অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশ্বিনী বৈষ্ণৱ

অশ্বিনী বৈষ্ণৱ (জন্ম ১৮ জুলাই ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন আই এ এছ বিষয়া যিয়ে বৰ্তমান ২০২১ চনৰ পৰা ভাৰত চৰকাৰৰ ৩৯ তম ৰেল মন্ত্ৰী, ৫৫ তম যোগাযোগ মন্ত্ৰী আৰু ২য় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু ৰাজ্যসভাৰ সদস্য ৰূপে ২০১৯ চনৰ পৰা ওড়িশাক…

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ৬০৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

অশ্বিনী বৈষ্ণৱ (জন্ম ১৮ জুলাই ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন আই এ এছ বিষয়া যিয়ে বৰ্তমান ২০২১ চনৰ পৰা ভাৰত চৰকাৰৰ ৩৯ তম ৰেল মন্ত্ৰী, ৫৫ তম যোগাযোগ মন্ত্ৰী আৰু ২য় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু ৰাজ্যসভাৰ সদস্য ৰূপে ২০১৯ চনৰ পৰা ওড়িশাক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ৷ ইয়াৰ পূৰ্বে ১৯৯৪ চনত বৈষ্ণৱে ওড়িশা কেডাৰত ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ত যোগদান কৰিছিল, আৰু ওড়িশাত কাম কৰি আহিছে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

বৈষ্ণৱ মূলতঃ ৰাজস্থানৰ পালি জিলাৰ জীৱনন্দ কল্লান গাঁৱৰ বাসিন্দা ৷ পিছলৈ তেওঁৰ পৰিয়াল ৰাজস্থানৰ যোধপুৰত বসতি স্থাপন কৰে। বৈষ্ণৱে যোধপুৰৰ ছেইণ্ট এন্থনী কনভেণ্ট স্কুলত আৰু যোধপুৰৰ মহেশ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ১৯৯১ চনত এম বি এম ইঞ্জিনিয়াৰিং কলেজ (জে এন ভি ইউ) যোধপুৰৰ পৰা ইলেক্ট্ৰনিক আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত স্বৰ্ণ পদক লাভ কৰি তাৰ পিছত এম.টেক সম্পূৰ্ণ কৰে আই আই টি কানপুৰৰ পৰা ১৯৯৪ চনত সৰ্বভাৰতীয় ৰেংক ২৭ লৈ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰাৰ আগতে ২০০৮ চনত বৈষ্ণৱে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ পৰা এম বি এ কৰিবলৈ আমেৰিকালৈ ৰাওনা হয়। ১২

অসামৰিক সেৱা

১৯৯৪ চনত বৈষ্ণৱে ওড়িশা কেডাৰত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে, আৰু বালাসৌৰ আৰু কটক জিলাৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাকে ধৰি ওড়িশাৰ বিভিন্ন ঠাইত ব্যাপকভাৱে কাম কৰি আহিছে। ১৯৯৯ চনৰ ছুপাৰ চাইক্ল’নৰ সময়ত তেওঁ ঘূৰ্ণীবতাহৰ বাস্তৱ সময় আৰু স্থানৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, সেই তথ্য সংগ্ৰহ কৰি ওড়িশা চৰকাৰে ওড়িশাৰ লোকসকলৰ বাবে সুৰক্ষাৰ মাপ-কাঠি নিৰ্ণয় কৰিছিল। ২০০৩ চনলৈকে তেওঁ ওড়িশাত কাম কৰিছিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যালয়ত উপ-সচিব হিচাপে নিযুক্তি লাভ কৰিছিল। পিএমঅ'ত সংক্ষিপ্ত কাৰ্যকালৰ পিছত আন্তঃগাঁথনি প্ৰকল্পত ৰাজহুৱা-ব্যক্তিগত- অংশীদাৰিত্বৰ কাঠামো সৃষ্টি কৰাত অৰিহণা যোগায়, ২০০৪ চনত বিজেপি নেতৃত্বাধীন এনডিএ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত বৈষ্ণৱক বাজপেয়ীৰ ব্যক্তিগত সম্পাদক হিচাপে নিযুক্তি দিয়া হয়৩

