আন্না ৰাজম মলহোত্ৰা (১৭ জুলাই ১৯২৭ – ১৭ ছেপ্টেম্বৰ ২০১৮)১ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল।২ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা। তেওঁ ১৯৫০ চনত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মাদ্ৰাজ কেডাৰত যোগদান কৰিছিল। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবীত অধিষ্ঠিত হোৱা আন্না ৰাজম মলহোত্ৰায়ে তেওঁৰ ১৯৫১ চনৰ অসামৰিক সেৱাৰ সহপ্ৰশিক্ষাৰ্থী আৰ. এন. মলহোত্ৰাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।৩৪
২০১৮ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাই নগৰীৰ অন্ধেৰীত অৱস্থিত নিজা বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২৭ চনৰ ১৭ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এল্লেপ্পেৰ নিৰণমানত আন্না ৰাজম মলহোত্ৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অট্টাভেলীল অ.এ. জৰ্জ আৰু মাতৃ এনা পল। তেওঁ মালায়ালম ভাষাৰ বিখ্যাত লেখক পাইল' পলৰ নাতিনীয়েক। তেওঁ কেৰালাৰ কলিকটত প্ৰাৰম্ভিক জীৱন অতিবাহিত কৰিছিল। তেওঁ প্ৰভিডেন্স ৱমেন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষা উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ মালাবাৰ খ্ৰীষ্টান কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত তেওঁ ভাৰতীয় অসামৰিক পৰীক্ষা উত্তীৰ্ণ হয়। তেওঁ ভাৰতীয় অসামৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী মহিলা।৩ ইয়াৰ পিছত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মাদ্ৰাজ কেডাৰত যোগদান কৰে।
কৰ্মজীৱন
অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক সাক্ষাৎকাৰলৈ মতা হৈছিল। আৰ.এন. বেনাৰ্জীয়ে অধ্যক্ষতা কৰা চাৰি গৰাকী আই.চি.এছ. বিষয়াৰ সাক্ষাৎকাৰ পীঠে তেওঁক ভাৰতীয় প্ৰশাসনিক সেৱা বাছনি নকৰিবলৈ পৰামৰ্শ দিছিল। সেই সময়ৰ প্ৰচলিত ধাৰণা মতে নাৰীয়ে প্ৰশাসনিক কাম কৰিব নোৱাৰে। তেওঁলোকে আন্না ৰাজমক ভাৰতীয় বৈদেশিক সেৱা বা আন কেন্দ্ৰীয় সেৱা বাছনি কৰিবলৈ কৈছিল। কিন্তু তেওঁৰ অদম্য ইচ্ছা শক্তিৰ ফলত তেওঁলোকে আন্নাক প্ৰশাসনিক সেৱাত যোগদান কৰিবলৈ অনুমতি প্ৰদান কৰিলে।৩৫ আৰু তেওঁ মাদ্ৰাজ কেডাৰৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে পৰিগণিত হল।
তেওঁৰ প্ৰথমে মাদ্ৰাজ ৰাজ্যত সেৱা আগবঢ়াবলৈ সুযোগ পাইছিল। সেইসময়ৰ মাদ্ৰাজ ষ্টেটৰ মুখ্যমন্ত্ৰী চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে তেওঁক মহিলা হোৱাৰ বাবে জিলাৰ উপায়ুক্তৰ পদৰ সলনি সচিবালয়ত পদ যাঁচিছিল। তেওঁ ৰাজাগোপালাচাৰীক নিজৰ ইচ্ছাৰ কথা কলে। লগতে তেওঁৰ প্ৰশিক্ষণৰ কালছোৱাত ঘোঁৰা চলোৱা, ৰাইফল আৰু ৰিভলভাৰ চলোৱা আৰু দণ্ডাধীশৰ ক্ষমতা প্ৰয়োগ কৰা শিকিছিল, আৰু সেয়ে তেওঁ উপায়ুক্তৰ পদবী সম্ভালিব পাৰিব বুলি মুখ্যমন্ত্ৰীক বিশ্বাস জন্মইছিল। তেওঁৰ কথাত সন্তুষ্ট হৈ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে তেওঁক মাদ্ৰাজ ষ্টেটৰ তিৰুপাট্টুৰ জিলাৰ উপায়ুক্ত পাতিলে। ভাৰতৰ কোনো জিলাৰ তেওঁ প্ৰথম গৰাকী মহিলা উপায়ুক্ত।
তেওঁ সাত গৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত কাম কৰিছিল। এছিয়াড প্ৰকল্পত কিছুসময়ৰ বাবে ইন্দিৰা গান্ধীৰ লগতো কাম কৰাৰ সুযোগ পাইছিল।৩৫
তেওঁ ভাৰতৰ প্ৰথম কম্পিউটাৰাইজ বন্দৰ মুম্বাইৰ নাভাছাভা বন্দৰ স্থাপন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।৩৫ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সচিব পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মালায়ালমী মহিলা।৫
ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৮৯ চনত পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।৬৫
মৃত্যু
২০১৮ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে মুম্বাইৰ অন্ধেৰীৰ নিজা বাসভৱনত আন্না ৰাজম মলহোত্ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে।
তথ্যসূত্ৰ
- ↑ www.thehindu.com/news/cities/mumbai/indias-first
- ↑ India’s first woman IAS officer who knew how to handle men and guns
- ↑ Priyadershini S. (2012-03-11). Grit meets grace. Thehindu.com
- ↑ अन्ना राजम थीं देश की पहली महिला IAS, 67 साल पहले हुआ था सिलेक्शन. www.bhaskar.com
- ↑ (2017-01-17). The Untold and Inspiring Story of Anna Rajam Malhotra, India's First Female IAS Officer. The Better India
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্না ৰাজম মলহোত্ৰা” প্ৰবন্ধৰ সংশোধন ২৫৪৭৪৯ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।