ভাৰতৰ আইন
৩৭ প্ৰবন্ধ
-
উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১
উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১ (North-Eastern Areas (Reorganisation) Act, 1971) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সীমাক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ এক বৃহৎ সংস্কাৰ আছিল।
-
উমৈহতীয়া দেৱানী বিধি
উমৈহতীয়া দেৱানী বিধি (Uniform Civil Code) হৈছে ভাৰতত নাগৰিকৰ ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ প্ৰস্তাৱ,যিসমূহ সকলো নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম, লিংগ আৰু যৌন অভিমুখ নিৰ্বিশেষে সমানে প্ৰযোজ্য৷ বৰ্তমান বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইন তেওঁলোকৰ ধৰ্মীয় শাস্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।
-
বেঙ্গল সতী নিয়মাৱলী, ১৮২৯
বেঙ্গল সতী নিয়মাৱলীৰ জৰিয়তে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙ্কে সতীদাহ প্ৰথা বেআইনী ঘোষণা কৰিছিল।
-
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ ভাৰতীয় সংসদৰ দ্বাৰা গৃহীত এখন আইন। ভাৰতত বসবাস কৰা খ্ৰীষ্টানধৰ্মালম্বী সকলৰ বিবাহক আইনী স্বীকৃতি আৰু নিয়ন্ত্ৰণ কৰে এই আইনৰ মূল উদ্দেশ্য। ১৮৭২ চনৰ ১৮ জুলাই তাৰিখে এই আইন গৃহীত কৰা হৈছিল। জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু কোচিনৰ বাদে সমগ্ৰ ভাৰত এই আইন প্ৰযোজ্য হয়।
-
ভাৰতীয় চুক্তি আইন ১৮৭২
ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ (Indian Contract Act, 1872) ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ (British Common Law) নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য।
-
ভাৰতৰ সংৰক্ষণ ব্যৱস্থা
ভাৰতৰ সংৰক্ষণ ব্যৱস্থা (Reservation in India) হৈছে ভাৰতৰ ঐতিহাসিকভাৱে বঞ্চিত গোটসমূহক শিক্ষা, নিয়োগ, চৰকাৰী আঁচনি, জলপানি আৰু ৰাজনীতিত প্ৰতিনিধিত্ব প্ৰদানৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা।
-
মালাবাৰ বিবাহ আইন, ১৮৯৬
মালাবাৰ বিবাহ আইন, ১৮৯৬ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ চৰকাৰে ১৮৯১ চনৰ মালাবাৰ বিবাহ কমিচনৰ পৰামৰ্শ মৰ্মে প্ৰণয়ন কৰা এক আইন আছিল। এই আইনে মাদ্ৰাজ প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত মালাবাৰ জিলাৰ মৰুমাক্কাতায়ম বা মাতৃতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা যিকোনো সম্প্ৰদায়ৰ লোক সকলৰ সম্বন্ধমক বিবাহৰ স্বীকৃতি প্ৰদান…