শান্তিপুৰী শাৰী (Shantipuri sari ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা কপাহী শাৰী। পশ্চিম বংগৰ নদিয়া জিলাৰ শান্তিপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ইয়াৰ উৎপাদন হয়। শান্তিপুৰী হস্ততাঁত শাৰী (বা কাপোৰ) চানেকীৰ অভিনৱত্ব, অতিৰিক্ত বাণিসূতাৰ সৈতে হাতেৰে কাটিব পৰা পদ্ধতি, বিভিন্ন ৰঙৰ আৰ্হি আৰু কাপোৰৰ মিহি মোলায়েম গুণৰ বাবে বিখ্যাত। মিহি শান্তিপুৰী শাৰী সমগ্ৰ বিশ্বতে উচ্চ চাহিদাযুক্ত সামগ্ৰী।১ শান্তিপুৰী শাৰীয়ে ২০০৯ চনত ভৌগোলিক সূচকৰ টেগ পাইছিল।২৩
ইতিহাস
পোন্ধৰ শতিকাৰ আৰম্ভণিতে বংগৰ গৌড়ৰ ৰজা গণেশৰ ৰাজত্বকালত শান্তিপুৰত তাঁতীসকলে প্ৰথমে বসতি স্থাপন কৰিছিল। শান্তিপুৰী শাৰীৰ ইতিহাস আৰম্ভ হয় ১৪০৯ খ্ৰীষ্টাব্দৰ পৰা। তথ্য অনুসৰি গৌড় ৰজা গণেশ দানু সাধনদেৱৰ ৰাজত্বকালত ১৪০৯ খ্ৰীষ্টাব্দত শান্তিপুৰত প্ৰথম শাৰী বোৱা হৈছিল।৪ শান্তিপুৰৰ বয়ন পৰম্পৰা শ্ৰী অদ্বৈত আচাৰ্যৰ (১৪৬০–১৫৫৮) জীৱনীমূলক পাণ্ডুলিপিত অদ্বৈত্ মংগল নামেৰে লিপিবদ্ধ হৈছে।[5] নদিয়া ৰাজ ৰুদ্ৰ ৰায়ৰ দিনত (১৬৮৩–৯৪) আৰু মোগল শাসনৰ সময়ত শান্তিপুৰৰ হস্ততাঁত বয়ন পৰম্পৰাগত উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিছিল। নদিয়াৰ ৰজা ৰুদ্ৰ ৰায়ৰ (১৬৮৩–৯৪) ৰাজত্বকালত শিপিনীসকলৰ এই কামে যথেষ্ট প্ৰশংসা আৰু খ্যাতি লাভ কৰিছিল। সেই সময়ত আৰব, গ্ৰীচ, তুৰস্ক, ইৰাণ আৰু আফগানিস্তানলৈ শাৰী ৰপ্তানি কৰা হৈছিল। ইয়াৰ পিছত এই উদ্যোগটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহিছিল। মূলতঃ শাৰী আৰু ধুতি বোৱা হৈছিল যদিও শান্তিপুৰৰ বিশেষত্ব আছিল শাৰী তৈয়াৰত। শান্তিপুৰৰ শিপিনী আৰু শাৰী ইমানেই বিখ্যাত আছিল যে তেওঁলোকে বঙালী লোকসাহিত্যতো স্থান পাইছিল।৫
তথ্যসূত্ৰ
- ↑ Geographical Indications Journal No.29. search.ipindia.gov.in. পৃ. 138–143
- ↑ (10 February 2022). ৰসগোল্লাৰ মতো বাংলাৰ শাড়িতেও ৰয়েছে জিআই স্বীকৃতি, পেয়ে যাবেন এ শহৰেই. Anandabazar2. Anandabazar Patrika
- ↑ Santipur Saree. search.ipindia.gov.in
- ↑ Rakesh Sarkar. (25 August 2019). হস্তচালিত তাঁতেৰ শাড়িৰ শ্ৰমিকদেৰ ঘৰ অন্ধকাৰই. Anandabazar. Anandabazar Patrika
- ↑ Pradipta Dubey; Dr. Subhrangsu Santra. (25 December 2013). WEAVING AND LIVELIHOOD IN SHANTIPUR OF WEST BENGAL: PAST AND PRESENT. International Journal of Current Research. পৃ. 4014–4017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তিপুৰী শাৰী” প্ৰবন্ধৰ সংশোধন ৪৮০১১৪ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।