জাকিৰ হুছেইন আল্লাৰাখা কুৰেছি (Zakir Hussain Allarakha Qureshi; ৯ মাৰ্চ ১৯৫১ - ১৫ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ তবলা বাদক আল্লা ৰাখাৰ জেষ্ঠ পুত্ৰ।১তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তবলাবাদক হিচাপে সৰ্বজনগৃহীত।২ ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে তেওঁক জনা যায়।
তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত।৩১৪ ২০০৯ চনৰ ৮ ফেব্ৰুৱাৰীত হুছেইনে তেওঁৰ গ্ল'বেল ড্ৰাম প্ৰজেক্ট ৰ বাবে শ্ৰেষ্ঠ সমসাময়িক বিশ্ব সংগীত এলবামৰ গ্ৰেমী বঁটা শিতানত ৫১ সংখ্যক গ্ৰেমী বঁটা লাভ কৰে। এই এলবামটোত তেওঁক সহযোগ কৰিছিল মিকি হাৰ্ট আৰু জিঅ’ভানি হিডালগ’ই।
তেওঁ ১৯৯০ চনত ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা আৰু ২০১৮ চনত সংগীত নাটক একাডেমী ফেলোশ্বিপেৰেও সন্মানিত হৈছে। হুছেইনক ১৯৯৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত শিল্পী আৰু সংগীতজ্ঞসকলক দিয়া সৰ্বোচ্চ বঁটা নেচনেল হেৰিটেজ ফেলোশ্বিপেৰে সন্মানিত কৰা হয়। তেওঁ সাতটা গ্ৰেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু চাৰিটা জয় কৰিছিল।৫ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ তিনিটা গ্ৰেমী বঁটা লাভ কৰিছিল।৬৭
তথ্যসূত্ৰ
- ↑ Kabir, Nasreen. (2018). Zakir Hussain: A Life in Music. HarperCollins Publisher India. ISBN 978-93-5277-049-6
- ↑ Nigam, Meher. (29 June 2022). India's 7 Greatest Tabla Players of All Time. skyshot.in
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Padma Awards 2023 announced. www.pib.gov.in
- ↑ (2024). Artist: Zakir Hussain. Grammy.com
- ↑ Ustad Zakir Hussain Wins three Grammy Awards in different categories. Bru Times News
- ↑ (5 February 2024). Without harmony, we are nothing: Zakir Hussain wins 3 Grammy awards. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকিৰ হুছেইন (সংগীতজ্ঞ)” প্ৰবন্ধৰ সংশোধন ৬৩৫৯৪৪ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।