সমৃদ্ধি শুক্লা (ইংৰাজী ভাষা: Samridhii Shukla; জন্ম: ১৪ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ডাবিং শিল্পী, যিয়ে প্ৰধানকৈ হিন্দী ভাষা টেলিভিছনত কাম কৰে। ‘ডৰেমন’ কাৰ্টুনত ডৰেমনৰ চৰিত্ৰত কণ্ঠদানৰ বাবে পৰিচিত শুক্লাই ‘সাৱী কী সাৱাৰী’-ত সাৱী গোৱেল ডালমিয়াৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। শুক্লাক মুখ্যত ‘য়ে ৰিশ্তা ক্যা কহলাতা হ্যে’ ধাৰাবাহিকত অভিৰা শৰ্মা পোদ্দাৰৰ চৰিত্ৰ ৰূপায়ণৰ বাবে জনা যায়। তেওঁ এটা ইণ্ডিয়ান টেলি এৱাৰ্ড লাভ কৰিছে।১
প্ৰাৰম্ভিক জীৱন
শুক্লাৰ জন্ম ১৯৯৫ চনৰ ১৪ নৱেম্বৰত কানপুৰৰ এটা হিন্দু পৰিয়ালত হৈছিল।২৩ এক সাক্ষাৎকাৰত তেওঁ সদৰী কৰিছিল যে তেওঁৰ পিতৃয়ে আকাশবাণীত কাম কৰিছিল। তেওঁৰ আইতাক আৰু ককাক স্বাধীনতা সংগ্ৰামী আছিল, যিয়ে পৰৱৰ্তী সময়ত ক্ৰমে এগৰাকী অভিনেতা আৰু এজন চাৰ্জন হৈছিল।৪
কৰ্মজীৱন
শুক্লাই ২০০৫ চনত ‘ছাই বাবা’ ধাৰাবাহিকৰ এটা অংশৰ বাবে ডাবিং কৰি কণ্ঠ শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ আন কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ বাবে ডাবিং কৰে। কণ্ঠ শিল্পী হিচাপে তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কাম আছিল এনিমেটেড ধাৰাবাহিক ‘ডৰেমন’ (Doraemon), য’ত তেওঁ নামটোৰ মুখ্য চৰিত্ৰ ডৰেমনৰ বাবে ডাবিং কৰিছিল। ইয়াৰ উপৰি তেওঁ এনিমেটেড ধাৰাবাহিক ‘লিটল সিংহাম’ আৰু ‘গোলমাল জুনিয়ৰ’-ৰ বাবেও ডাবিং কৰিছে।
২০১৬ চনৰ পৰা শুক্লাই কেইবাটাও ভাষাৰ চলচ্চিত্ৰৰ বাবে ডাবিং কৰি আহিছে। চলচ্চিত্ৰত তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কণ্ঠদানসমূহৰ ভিতৰত আছে ‘বিউটি এণ্ড দ্য বিষ্ট’-ত এমা ৱাটছন, ‘দ্য মেট্ৰিক্স ৰিজাৰেকচন’-ত জেচিকা হেনৱিক, ‘হাচীন দিলৰুবা’-ত তাপসী পন্নু, ‘ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ৱান – শিৱ’-ত আলিয়া ভাট, ‘এনিমেল’-ত তৃপ্তি ডিমৰী আৰু ‘এ ফেমিলি এফেয়াৰ’-ত জুই কিং-ৰ বাবে কৰা ডাবিং।৫৬৭
২০২২ চনত শুক্লাই ফাৰ্মান হায়দৰৰ বিপৰীতে ‘সাৱী কী সাৱাৰী’ ধাৰাবাহিকৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ এগৰাকী মহিলা অট’ৰিক্সা চালক সাৱী গোৱেল ডালমিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।৮ একে বছৰতে তেওঁ কানাড়া ছবি ‘তাজমহল ২’-ৰ জৰিয়তে চলচ্চিত্ৰ জগতলৈ বিস্তাৰিত হয়, য’ত তেওঁ দেৱৰাজকুমাৰৰ বিপৰীতে স্পন্দনাৰ চৰিত্ৰত অভিনয় কৰিছিল।৯
২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা শুক্লাই আটাইতকৈ দীৰ্ঘদিন ধৰি চলি থকা টেলিভিছন শ্ব’ ‘য়ে ৰিশ্তা ক্যা কহলাতা হ্যে’-ত ৰোহিত পুৰোহিতৰ বিপৰীতে অধিবক্তা অভিৰা শৰ্মা পোদ্দাৰৰ চৰিত্ৰত অভিনয় কৰি আছে।১০১১ এই শ্ব’টো তেওঁৰ অভিনয় জীৱনৰ এক গুৰুত্বপূৰ্ণ মোৰ হিচাপে প্ৰমাণিত হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁ কেইবাটাও মনোনয়ন লাভ কৰিছে।১২
তথ্যসূত্ৰ
- ↑ Yeh Rishta Kya Kehlata Hai: Actress Samridhi Shukla aka Abhira gets applauded for her recent emotional performance in the show. The Times of India
- ↑ Samridhii Shukla turns a year older today; Yeh Rishta Kya Kehlata Hai co-stars Rohit Purohit, Garvita Sadhwani and others extend wishes. Pinkvilla
- ↑ Yeh Rishta Kya Kehlata Hai Samridhii Shukla turns 28, co-stars wish her a Happy Birthday; take a look. The Times of India
- ↑ Father's Day Special: YRKKH's Samridhii Shukla Credits Her Dad For Her Success. Times Now
- ↑ (2024-02-09). Yeh Rishta Kya Kehlata Hai actress Samridhii Shukla reveals she dubbed for Alia Bhatt for Brahmastra's OTT version. The Times of India
- ↑ Yeh Rishta Kya Kehlata Hai fame Samridhii Shukla reveals she dubbed for Tripti Dimri in Ranbir Kapoor starrer Animal; fans share happiness. The Times of India
- ↑ (1 July 2024). Yeh Rishta Kya Kehlata Hai's Samridhii Shukla reveals dubbing for THIS popular actress in A Family Affair. Pinkvilla
- ↑ Colors' show 'Saavi Ki Savaari' traces the heart-warming journey of Saavi, an optimistic young woman who breaks stereotypes. Tribune India News Service
- ↑ Tajmahal 2 is based on true story. The New Indian Express
- ↑ Yeh Rishta Kya Kehlata Hai: कौन हैं समृद्धि शुक्ला, जो लीप के बाद निभाएंगी अक्षरा की बेटी अभिरा शर्मा का रोल. Prabhat Khabar
- ↑ Samridhii Shukla aka Abhira on Yeh Rishta Kya Kehlata Hai's emotional leap; says 'It feels like a new show'. The Times of India
- ↑ Yeh Rishta Kya Kehlata Hai's Samridhii Shukla tops TV actors list, leaving behind Rupali Ganguly and Rubina Dilaik. ABP News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমৃদ্ধি শুক্লা” প্ৰবন্ধৰ সংশোধন ৫৯২০৫৯ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।