok Sabha passes Jammu and Kashmir Reorganisation Bill, Ayes: 370, Noes 70. The Hindu
  18. ↑ (2019-08-05). Kashmir LIVE · Lok Sabha passes Bill to bifurcate J&K; revokes Article 370. Deccan Herald
  19. ↑ (2019-08-06). Parliament LIVE UPDATES: Bill to divide J&K into two Union Territories passed in Lok Sabha. The Indian Express
  20. ↑ Article 370 Kashmir Updates: Modi says passage of key bills on J&K a tribute to Sardar Patel, SP Mookerjee and BR Ambedkar. Firstpost
  21. ↑ Aug 6, PTI · Updated:; 2019; Ist, 21:30. Jammu Kashmir News: Bill to bifurcate J&K, resolution to scrap Article 370 get Parliament nod · India News – Times of India. The Times of India
  22. ↑ egazette.nic.in/WriteReadData/2019/210407.pdf
  23. ↑ egazette.nic.in/WriteReadData/2019/210412.pdf

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯” প্ৰবন্ধৰ সংশোধন ৩০৯৫২৬ (২৫ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।