অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন

প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ১৯৫৭ হৈছে ভাৰতৰ স্বত্বৰ অধিকাৰ ৰক্ষাৰ বাবে ১৯৫৭ চনত প্ৰণয়ন কৰা এক বিধেয়ক। এই অধিনিয়মখন ১৯৫৮ চনৰ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।"প্ৰতিলিপ্যধিকাৰ (সংশোধনী) অধিনিয়ম ২০১২" নামেৰে ২০১২ চনত এই অধিনিয়মৰ অন্তিম সংশোধন কৰা হৈছিল।

হালনাগাদ: ২১ মে’ ২০২০ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ১৯৫৭ হৈছে ভাৰতৰ স্বত্বৰ অধিকাৰ ৰক্ষাৰ বাবে ১৯৫৭ চনত প্ৰণয়ন কৰা এক বিধেয়ক।১ এই অধিনিয়মখন ১৯৫৮ চনৰ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।২"প্ৰতিলিপ্যধিকাৰ (সংশোধনী) অধিনিয়ম ২০১২" নামেৰে ২০১২ চনত এই অধিনিয়মৰ অন্তিম সংশোধন কৰা হৈছিল।৩

ভাৰতীয় প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ১৯৫৭ৰ উদ্দেশ্য বাণিজ্যিকৰণক উৎসাহ প্ৰদান কৰা নহয়, বৰঞ্চ লেখক, পাঠক আৰু প্ৰকাশক তথা উপভোক্তা সকলোৰে হিতাৰ্থে নিৰ্মাণ কৰা হৈছিল। কম্পিউটাৰ, ইণ্টাৰনেট আদি কাৰিকৰী সাধনৰ এই যুগত লেখক আৰু প্ৰকাশকৰ অধিকাৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে স্বত্বাধিকাৰ সংশোধন পত্ৰ ২০১০ প্ৰণয়ন কৰাৰ সিদ্ধান্ত লয়।

ভাৰতত প্ৰতিলিপ্যধিকাৰ অধিনিয়মৰ বৰ্তমানলৈকে ছবাৰ সংশোধন কৰা হৈছে।৪ এয়া হৈছে ১৯৮৩, ১৯৮৪, ১৯৯২, ১৯৯৪, ২০১০ আৰু ২০১২ চনত।

লগতে পঢ়ক

তথ্যসূত্ৰ

  1. ↑ copyright.gov.in/
  2. ↑ www.indiantelevision.com/old-html/indianbrodcast
  3. ↑ wipolex.wipo.int/en/legislation/details/13230 (WIPO Lex)
  4. ↑ Jatindra Kumar Das, Law of Copyright (PHI Learning Private Ltd. 2015) 88

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন” প্ৰবন্ধৰ সংশোধন ২২৯৬৬৬ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।