অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইনা নন্দিনী

মাইনা নন্দিনী (জন্ম: ২১ মে') এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে প্ৰধানকৈ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে। তেওঁ সাৰাভানান মীনাক্ষী (দ্বিতীয় ছিজন)ত মাইনা ৰেৱতী, চিন্না থাম্বীত আলাবাৰাই মাইনা আৰু বিশেষকৈ অৰণমণৈ ৩ (২০২১)ত ময়নাবতীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ৪৪২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাইনা নন্দিনী (জন্ম: ২১ মে')১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে প্ৰধানকৈ তামিল ভাষা চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে। তেওঁ সাৰাভানান মীনাক্ষী (দ্বিতীয় ছিজন)ত মাইনা ৰেৱতী, চিন্না থাম্বীত আলাবাৰাই মাইনা আৰু বিশেষকৈ অৰণমণৈ ৩ (২০২১)ত ময়নাবতীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।২ তেওঁ ২০১৫ চনত ষ্টাৰ বিজয়ত সম্প্ৰচাৰিত হোৱা ৰন্ধন বিষয়ক অনুষ্ঠান কিচেন ছুপাৰ ষ্টাৰ (তৃতীয় ছিজন)ৰ বিজয়ী আছিল। ২০২২ চনত তেওঁ এগৰাকী প্ৰতিযোগী হিচাপে বিগ বছ (তামিল ছিজন ৬)ত অংশগ্ৰহণ কৰিছিল।৩

তেওঁ বিশেষকৈ ভমছম (২০১০), কেডী বিল্লা খিলাড়ী ৰংগা (২০১৩), ৰোমিঅ' জুলিয়েট (২০১৫), কাঞ্চনা ৩ (২০১৯), নাম্মা ভেট্টু পিল্লাই (২০১৯), পেট্ৰ'মেক্স (২০১৯), অৰণমণৈ ৩ (২০২১) আৰু বিক্ৰম (২০২২) আদিৰ দৰে ছবিত অভিনয় কৰাৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

তামিলনাডুৰ মাদুৰাইৰ এখন ভিতৰুৱা চহৰত ২১ মে'ত ৰাজেন্দ্ৰন আৰু ৰাণীৰ ঔৰসত নন্দিনী ৰাজেন্দ্ৰনৰ জন্ম হৈছিল। নন্দিনীয়ে মাদুৰাইৰ মীনাক্ষী মেট্ৰিকুলেচন স্কুল আৰু আন্না নগৰৰ আম্বিকা কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্সত অধ্যয়ন কৰিছিল, য’ত তেওঁ ব্যৱসায় প্ৰশাসনৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। অৱশ্যে ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ সময় অতিবাহিত কৰাৰ মাধ্যম হিচাপে কেইখনমান টেলিভিছন ধাৰাবাহিকত অভিনয় কৰাৰ সিদ্ধান্ত লৈছিল।

কৰ্মজীৱন

নন্দিনীয়ে তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলিছিল ভেনিলে কাবাডী কুজু নামৰ ছবিখনৰ জৰিয়তে, য’ত তেওঁ এটা নামবিহীন সৰু চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেওঁ ধেমেলীয়া ৰিয়েলিটি শ্ব’ কালক্কা পোভাডু য়াৰুত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে। ২০১০ চনত পৰিচালক পাণ্ডিৰাজে তেওঁক ভমছম নামৰ ছবিখনত এটা চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়ে। তেওঁ সেই প্ৰস্তাৱত সন্মতি জনায় আৰু ছৰছু নামৰ এটা সহযোগী চৰিত্ৰত অভিনয় কৰে।৪ ইয়াৰ পিছত তেওঁ কেডী বিল্লা খিলাড়ী ৰংগা (২০১৩), ভেল্লাইক্কাৰা দুৰাই (২০১৪) আৰু ৰোমিঅ' জুলিয়েটৰ দৰে ছবিত অভিনয় কৰে। ২০১৬ চনত তেওঁ সাৰাভানান মীনাক্ষী (তৃতীয় ছিজন) নামৰ ধাৰাবাহিকখনত মুখ্য মহিলা চৰিত্ৰৰ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰি টেলিভিছন অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। ধাৰাবাহিকখনত তেওঁৰ অভিনয়ে যথেষ্ট উচ্চ প্ৰশংসা লাভ কৰিছিল। সেই চৰিত্ৰটোৰ নাম "মাইনা"ৰ বাবেই তেওঁ পিছলৈ যথেষ্ট জনপ্ৰিয় হৈ পৰে।৫৬ ইয়াৰ উপৰি তেওঁ অমুধা অৰু আচাৰ্যকুৰি, পাণ্ডিয়ান ষ্টোৰ্ছ, অৰণমণৈ কিলি আৰু চিন্না থাম্বীৰ দৰে টেলিভিছন শ্ব’তো অংশ লৈছে। ২০২২ চনত অভিনেতা কমল হাছানে নন্দিনীক তেওঁৰ একচন ধৰ্মী ছবি বিক্ৰমত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে অনুৰোধ কৰে। তেওঁ এই অফাৰ গ্ৰহণ কৰে আৰু ছবিখনত অভিনেতা বিজয় সেতুপতিৰ বিপৰীতে অভিনয় কৰে।৭ সেই বছৰৰে শেষৰফালে মুক্তি পোৱা চৰ্দাৰ ছবিত তেওঁ এজন নাট্য শিল্পী হিচাপে এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰে।

