মনালী দেশাই সমাজবিজ্ঞানৰ পাঠক আৰু নিউনহাম কলেজৰ ফেলো৷ তেওঁ ২০২০ চনৰ পৰা ২০২৪ চনলৈকে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ মুৰব্বী আছিল, আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এটা বিভাগৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী অশ্বেতকায় মহিলা বুলি বিশ্বাস কৰা হয়।১২
প্ৰাৰম্ভিক জীৱন
দেশাই ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্যত ডাঙৰ-দীঘল হৈছিল।১ আমেৰিকাত জন্মগ্ৰহণ কৰা দেশাইয়ে পিছলৈ ভাৰতলৈ গুচি আহে আৰু দিল্লীত অধ্যয়ন কৰে।৩ বিশ্ববিদ্যালয়ত পঢ়াৰ আগতে লণ্ডনত শেষৰ দুবছৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰে।৩
শিক্ষা আৰু গৱেষণা
দেশাইয়ে মিচিগান বিশ্ববিদ্যালয়ত অৰ্থনীতি অধ্যয়ন কৰে৩ আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত পি এইচ ডি লাভ কৰে আৰু তাৰ পৰা তুলনামূলক আৰু ঐতিহাসিক সমাজবিজ্ঞান অধ্যয়ন কৰে আৰু মৰিছ জেইটলিন আৰু ৰবাৰ্ট ব্ৰেনাৰৰ নিৰ্দেশনাত গৱেষণা পত্ৰ সম্পূৰ্ণ কৰে।৪৫ দেশাইৰ গৱেষণামূলক আগ্ৰহৰ ভিতৰত উত্তৰ-ঔপনিৱেশিক অধ্যয়ন, সামাজিক আন্দোলন, ৰাষ্ট্ৰ গঠন, ৰাজনৈতিক দল, উন্নয়ন, আৰু জাতিগত হিংসা আদি অন্তৰ্ভুক্ত।৬ ইয়াৰ পূৰ্বে তেওঁৰ কামৰ বাবে ব্ৰিটিছ একাডেমী৭ আৰু লেভাৰহুলম ট্ৰাষ্টে ধন আগবঢ়াইছিল।৮ দেশাইৰ গৱেষণাৰ বাবে বৰ্তমান অৰ্থনৈতিক আৰু সামাজিক গৱেষণা পৰিষদে জোহান্সবাৰ্গ আৰু দিল্লীৰ নগৰ পৰিৱৰ্তন আৰু লিংগ হিংসাৰ তদন্তৰ বাবে ধন আগবঢ়ায়।১৯
২০০৭ চনত দেশাইয়ে ভাৰতত ৰাষ্ট্ৰ গঠন আৰু উগ্ৰ গণতন্ত্ৰ, ১৮৬০-১৯৯০ শীৰ্ষক এখন গ্ৰন্থ লিখিছিল।১০ ইয়াৰ উপৰিও তেওঁ ক্ৰমে ২০০৯ আৰু ২০১৫ চনত ষ্টেটছ অৱ ট্ৰমা: জেণ্ডাৰ এণ্ড ভিলেন্স ইন চাউথ এছিয়া আৰু বিল্ডিং ব্লকছ: হাউ পাৰ্টিজ অৰ্গেনাইজ ছ'চাইটি শীৰ্ষক দুখন কিতাপৰ সহ-সম্পাদনা কৰিছে।১০
শৈক্ষিক ভূমিকা
কেম্ব্ৰিজলৈ অহাৰ আগতে দেশাইয়ে লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যাপনা কৰিছিল।১ ২০১৩ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়লৈ আহিছিল২ আৰু বৰ্তমান সমাজবিজ্ঞানৰ পাঠক।১১ তেওঁ কেম্ব্ৰিজৰ নিউনহাম কলেজৰ ফেলোও।১২ ২০১৯ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষকতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু প্ৰভাৱৰ স্বীকৃতি স্বৰূপে তেওঁক পিলকিংটন টিচিং বঁটাৰে সন্মানিত কৰা হয়।১২
২০২০ চনত দেশাই সমাজবিজ্ঞান বিভাগৰ মুৰব্বী হয়। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এটা বিভাগৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী ৰঙীন মহিলা বুলি তাই বিশ্বাস কৰিছিল।১২৩
বৈচিত্ৰ্য আৰু সমতাৰ কাম
শিক্ষা বিভাগৰ ভিতৰত অন্তৰ্ভুক্তি, বৈচিত্ৰ্য আৰু সমতাৰ ওপৰত কৰা কামৰ বাবে দেশাইক দ্য গাৰ্ডিয়ানত প্ৰকাশ কৰা হৈছে।১৩ তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগত "ডিকলনিজ ছ'চিয়েলজি" কৰ্মগোট স্থাপন কৰাত সহায় কৰিছিল।২
দেশাইক এলুমনি ফৰ ফ্ৰী স্পিচ (www.affs.com) সংস্থাই ব্ৰিটেইনৰ সমতা আইন ২০১০ৰ বিপৰীতে সুৰক্ষিত বৈশিষ্ট্য থকা লোকৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।১৪
তথ্যসূত্ৰ
- ↑ Cotton, Joe. (2020-09-21). New Head of Department - Dr Manali Desai. www.sociology.cam.ac.uk
- ↑ Dr Manali Desai becomes the only woman of colour to currently head a Cambridge department. Varsity Online
- ↑ (2020-09-22). Manali Desai first Indian-origin woman to head a Cambridge dept. Hindustan Times
- ↑ Munnelly, Ellen. (2020-02-25). Our Team. www.thegendvproject.sociology.cam.ac.uk. University of Cambridge
- ↑ Desai, Manali. (1999). Nationalism, class conflict and socialist hegemony: Towards an explanation of 'developmental exceptionalism' in Kerala, India, 1934 to 1941. University of California, Los Angeles
- ↑ Dr Manali Desai – Newnham College. www.newn.cam.ac.uk. University of Cambridge
- ↑ Dr Manali Desai — CAMMIGRES. www.cammigres.group.cam.ac.uk. University of Cambridge
- ↑ Staff News. www2.lse.ac.uk. London School of Economics
- ↑ Munnelly, Ellen. (2020-03-11). What is The GendV Project?. www.thegendvproject.sociology.cam.ac.uk. University of Cambridge
- ↑ Munnelly, Ellen. (2020-03-11). What is The GendV Project?. www.thegendvproject.sociology.cam.ac.uk
- ↑ Dr Manali Desai – Department of Sociology, University of Cambridge. YouTube
- ↑ "She is truly a teacher who makes education count." Dr Manali Desai awarded 2019 Pilkington Teaching Prize – Newnham College. www.newn.cam.ac.uk
- ↑ Hall, Rachel; Batty, David; Nwonka, Clive. (2020-06-17). 'Students want to confront it': academics on how to decolonise the university. The Guardian
- ↑ AFFS Cambridge University Council Letter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনালী দেশাই” প্ৰবন্ধৰ সংশোধন ৫৭৪৬৪৯ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।