ব্যৱসায় আৰু উদ্যোগীকৰণ

ৱাৰ্টন বিজনেছ স্কুলত এম বি এ সম্পূৰ্ণ কৰিবলৈ তেওঁ শিক্ষামূলক ঋণ লৈছিল ৷ তেওঁ উপলব্ধি কৰিলে যে শৈক্ষিক ঋণ পৰিশোধ কৰিবলৈ তেওঁক মাত্ৰ মাহৰ প্ৰয়োজন হ’ব আৰু অৱশেষত ২০১০ চনত অসামৰিক সেৱা এৰি ব্যক্তিগত খণ্ডত যোগদান কৰি এটা উদ্যোগ খুলে। সফল ব্যৱসায় কেনেকৈ চলাব পাৰি তাৰ অন্তৰ্দৃষ্টি লাভ কৰিবলৈ তেওঁ এম বি এ ডিগ্ৰী লাভ কৰে। এম বি এৰ পিছত বৈষ্ণৱে ভাৰতলৈ আহি জি ই ট্ৰেন্সপ’ৰ্টেশ্যনত মেনেজিং ডাইৰেক্টৰ হিচাপে যোগদান কৰে। তাৰ পিছত তেওঁ ছিমেন্সত ভাইচ প্ৰেচিডেন্ট - ইঞ্জিন এণ্ড হেড আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্ট্ৰেটেজি হিচাপে যোগদান কৰে। ২০১২ চনত তেওঁ গুজৰাটত অটোমোটিভ কম্পোনেণ্ট নিৰ্মাণ ইউনিট থ্ৰী টি অটো লজিষ্টিকছ প্ৰাইভেট লিমিটেড আৰু ভি জি অটো কম্পোনেণ্টছ প্ৰাইভেট লিমিটেড স্থাপন কৰে।

ৰাজনৈতিক কেৰিয়াৰ

বৈষ্ণৱ বৰ্তমান ভাৰতীয় সংসদৰ সদস্য, ৰাজ্যসভাত ওড়িশা ৰাজ্যক প্ৰতিনিধিত্ব কৰি আছে ৷ ওড়িশাৰ বিজু জনতা দলৰ সদস্যৰ সহযোগত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাত ৰাজ্যসভা নিৰ্বাচনত জয়লাভ কৰে। বৈষ্ণৱক অধীনস্থ আইন আৰু আবেদন সমিতি আৰু বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ আৰু বন সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়। ২০১৯ চনত বৈষ্ণৱে সংসদত যুক্তি দিছিল যে তেতিয়া ভাৰতে সন্মুখীন হোৱা অৰ্থনৈতিক মন্দাৱস্থা চক্ৰীয় প্ৰকৃতিৰ আৰু ই গাঁথনিগত মন্দাৱস্থা নহয়, আৰু ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত ইয়াৰ তললৈ যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছত জোৰদাৰ বৃদ্ধি হ’ব। বৈষ্ণৱৰ দৃঢ় বিশ্বাস যে দেশ গঢ়াৰ উপায় হ’ল ধন খৰচত ৰখাতকৈ বিনিয়োগত ৰখা। বৈষ্ণৱে ২০১৯ চনৰ ৫ ডিচেম্বৰত ৰাজ্যসভাত কৰ আইন (সংশোধনী) বিধেয়ক, ২০১৯ক সমৰ্থন কৰে। তেওঁৰ মতে কৰ গাঁথনি হ্ৰাস বা সঁচাকৈয়ে যুক্তিসংগত কৰাৰ পদক্ষেপে ভাৰতীয় উদ্যোগৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব আৰু ভাৰতীয় উদ্যোগৰ মূলধনী ভিত্তিও গঢ়ি তুলিব। সমৰ্থন কৰাৰ লগতে তেওঁ আৰু যুক্তি দিছিল যে কৰ গাঁথনিৰ বিশেষ যুক্তিবাদে কৰ্পৰেটসমূহক ডি-লিভাৰেজত সহায় কৰিব আৰু ৰিটেইনড আৰ্নিং আৰু ৰিজাৰ্ভ আৰু উদ্বৃত্ত বৃদ্ধি কৰিব, যিয়ে অৰ্থনীতিৰ গাঁথনিগত বৃদ্ধিৰ ভেটি স্থাপন কৰিব। এইবোৰৰ উপৰিও তেওঁ ৰাজ্যসভাত জাহাজ পুনঃব্যৱহাৰ বিধেয়কৰ পৰা আৰম্ভ কৰি মহিলা সুৰক্ষালৈকে বিভিন্ন বিষয়ত ভাষণ দি সেই বিষয়সমূহৰ ওপৰত ৰাজহুৱা বক্তৃতা আগুৱাই লৈ গৈছে।

কেবিনেট মন্ত্ৰী

২০২১ চনৰ জুলাই মাহত ২২ সংখ্যক কেবিনেট সংশোধনত তেওঁক ৰেল মন্ত্ৰালয়, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু যোগাযোগ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হয়। কেন্দ্ৰীয় টেলিকম মন্ত্ৰী হিচাপে তেওঁ ভাৰতত সঞ্চাৰ সাথী পৰ্টেল মুকলি কৰে, ২০২৩ চনৰ মে' মাহত।

তথ্যসূত্ৰ

  1. ↑ (7 July 2021). PM Modi Cabinet Expansion: जाति, क्षेत्र और समुदाय- पीएम मोदी की नई कैब‍िनेट के जरिये साधे जाएंगे सारे समीकरण. News18 हिंदी
  2. ↑ मोदी की नई टीम में ये हैं 20 सबसे युवा चेहरे, कोई वकील तो किसी को मिल चुका है संसद रत्न पुरस्कार. Asianet News Network Pvt Ltd
  3. ↑ (22 June 2019). In Odisha, BJD-BJP consensus candidate for Rajya Sabha bypoll joins BJP. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বিনী বৈষ্ণৱ” প্ৰবন্ধৰ সংশোধন ৬০০০৬০ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।