অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰত্যুষা বেনাৰ্জী

প্ৰত্যুষা বেনাৰ্জী (ইংৰাজী: Pratyusha Banerjee; ১০ আগষ্ট ১৯৯১ — ১ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আছিল। তেওঁ বহুতো ধাৰাবাহিক আৰু ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল। বেনাৰ্জীয়ে প্ৰথমবাৰৰ বাবে ২০১০ চনত টেলিভিছন শ্ব’ বালিকা বধূৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।

হালনাগাদ: ২৬ জুন ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰত্যুষা বেনাৰ্জী (ইংৰাজী ভাষা: Pratyusha Banerjee; ১০ আগষ্ট ১৯৯১ — ১ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আছিল। তেওঁ বহুতো ধাৰাবাহিক আৰু ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল।১

বেনাৰ্জীয়ে প্ৰথমবাৰৰ বাবে ২০১০ চনত টেলিভিছন শ্ব’ বালিকা বধূৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।২ টেলিভিছন ধাৰাবাহিকত এইটোৱেই তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল, য’ত তেওঁ "আনন্দী" চৰিত্ৰটোৰ জৰিয়তে ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল।২ তেওঁ ৰিয়েলিটি শ্ব’ বিগ বছ ৭ত (২০১৩) অংশগ্ৰহণ কৰিছিল।৩

কৰ্মজীৱন

তেওঁ ৰক্ত সম্বন্ধ ধাৰাবাহিকত এটা সহযোগী চৰিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক য়ে ৰিস্তা ক্যা কেহলাতা হ্যায়ত বাণীৰ (অক্ষৰাৰ এজনী ভাল বন্ধু) চৰিত্ৰত অভিনয় কৰে।

২০১০ চনত ভাৰতীয় টেলিভিছন ধাৰাবাহিক বালিকা বধূত অবিকা গৌৰৰ ঠাইত আনন্দীৰ প্ৰাপ্তবয়স্ক সংস্কৰণৰ মুখ্য চৰিত্ৰৰ বাবে তেওঁ নিৰ্বাচিত হয়। অভিনেত্ৰীগৰাকীৰ মতে, তেওঁক এটা টেলেণ্ট হাণ্টৰ জৰিয়তে বাছনি কৰা হৈছিল, য’ত তেওঁ লক্ষ্ণৌৰ নিবেদিতা তিৱাৰী আৰু মুম্বাইৰ কেতকী চিতালুক অতিক্ৰম কৰিছিল।৪ এই ধাৰাবাহিকখনৰ সফলতাৰ পিছত বেনাৰ্জীয়ে ঝলক দিখলা যাত (ছিজন ৫) অংশগ্ৰহণ কৰে। অৱশ্যে, নৃত্যৰ আখৰাৰ সময়ত তেওঁ সহজ অনুভৱ নকৰা বুলি উল্লেখ কৰি অনুষ্ঠানটো ত্যাগ কৰে।৫৬

২০১৩ চনত তেওঁ বিগ বছ ৭ৰ এগৰাকী অন্যতম প্ৰতিযোগী আছিল।৭৮৯ তেওঁ তেওঁৰ সংগী ৰাহুল ৰাজ সিঙৰ সৈতে পাৱাৰ কাপলত অংশ লৈছিল।১০ ইয়াৰ উপৰি তেওঁ হাম হ্যায় না, চশুৰাল চিমৰ কা আৰু গুলমোহৰ গ্ৰেণ্ডত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।১১

তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কাম আছিল ধাৰাবাহিক বালিকা বধূত আৰু তেওঁ আনন্দী হিচাপে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।১২

ব্যক্তিগত জীৱন

প্ৰত্যুষাৰ জন্ম হৈছিল ঝাৰখণ্ডৰ জামছেদপুৰ চহৰৰ এটা বঙালী পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল শংকৰ বেনাৰ্জী আৰু মাতৃৰ নাম সোমা বেনাৰ্জী।৪ তেওঁৰ পিতৃ এগৰাকী জনাজাত সমাজকৰ্মী আৰু তেওঁলোকৰ নিজা এটা বেচৰকাৰী সংস্থা পৰিচালনা কৰে। ২০১০ চনত তেওঁ জামছেদপুৰ এৰি মুম্বাইলৈ কাম কৰিবলৈ আহে।১৩

