অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বাল্য বিবাহ নিষেধ আইন, ২০০৬

বাল্য বিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুছেৰীৰ ৰেন'কেণ্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ক প্ৰতিষ্ঠাপন কৰিলে।

হালনাগাদ: ৩ ফেব্ৰুৱাৰী ২০২৪ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বাল্য বিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুছেৰীৰ ৰেন'কেণ্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ক প্ৰতিষ্ঠাপন কৰিলে। ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নাবালিকা পত্নীৰ লগত যৌন কাৰ্যৰ বিষয়ে এক মাইলৰ খুঁটি স্বৰূপ ৰায়দান দিয়ে। এই ৰায়ে ভাৰতীয় আইনব্যৱস্থাত থকা ব্যতিক্ৰমক অপসাৰণ কৰে। পূৰ্বৰ আইন মতে নাবালিকা পত্নীক ধৰ্ষণকাৰী ব্যক্তিয়ে আইনী সুৰক্ষা লাভ কৰিছিল।১

ঐতিহাসিক পটভূমি

ইউনিচেফে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্ঠিত বিবাহক বাল্য বিবাহ হিচাপে নিৰূপণ কৰিছে। লগতে এই প্ৰথাক মানৱধিকাৰ লংঘন কৰা বুলিও উল্লেখ কৰিছে।২ সামাজিক প্ৰথা, সাংস্কৃতিক আৰু ধৰ্মীয় সুৰক্ষাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুদ্ধ কৰা কঠিন। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ ১৮ বছৰৰ কম বয়সৰ ১৫ লাখ ছোৱালীয়ে ইতিমধ্যে বিয়া কৰাইছিল। বাল্য বিবাহৰ ফলত শিশুৰ সামাজিক, শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। তাৰে ভিতৰত উল্লেখযোগ্য হল শিক্ষাৰ অভাৱ, বন্ধু আৰু পৰিয়ালৰ পৰা পৃথক্কৰণ, যৌন শোষণ, প্ৰাথমিক গৰ্ভাৱস্থা আৰু স্বাস্থ্যৰ অৱনতি, ঘৰুৱা হিংসা, উচ্চ শিশু মৃত্যুৰ হাৰ, জন্মৰ সময়ত শিশুৰ কম ওজন ইত্যাদি।৩

উদ্দেশ্য

এই আইন খনৰ মূল উদ্দেশ্য হল ভাৰতত বাল্য বিবাহ আৰু ইয়াৰ লগত জড়িত প্ৰথা সমূহক নিষিদ্ধ কৰা। সমাজৰ পৰা বাল্য বিবাহ সমূলি নাশ কৰিবলৈ পূৰ্বৰ ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ৰ ঠাইত এই আইন ২০০৬ চনত প্ৰণয়ন কৰা হৈছিল।৪ এই নতুন আইনে বাল্য বিবাহক নিষিদ্ধ কৰিবলৈ আইনী বিধি প্ৰদান কৰে। ই ভুক্তভোগীক ৰক্ষা কৰে আৰু সহায়িতা প্ৰদান কৰে লগতে এনে অপৰাধী সকলক কঠোৰ শাস্তি প্ৰদান কৰাত সহায় কৰে। ইয়াৰ লগতে এই আইনে বাল্য বিবাহ নিৰোধক বিষয়া নামৰ এক চৰকাৰী পদ সৃষ্টি কৰিলে। এই বিষয়াজনক ৰাজ্য চৰকাৰে গোটেই ৰাজ্য বা ৰাজ্যৰ এক বিশেষ অংশৰ বাবে নিযুক্তি প্ৰদান কৰে।

আইনৰ গঠন

বাল্য বিবাহ নিষেধ আইন, ২০০৬ ৰ ২১টা বিভাগ আছে। এই আইন জম্মু আৰু কাশ্মীৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী ৰেন'কেণ্টছৰ বাহিৰে গোটেই ভাৰততে এই আইন প্ৰযোজ্য হয়।৫৬ এই আইন অনুসৰি বাল্য বিবাহৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ তৰিব পাৰি।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ In Fact: Between void and voidable, scope for greater protection for girl child
  2. ↑ Child Marriage India. Childlineindia.org.in
  3. ↑ Government of India. (2006). Handbook on the prohibition of child marriage Act, 2006
  4. ↑ বাল্য বিবাহ নিষেধ আইন, ২০০৬ৰ দফা ২১
  5. ↑ Ramabathiran, D. Pondicherry Customary Hindu Law Bare Acts Database Upload/Download. www.citelegal.com
  6. ↑ section 1 of the Prohibition of Child marriage Act India
  7. ↑ section 15 of the Prohibition of Child Marriage Act India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইনবলপূৰ্বক বিবাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাল্য বিবাহ নিষেধ আইন, ২০০৬” প্ৰবন্ধৰ সংশোধন ৪০৪৩৪১ (৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।