ৰজা ৰাজেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ (১৮৮২–১৯১৩) ভাৰতৰ পশ্চিমবংগৰ কোচবিহাৰৰ মহাৰাজ আছিল। তেওঁ আছিল ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ।
শিক্ষা
১৮৮২ চনৰ ১১ এপ্ৰিলত কলিকতাৰ উডছলেণ্ড পেলেচৰ কুলিন কায়স্থ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাজ ৰাজেন্দ্ৰ নাৰায়ণক ১২ বছৰ বয়সত পঢ়া-শুনাৰ বাবে ইংলেণ্ডলৈ প্ৰেৰণ কৰা হয়। ১৯০০ চনত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তি হয়। ইংলেণ্ডত শিক্ষাৰ সময়ছোৱাত ৰাজ ৰাজেন্দ্ৰ নাৰায়ণে পশ্চিমী চিন্তাধাৰাৰ গভীৰ প্ৰভাৱ গ্ৰহণ কৰিছিল আৰু বিশেষকৈ প’ল' খেলত যোগদানেৰে তেওঁ ৰাজবংশীয় ক্ৰীড়াৰ পৰম্পৰাও অৱলম্বন কৰিছিল আৰু তাত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প'ল' দলৰ সৈতে প'লো খেলে।১ অক্সফৰ্ডত পঢ়া-শুনা সমাপ্ত কৰাৰ পাছত ৰাজ ৰাজেন্দ্ৰ নাৰায়ণ ভাৰতলৈ উভতি আহে আৰু পিতৃক ৰাজ্যিক কাৰ্য্যবিধি চলোৱাত সহায় কৰে যদিও "কেডেড কোৰ"ত সামৰিক প্ৰশিক্ষণো লাভ কৰে।২ ইংলেণ্ডত থকা সময়ছোৱাত ৰাজ ৰাজেন্দ্ৰ নাৰায়ণে প’ল’ খেলি থাকোঁতে বুকুত আঘাত পাইছিল আৰু তেতিয়াৰপৰাই বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। বুকুত পোৱা আঘাতেই তেওঁৰ পৰৱৰ্তী জীৱনত দীৰ্ঘস্থায়ী সমস্যা হৈ পৰে, যিয়ে তেওঁৰ শাৰীৰিক অৱস্থা, মানসিক গঠন আৰু ব্যক্তিগত সিদ্ধান্তসমূহকো গভীৰভাৱে প্ৰভাবিত কৰিছিল। এই হতাশাৰ বাবেই তেওঁ অবিবাহিত হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।২
১৯০২ চনৰ ৪ জুনত তেওঁ ব্ৰিটিছ সেনাবাহিনীত লেফটেনেণ্টৰ সন্মানীয় পদবী লাভ কৰে।৩
ব্যক্তিগত জীৱন
ইতিহাসৰ কিছুমান উৎসত উল্লেখ আছে যে তেওঁ ব্ৰহ্ম ধৰ্মৰ প্ৰতি আকৰ্ষিত আছিল আৰু সমাজ-সংস্কৃতিৰ ক্ষেত্ৰত উদাৰ চিন্তাধাৰা অনুসৰণ কৰিছিল, যদিও ৰাজকাৰ্যত কোনো ধৰ্মীয় পক্ষপাতিত্ব প্ৰদৰ্শন নকৰাকৈ নিৰপেক্ষ মনোভাব বজাই ৰাখিছিল।
পিতৃক ৰাজ্যিক কাৰ্য্যত সহায় কৰাৰ সময়ত তেওঁ পশ্চিমী প্ৰশাসনিক পদ্ধতি, সামৰিক অনুশাসন আৰু আধুনিক সেনাবাহিনী গঠনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। অৱশ্যে তেওঁৰ শাৰীৰিক অসুস্থতাই বহু কাম সম্পূৰ্ণৰূপে আগবঢ়াব নোৱাৰিলে, তথাপি তেওঁ শিক্ষা, সমাজ-সংস্কৃতি আৰু ৰাজকীয় দপ্তৰৰ কিছু সংস্কাৰ কৰিবলৈ সক্ষম হৈছিল। ৰাজেন্দ্ৰ নাৰায়ণ স্বল্পায়ু হোৱাৰ বাবে তেওঁৰ শাসনকাল খুব সংক্ষিপ্ত আছিল, কিন্তু তেওঁৰ উদাৰ দৃষ্টিভংগী, সমাজ-সংস্কৃতিৰ প্ৰতি আগ্ৰহ আৰু ৰাজকীয় কৰ্তব্যনিষ্ঠাৰ বাবে ইতিহাসত তেওঁ এখন স্বতন্ত্ৰ স্থান অধিকাৰ কৰিছে।
ৰাজত্বকাল
পিতৃ ৰাজ ৰাজেন্দ্ৰ নাৰায়ণৰ মৃত্যুৰ পাছত ১৯১১ চনত কোচবিহাৰৰ ২২সংখ্যক মহাৰাজ হিচাপে সিংহাসনত আৰোহণ কৰে।২
মৃত্যু
যেতিয়া তেওঁৰ অসুস্থতা ক্ৰমাগতভাবে আগবাঢ়িছিল তেতিয়া ৰাজেন্দ্ৰ নাৰায়ণে ডা° ৰিজিন ৰাছেলৰ অধীনত চিকিৎসাৰ বাবে লণ্ডন ভ্ৰমণ কৰিছিল। অসুস্থতাৰ অধিক অৱনতি ঘটাৰ সময়তে তেওঁ খোদ কোচবিহাৰত মৃত্যুৰ ইচ্ছা প্ৰকাশ কৰে যদিও ১৯১৩ চনৰ ১ ছেপ্টেম্বৰৰ মাজনিশা লণ্ডনত মৃত্যু হয়। তেওঁৰ চিতাভস্ম ঘূৰাই আনি কোচবিহাৰত সমাধিস্থ কৰা হয়।২ যিহেতু ৰাজ ৰাজেন্দ্ৰ নাৰায়ণৰ কোনো বংশধৰ নোহোৱাকৈ মৃত্যু হয়, গতিকে ১৯১৩ চনত জিতেন্দ্ৰ নাৰায়ণে কোচবিহাৰৰ সিংহাসনত আৰোহণ কৰে।
তথ্যসূত্ৰ
- ↑ Polo Archive
- ↑ History Cooch Behar
- ↑ (3 June 1902). London Gazette, Issue 27439. The London Gazette. পৃ. 3609
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেন্দ্ৰ নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৫৫৭১৮৫ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।