অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৈয়দ আকবৰুদ্দিন

চৈয়দ আকবৰুদ্দিন (Syed Akbaruddin) এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে' ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।

হালনাগাদ: ১৭ অক্টোবৰ ২০২০ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চৈয়দ আকবৰুদ্দিন (Syed Akbaruddin) এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে' ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।১২

ব্যক্তিগত জীৱন

চৈয়দ আকবৰুদ্দিনে বেগমপেটত অৱস্থিত হায়দৰাবাদ পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ এছ. বাচিৰুদ্দিন অচমানিয়া বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপক আছিল। পিছলৈ তেওঁ কাটাৰ দেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ ড॰ বি. আৰ. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পুনেত অৱস্থিত ভাৰতৰ ফিল্ম আৰু টেলিভিছন প্ৰতিষ্ঠানৰ গৱেষণা উইংৰ সঞ্চালক আছিল। চৈয়দ আকবৰুদ্দিনৰ মাতৃ ড॰ জেবা বাচিৰুদ্দিন শ্ৰী সত্য সাই বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সদস্য আছিল।৩

কৰ্মজীৱন

চৈয়দ আকবৰুদ্দিন ১৯৮৬ বৰ্ষৰ প্ৰশাসনিক বিষয়া। তেওঁ ভিয়েনাত অৱস্থিত আন্তৰ্জাতিক আণৱিক শক্তি সংস্থাত চাৰি বছৰৰ বাবে কাৰ্য নিৰ্বাহ কৰিছিল আৰু ২০১১ চনত তেওঁ ভাৰতলৈ ঘূৰি আহে। তেওঁক পশ্চিম এছিয়াৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়। এই অঞ্চলত তেওঁ কেইবাবছৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হল ২০০০ চনৰ পৰা ২০০৪ চনলৈ চৌদি আৰৱৰ জেদ্দাহৰ কঞ্চুল জেনেৰেল। তেওঁ ২০০৪ চনৰ পৰা ২০০৫ চনলৈ ভাৰতৰ বিদেশ সচিবৰ কাৰ্যালয়ৰ সঞ্চালক আছিল।৪

চৈয়দ আকবৰুদ্দি ২০১২ চনৰ জানুৱাৰী মাহৰ পৰা ২০১৫ চনৰ এপ্ৰিল মাহলৈ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ চৰকাৰী প্ৰবক্তা আছিল।৫ তেওঁ বিদেশ মন্ত্ৰণালয়ৰ বৈদেশিক প্ৰচাৰ আৰু ৰাজহুৱা কূটনীতি বিভাগৰ মুৰব্বী আছিল।৬৭৮ ইয়াৰ লগতে তেওঁ ২০১৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ভাৰত-আফ্ৰিকা সমাৱেশৰ মুখ্য উদ্যোক্তা আছিল।৯ পিছলৈ তেওঁ ২০১৫ চনৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বিদেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১০ ২০১৫ চনৰ নৱেম্বৰ মাহত তেওঁ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে।১১১২

তথ্যসূত্ৰ

  1. ↑ India's New UN Envoy Meets His Pakistani Counterpart. NDTV Convergence Limited
  2. ↑ Syed Akbaruddin made India's permanent representative to the UN in major MEA rejig. Economic Times
  3. ↑ www.siasat.com/english/news/prof-zeba-basheerudd
  4. ↑ Chaudhury, Dipanjan Roy. (8 December 2011). West Asia expert Syed Akbaruddin to be MEA's spokesperson. ইণ্ডিয়া টুডে
  5. ↑ Vikas Swarup takes charge as MEA spokesperson. The Hindu
  6. ↑ Spokesperson's Office – Personnel. Mea.gov.in. Ministry of External Affairs
  7. ↑ Syed Akbaruddin is new spokesperson of India's Foreign Office. Yahoo News
  8. ↑ Organogram of the Ministry of External Affairs. mea.gov.in
  9. ↑ (18 April 2015). Syed Akbaruddin bids adieu; novelist Vikas Swarup takes over as the MEA Spokesperson. DNA. Diligent Media Corporation
  10. ↑ economictimes.indiatimes.com/news/politics-and-n
  11. ↑ www.livemint.com/Politics/3ETr9PAStfvIplzWl4ViLI
  12. ↑ (16 November 2015). Syed Akbaruddin named India's permanent representative to UN. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কূটনীতিবিদভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৈয়দ আকবৰুদ্দিন” প্ৰবন্ধৰ সংশোধন ২৪৯৬৫৮ (১৭ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।