অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মহিলা সংৰক্ষণ বিধেয়ক

মহিলা সংৰক্ষণ বিধেয়ক (Women's Reservation Bill) বা সংবিধান (১০৮ সংশোধনী) বিধেয়ক, ৯ মাৰ্চ, ২০১০ (The Constitution (108th Amendment) Bill, 9 th March, 2010) ভাৰতৰ সংসদত গৃহীত হোৱা এখন বিধেয়ক।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মহিলা সংৰক্ষণ বিধেয়ক (Women's Reservation Bill) বা সংবিধান (১০৮ সংশোধনী) বিধেয়ক, ৯ মাৰ্চ, ২০১০ (The Constitution (108th Amendment) Bill, 9 th March, 2010) ভাৰতৰ সংসদত গৃহীত হোৱা এখন বিধেয়ক। এই বিধেয়েকত কোৱা হৈছে যে ভাৰতৰ সংবিধান সংশোধন কৰি সংসদৰ নিম্ন সদনৰ সকলো আসনৰ ১/৩ ভাগ মহিলাৰ বাবে সংৰক্ষণ কৰিব লাগে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মুঠ আসনৰ এক তৃতীয়াংশ লোকসভা আৰু বিধানসভাত সেই গোটসমূহৰ মহিলাসকলৰ বাবে সংৰক্ষিত হ’ব।

সংৰক্ষিত আসন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন সমষ্টিলৈ ঘূৰণীয়াকৈ আবণ্টন দিব পাৰি। লট ড্ৰ’ৰ দ্বাৰা এই সংৰক্ষণ এনেদৰে নিৰ্ধাৰণ কৰা হ’লহেঁতেন যাতে একেৰাহে তিনিটা সাধাৰণ নিৰ্বাচনত এবাৰহে এই নিৰিখত আসন সংৰক্ষিত হ’লহেঁতেন।

এই সংশোধনী আইন আৰম্ভ হোৱাৰ ১৫ বছৰৰ পাছত মহিলাৰ বাবে আসন সংৰক্ষণৰ অস্তিত্ব বন্ধ হৈ যাব।

ৰাজ্যসভাই ২০১০ চনৰ ৯ মাৰ্চত এই বিধেয়কখন গৃহীত কৰে।১ অৱশ্যে লোকসভাই এই বিধেয়কখনৰ ওপৰত ভোটদান কৰা নাছিল।২৩ যিহেতু বিধেয়কখন তেতিয়াও লোকসভাত বিচাৰাধীন হৈ আছিল আৰু এই সময়ছোৱাত ২০১৪ আৰু ২০১৯ চনত দুবাৰকৈ লোকসভাৰ ম্যাদ উকলি গৈছিল।

মহিলাৰ বাবে সংৰক্ষণ

এই বিধেয়কখনৰ মূল ধাৰণাটো ১৯৯৩ চনত গৃহীত হোৱা সাংবিধানিক সংশোধনীৰ পৰাই উদ্ভৱ হৈছিল। ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত থকা লিংগ ব্যৱধান নোহোৱা কৰিবলৈ, আৰু মহিলা নেত্ৰীসকলে ৰাজনৈতিক সিদ্ধান্তত প্ৰভাৱ পেলাবলৈ তথা জাতি গঠনত অৰিহণা যোগাবলৈ মহিলাসকল অনুপ্ৰাণিত কৰিবলৈ এই আইন প্ৰণয়ন কৰা হয়। ১৯৯৩ চনত ভাৰতত সাংবিধানিক সংশোধনী গৃহীত হয় য'ত গাঁও পঞ্চায়তত গাঁও পৰিষদৰ নেতা বা গাৱঁৰ মুখিয়াল পদৰ এক তৃতীয়াংশ যাদৃচ্ছিকভাৱে মহিলাৰ বাবে সংৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হয়।৪

এই সংৰক্ষণ সংসদ আৰু বিধানসভালৈ সম্প্ৰসাৰণ কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে।৫৬৭

সমস্যা

বিধেয়ক খনৰ কেতবোৰ সমস্যা হৈছে এই যে ইয়াৰ দ্বাৰা মহিলাসকলৰ অসম মৰ্যাদা স্থায়ী হ’ব যিহেতু তেওঁলোকক যোগ্যতাৰ ভিত্তিত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা বুলি ধৰা নহ’ব।

ইয়াৰ উপৰিও এই নীতিয়ে ৰাজনীতিক অপৰাধমূলকতা আৰু অভ্যন্তৰীণ দলীয় গণতন্ত্ৰৰ দৰে নিৰ্বাচনী সংস্কাৰৰ বৃহত্তৰ বিষয়সমূহৰ পৰা দৃষ্টি আকৰ্ষণ কৰে।

ইয়াত ভোটাৰৰ বাছনি কেৱল মহিলা প্ৰাৰ্থীৰ মাজত সীমাবদ্ধ কৰি ৰখা হৈছে।

প্ৰতিটো নিৰ্বাচনতে সংৰক্ষিত সমষ্টিৰ ঘূৰণীয়াকৰণে এজন সাংসদৰ বাবে নিজৰ সমষ্টিৰ বাবে কাম কৰাৰ প্ৰৰোচনা হ্ৰাস কৰিব পাৰে কাৰণ তেওঁ সেই সমষ্টিৰ পৰা পুনৰ নিৰ্বাচন বিচৰাৰ বাবে অযোগ্য বিবেচিত হ’ব পাৰে।

তথ্যসূত্ৰ

  1. ↑ (9 March 2010). Rajya Sabha passes Women's Reservation Bill. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (9 March 2013). Lok Sabha Speaker Meira Kumar calls for women's empowerment. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (9 March 2010). Uproar in India Over Female Lawmaker Quota. The New York Times
  4. ↑ Chattopadhyay, Raghabendra, and ইস্থাৰ ডাফ্লো. (2004). Women as Poicy Makers: Evidence from a Randomized Policy Experiment in India. Econometrica. The Abdul Latif Jameel Poverty Action Lab. পৃ. 1409–43
  5. ↑ Women are seeking 33% reservation in jobs, promotions
  6. ↑ Women's Bill: What's the fuss about? Rediff 24 August 2005
  7. ↑ The reservations business, Indian Express, 11 August 1998

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলা সংৰক্ষণ বিধেয়ক” প্ৰবন্ধৰ সংশোধন ৩৮২৫১৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।