অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুহানিকা ধৱন

ৰুহানিকা ধৱন (ইংৰাজী: Ruhaanika Dhawan; জন্ম: ২৫ ছেপ্টেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ২০১২ চনত জি টিভিৰ ধাৰাবাহিক মিচেছ কৌশিক কী পাঁচ বহুৱেঁ-ত আশীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰুহানিকা ধৱন (ইংৰাজী ভাষা: Ruhaanika Dhawan; জন্ম: ২৫ ছেপ্টেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ২০১২ চনত জি টিভিৰ ধাৰাবাহিক মিচেছ কৌশিক কী পাঁচ বহুৱেঁ-ত আশীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক য়ে হ্যে মহব্বতেঁ-ত সৰু ৰুহী ভাল্লা আৰু সৰু পিহু ভাল্লাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়। তেওঁৰ এই অভিনয়ৰ বাবে তেওঁ ‘ইণ্ডিয়ান টেলি এৱাৰ্ড ফৰ মষ্ট পপুলাৰ চাইল্ড এক্ট্ৰেছ’কে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।

পৰৱৰ্তী সময়ত ২০১৪ চনৰ জানুৱাৰীত ধৱনে বলীউডৰ ছবি জয় হো-ত এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰে। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ২০১৬ চনৰ ছানী দেউল অভিনীত একচন ড্ৰামা ছবি ঘায়েল ওৱান্স এগেইন-ত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়।

জীৱন আৰু কৰ্মজীৱন

ৰুহানিকা ধৱনৰ জন্ম ২০০৭ চনৰ ২৫ ছেপ্টেম্বৰত ভাৰতৰ মুম্বাইত হৈছিল। তেওঁ মুম্বাইত বাস কৰে আৰু তাৰে এখন আইজিচিএছই স্কুলত অধ্যয়ন কৰে।১ তেওঁ হিন্দী আৰু ইংৰাজী ক’ব পাৰে আৰু ২০১৪ চনত অভিনেতা ছানী দেউলৰ পৰা পঞ্জাবী ভাষা শিকিছিল।২

ধৱনে একতা কাপুৰৰ ৰোমান্টিক-ড্ৰামা ধাৰাবাহিক য়ে হ্যে মহব্বতেঁ-ত দিব্যাংকা ত্ৰিপাঠী আৰু কৰণ পেটেলৰ সৈতে কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা লাভ কৰে। ধাৰাবাহিকখনৰ কাহিনী মঞ্জু কাপুৰৰ উপন্যাস কাষ্টডী-ৰ ওপৰত আধাৰিত। এই ধাৰাবাহিকখনত তেওঁৰ অভিনয়ৰ বাবে তেওঁ ২০১৪ চনৰ ‘ইণ্ডিয়ান টেলি এৱাৰ্ড ফৰ মষ্ট পপুলাৰ চাইল্ড এক্ট্ৰেছ’ লাভ কৰে। ধাৰাবাহিকখনত ৭ বছৰীয়া জপন দেখুওৱাৰ পিছত ৰুহানিকাই সৰু পিহু ভাল্লাৰ চৰিত্ৰত অভিনয় কৰে।

২০১৪ চনৰ আগষ্ট মাহত আয়োজিত এটা ফেশ্বন শ্ব’ত তেওঁ বাৰ্বি সাজেৰে ৰেম্প ৱাক কৰিছিল। ২০১৪ চনৰ ২২ নৱেম্বৰত তেওঁ কালাৰ্ছ টিভিৰ কমেডী শ্ব’ কমেডী নাইটছ উইথ কপিল-ত অতিথি হিচাপে উপস্থিত হৈছিল। ছানী দেউল পৰিচালিত আৰু ধৰ্মেন্দ্ৰ প্ৰযোজিত ছবি ঘায়েল ওৱান্স এগেইন-ত তেওঁৰ অভিনয় শলাগিবলগীয়া।

তথ্যসূত্ৰ

  1. ↑ Trivedi, Tanvi. (16 February 2015). Child actors to go missing on TV in march. The Times of India
  2. ↑ Indo Asian News Service. (11 January 2015). Sunny Deol's Punjabi class for Ruhanika Dhawan. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰীজীৱনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুহানিকা ধৱন” প্ৰবন্ধৰ সংশোধন ৫৯২০৯৮ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।