মৃত্যু

২০১৬ চনৰ ১ এপ্ৰিলত বেনাৰ্জীক তেওঁৰ মুম্বাইৰ এপ্ৰেটমেণ্টত ডিঙিত ফাঁচ লগা অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৪ বছৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন অনুসৰি মৃত্যুৰ কাৰণ আছিল উশাহ বন্ধ হোৱা বা শ্বাসৰোধ।১৪১৫

অৱশ্যে তেওঁৰ পিতৃ-মাতৃয়ে অভিযোগ কৰে যে তেওঁক প্ৰেমিক তথা অভিনেতা-প্ৰযোজক ৰাহুল ৰাজ সিঙেহে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে। তেওঁলোকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছিল।১৬ ২০১৮ চনত ৰাহুল ৰাজ সিঙে মুম্বাইৰ ডিণ্ডোছি অধিৱেশন আদালতত এক আবেদন দাখিল কৰি তেওঁক এই গোচৰৰপৰা অব্যাহতি দিবলৈ অনুৰোধ জনায়। আবেদনখনত প্ৰয়াত অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ ওপৰত দোষ জাপি দি ৰাহুলে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ নামত গধুৰ ঋণ লৈছিল আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি অভিনেত্ৰীগৰাকী হতাশাত ভুগিছিল আৰু সেয়েহে তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিছিল।১৭

তথ্যসূত্ৰ

  1. ↑ Singh, Mandwi. (2 April 2016). Balika Vadhu to Power Couple: 7 shows we will always remember Pratyusha Banerjee for. ইণ্ডিয়া টুডে
  2. ↑ Singh, Mandwi. (2 April 2016). Pratyusha 'Anandi' Banerjee of Balika Vadhu hangs self. ইণ্ডিয়া টুডে
  3. ↑ (24 July 2013). Bigg Boss season 7 to air from September; Pratyusha Banerjee to be an inmate
  4. ↑ Bose, Antara. (25 July 2010). Jamshedpur girl is India's most popular bride. The Telegraph
  5. ↑ (18 July 2012). Rashmi in Pratyusha out in Jhalak Dikhhla Jaa?. Times of India
  6. ↑ (22 September 2013). IT'S NOT JUST DANCE. Daily Pioneer
  7. ↑ (29 July 2013). Balika Vadhu's Pratyusha Banerjee to enter 'Bigg Boss' house?
  8. ↑ (21 November 2013). We all used to rag Salman about Elli: Pratyusha. Times of India
  9. ↑ (17 November 2013). 'Bigg Boss 7': Pratyusha Banerjee gets evicted. Zeenews India
  10. ↑ (2 April 2016). Pratyusha and Rahul were Raj and Simran kind of a couple: Delnaaz Irani. ইণ্ডিয়া টুডে
  11. ↑ (28 May 2015). Pratyusha Banerjee to play Parinda in 'Gulmohar Grand'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  12. ↑ (2012-04-11). Balika Vadhu's Anandi has got a temper. The Times of India
  13. ↑ Nitasha Natu & Rebecca Samervel. (7 April 2016). Rahul 'poisoned' Pratyusha's mind against her parents?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  14. ↑ (2 April 2016). The Balika Vadhu star Pratyusha Banerjee dead, here is all about the actress. The Indian Express
  15. ↑ Hegde, Rajul. (2 April 2016). Balika Vadhu actress Pratyusha Banerjee commits suicide. Rediff
  16. ↑ (6 April 2016). 18 things Pratyusha Banerjee's parents revealed about her relationship with Rahul Raj Singh
  17. ↑ (27 April 2018). Pratyusha Banerjee suicide case: Ex-boyfriend Rahul Raj Singh files for discharge from the case

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰত্যুষা বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬১৪৬০৬ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।