অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰিতা বিক্ৰম আডভে

সৰিতা বিক্ৰম আডভে হৈছে ইলিনয়ছ বিশ্ববিদ্যালয় আৰ্বানা-শ্যাম্পেইনৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ৰিচাৰ্ড টি. চেং অধ্যাপক। তেওঁ কম্পিউটাৰ আৰ্হিটেকচাৰ আৰু চিষ্টেম, সমান্তৰাল গণনা, লগতে শক্তি আৰু বিশ্বাসযোগ্যতা-সচেতন চিষ্টেমৰ ক্ষেত্ৰত গৱেষণা কৰি আহিছে।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সৰিতা বিক্ৰম আডভে হৈছে ইলিনয়ছ বিশ্ববিদ্যালয় আৰ্বানা-শ্যাম্পেইনৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ৰিচাৰ্ড টি. চেং অধ্যাপক। তেওঁ কম্পিউটাৰ আৰ্হিটেকচাৰ আৰু চিষ্টেম, সমান্তৰাল গণনা, লগতে শক্তি আৰু বিশ্বাসযোগ্যতা-সচেতন চিষ্টেমৰ ক্ষেত্ৰত গৱেষণা কৰি আহিছে।

শিক্ষা আৰু কেৰিয়াৰ

আডভেই ১৯৮৭ চনত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বোম্বেৰ পৰা বিদ্যুৎ অভিযান্ত্ৰিকত স্নাতক (বি.টেক.) ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত তেওঁ উইচকনছিন–মেডিচন বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৯ চনত কম্পিউটাৰ বিজ্ঞানত এম.এছ. আৰু ১৯৯৩ চনত পিএইচডি ডিগ্ৰী লাভ কৰে।১

ইলিনয়ছ বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতে তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৯ চনলৈকে ৰাইচ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। তেওঁ ২০০৩–২০০৫ চনৰ ভিতৰত ন্যাশনেল ছায়েন্স ফাউণ্ডেশ্যনৰ চিআইএছই ডাইৰেক্টৰেটৰ পৰামৰ্শদাতা সমিতিত সেৱা আগবঢ়াইছিল আৰু ২০০১–২০০৫ চনৰ ভিতৰত জাভা মেম’ৰি মডেল সংশোধনৰ বিশেষজ্ঞ গোটৰ সদস্য আছিল। ২০১৫ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ এছিএম ছিগআৰ্চৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰে।২

২০১২ চনত শ্বেয়াৰ্ড মেম’ৰি চেমেণ্টিক্স আৰু সমান্তৰাল গণনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ আইট্ৰিপলই ফেলো হিচাপে নিৰ্বাচিত হয়।৩

তেওঁ পাৰ্থসাৰথি ৰঙ্গনাথনৰ পিএইচডি উপদেষ্টা আছিল।

বঁটা আৰু সন্মান

আডভেই ২০১৮ চনত কেন কেনেডি বঁটা লাভ কৰে,৪ ২০০৮ চনত এছিএম ছিগআৰ্চ মৰিছ উইল্কছ বঁটা,৫ ২০০৫ চনত আইবিএম ফেকাল্টি বঁটা, ২০০৪ চনত ইউআইইউচি ইউনিভাৰ্ছিটি স্ক’লাৰ সন্মান,৬ ১৯৯৮ চনত আলফ্ৰেড পি. স্ল’ন ৰিছাৰ্চ ফেলোশ্বিপ, ১৯৯৫ চনত এনএছএফ কেৰিয়াৰ বঁটা লাভ কৰে। তেওঁ ২০১০ চনত এছিএম ফেলো হিচাপেও নিৰ্বাচিত হয়।৭

২০১২ চনত তেওঁ অনিতা বৰ্গ ইনষ্টিটিউটৰ এবিআইই ইনোভেচন বঁটা লাভ কৰে।৮ ২০২০ চনত তেওঁ আমেৰিকান একাডেমি অৱ আৰ্টছ এণ্ড চাইন্সেছৰ সদস্য হিচাপে নিৰ্বাচিত হয়,৯ আৰু ২০২৩ চনত আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো হিচাপে নিৰ্বাচিত হয়।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sarita Adve
  2. ↑ Officers. ACM SIGARCH
  3. ↑ Newly elected fellows 2012. IEEE
  4. ↑ ACM Ken Kennedy Award
  5. ↑ Maurice Wilkes Award past winners
  6. ↑ (১৭ ফেব্ৰুৱাৰী ২০০৫). Six Urbana faculty members named University Scholars
  7. ↑ Sarita Adve
  8. ↑ (১ অক্টোবৰ ২০১২). Sarita Adve. AnitaB.org
  9. ↑ (২০২০). New members. American Academy of Arts and Sciences
  10. ↑ 2023 AAAS Fellows

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মূলৰ ব্যক্তিবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰিতা বিক্ৰম আডভে” প্ৰবন্ধৰ সংশোধন ৫৮৩৫৬৬ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।