তেওঁ ২০২১ চনৰ ৱেব ধাৰাবাহিক নৱেম্বৰ ষ্টৰীত তামান্না, জি এম কুমাৰ আৰু পশুপতিৰ সৈতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনৰ জৰিয়তে নন্দিনীয়ে ৱেব ধাৰাবাহিক জগতত খোজ পেলাইছিল।

ব্যক্তিগত জীৱন

২০১৭ চনৰ জানুৱাৰী মাহত নন্দিনীয়ে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক কাৰ্তিকেয়নৰ (কাৰ্তিক) সৈতে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে তেওঁলোকৰ বিবাহৰ ৬ মাহৰ পিছতে দম্পতীহালৰ মাজত হোৱা এক বুজা-বুজিৰ অভাৱৰ বাবে কাৰ্তিকে আত্মহত্যা কৰে। ২০১৯ চনত তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়। এইবাৰ তেওঁ টেলিভিছন অভিনেতা তথা কমেডিয়ান যোগেশ্বৰমক বিয়া কৰায় আৰু ২০২০ চনত এই দম্পতীহাল এটি সন্তানৰ পিতৃ-মাতৃ হয়।৮৯১০১১ তেওঁ শ্ৰীলংকাৰ কণ্ঠশিল্পী তথা গীতিকাৰ দিনেশ কানাগাৰত্নমৰ খুৰাক/বৰদেউতাকৰ পুত্ৰ।১২

তথ্যসূত্ৰ

  1. ↑ (22 May 2020). Yogesh makes wife Myna Nandhini's birthday special during lockdown. The Times of India
  2. ↑ (16 June 2022). Myna Nandhini garners 7 million followers on Instagram. The Times of India
  3. ↑ (17 October 2022). Myna Nandhini enters the house as new contestant. indiatoday.in
  4. ↑ (28 June 2019). Abhirami is fake - Mynaa Nandhini. indiaglitz.com
  5. ↑ (24 September 2022). মাইনা নন্দিনী ড্ৰেণ্ডী চালোৱাৰ কালেকচনছ. The Indian Express
  6. ↑ (30 September 2022). Myna Nandhini:সিংগাপুৰত সন্তান আৰু স্বামীৰ সৈতে মাইনা নন্দিনী…!. tamil.samayam.com
  7. ↑ (10 December 2021). Myna Nandhini confirms her role with Vijay Sethupathi in 'Vikram'. The Times of India
  8. ↑ (6 September 2020). Mynaa Nandhini gives birth to baby. indiaglitz.com
  9. ↑ (20 August 2021). Yogeshwaram flaunts love for wife Myna Nandhini; inks her face inked on chest. The Times of India
  10. ↑ (11 November 2020). Myna Nandhini and Yogeshwaran tie the knot; see pics. The Times of India
  11. ↑ (16 April 2017). Myna Nandhini approaches High Court for bail?. The Times of India
  12. ↑ (6 November 2022). Myna Nandhini's cousin also a 'Bigg Boss Tamil 6' contestant? Ex-wife and child photos go viral. indiaglitz.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইনা নন্দিনী” প্ৰবন্ধৰ সংশোধন ৫৯৩২০৫ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।