অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কোম্পানী আইন ১৯৫৬

কোম্পানী আইন ১৯৫৬ (: Companies Act 1956) হৈছে ১৯৫৬ চনত প্ৰণয়ন কৰা ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন। যিয়ে কোম্পানীসমূহক পঞ্জীয়নৰ দ্বাৰা গঠন কৰা আৰু কোম্পানীৰ সঞ্চালক আৰু সচিবসকলৰ দায়িত্ব নিৰ্ধাৰণ কৰিছিল।

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৪ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কোম্পানী আইন ১৯৫৬ (: Companies Act 1956) হৈছে ১৯৫৬ চনত প্ৰণয়ন কৰা ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন। যিয়ে কোম্পানীসমূহক পঞ্জীয়নৰ দ্বাৰা গঠন কৰা আৰু কোম্পানীৰ সঞ্চালক আৰু সচিবসকলৰ দায়িত্ব নিৰ্ধাৰণ কৰিছিল।১ ১৯৫৬ চনৰ ১৮ জানুৱাৰী তাৰিখে প্ৰণয়ন কৰা এই আইনখন ১৯৫৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়৷

আৰম্ভণিৰে পৰা এই আইনখনক বহুবাৰ সংশোধন কৰা হয়। তাৰ ভিতৰত ১৯৮৮, ১৯৯০, ১৯৯৬, ২০০০, ২০১১ আৰু ২০১৩ -ৰ সংশোধন উল্লেখযোগ্য।২

অৰ্থ আৰু সংজ্ঞা

বিস্তাৰিত: কোম্পানী আইন ২০১৩

উক্ত আইনখনৰ ধাৰা ৩ উপধাৰা (১) মতে, “কোম্পানী মানে উক্ত আইনৰ অধীনত গঠিত আৰু পুঞ্জীভুক্ত কোনো কোম্পানী” (“A company means a Company formed and registered under this act.”)।৩ আৰু সেই আইনৰে ধাৰা ৩ উপধাৰা (II) মতে, প্ৰচলিত কোম্পানী মানে হৈছে পূৰ্বৰ কোনো কোম্পানী আইনৰ অধীনত গঠিত আৰু পঞ্জীভুক্ত কোম্পানী।” (Sec. 3 (II) States existing company means a company formed and registered under any of the previous Company Law.)।৩

আমেৰিকাৰ মুখ্য ন্যায়াধীশ মাৰ্চালে (Chief Justice of U.S.A. Marshall) কোম্পানীৰ সংজ্ঞা দি কৈছে- “কোম্পানী বা নিগম হৈছে অদৃশ্য অস্পৰ্শণীয় আৰু মাথোন আইনগত অস্তিত্বৰে গঠিত এক কৃত্ৰিম ব্যক্তি। আইনৰ দ্বাৰা সৃষ্ট অনুষ্ঠান হিচাপে ইয়াৰ গঠন আৰু নিগমবদ্ধকৰণৰ চনদে প্ৰকাশ কৰা অথবা ইয়াৰ কাৰ্যকলাপত আৱশ্যক হোৱা সা-সম্পত্তি ই ধাৰণ কৰে।” (“A corporation is an artificial being, invisible, intangible, and existing only in contemplation of law. Being the mere creature of law, it possesses only those properties which the charter of its creation confers upon it, either expressly, or as incidental to its very existence.”)৪

বাতিল

মূল প্ৰবন্ধ: কোম্পানী আইন ২০১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Business Portal of India: Starting a Business: Regulatory Requirements: Companies Act. National Portal of India. ভাৰত চৰকাৰ
  2. ↑ Amended version 2015
  3. ↑ Company act 1956, Section 3(1) and 3(II)
  4. ↑ Khanindra Das. (2017). Corporate Law. Union Book Publisher. পৃ. 25. ISBN 978-93-84589-19-6

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোম্পানী আইন ১৯৫৬” প্ৰবন্ধৰ সংশোধন ৪৪৫০৯৭ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।