শ্ৰীকালহস্তি কালামকাৰী হস্তশিল্পৰ এক শৈলী, যাৰদ্বাৰা হাতেৰে কাপোৰত ৰং কৰা হয়। ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ তিৰুপতি জিলাৰ শ্ৰীকালহস্তিত ইয়াৰ উৎপাদন হয়।১ ইয়াক অন্ধ্ৰ প্ৰদেশৰপৰা অহা ভৌগোলিক ইংগিতসমূহৰ ভিতৰত অন্যতম হিচাপে পঞ্জীয়ন কৰা হৈছে, হস্তশিল্পৰ সামগ্ৰীৰ অধীনত ভৌগোলিক সামগ্ৰীৰ ইংগিত (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ৰদ্বাৰা।২ শ্ৰীকালহস্তি কালামকাৰীৰ বাবে জি আই আবেদন দাখিল কৰিছিল কালামকাৰী আৰ্টিছনছ ৰিভাইভেল এণ্ড আপচাৰ্জ ফৰ নেচনেল এক্লেইম (কাৰুনা)ই।৩
ইতিহাস

বিজয়নগৰ সাম্ৰাজ্যৰ সময়ছোৱাত কালামকাৰীৰ শিল্পৰ অস্তিত্ব আছিল।৪
কালামকাৰী কাম
ভাৰতত প্ৰচলিত কালামকাৰী ৰচনাৰ দুটা শৈলীৰ ভিতৰত কালামকাৰীৰ শ্ৰীকালহস্তী শৈলী অন্যতম, আনটো হ’ল, মাচিলিপট্টনম শৈলী। পাৰ্চী ভাষাত কালামৰ অৰ্থ হ’ল কলম, হাতেৰে অংকন আৰু ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয়।৫ কলমৰ ব্যৱহাৰ দুবিধ, এটা বাঁহৰপৰা তৈয়াৰী অংকনৰ বাবে, আনটো ৰং কৰাৰ বাবে। ৰং প্ৰক্ৰিয়াত কেৱল প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয় যিবোৰ ফুল আৰু শাক-পাচলিৰপৰা উলিওৱা হয়। গোটেই প্ৰক্ৰিয়াটোত ব্লক বনোৱা, কাপোৰ শোধন কৰা, ছপা কৰা, ধোৱা আদি সোতৰটা পদক্ষেপ জড়িত হৈ থাকে।৬৭ শ্ৰীকালহস্তী শৈলী বেছিভাগেই কাপোৰৰ ওপৰত ধৰ্মীয় মিথ আৰু মহাকাব্য কাহিনী বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু লগতে এই শৈলীৰ শাৰীসমূহ ইয়াৰ পাৰি আৰু আঁচলৰ বাবে অতি উল্লেখযোগ্য।৫৮
শিল্পকলাৰ প্ৰসাৰ
তিৰুমালা তিৰুপতি দেৱস্থানমৰ শ্ৰী ভেংকটেশ্বৰ ইনষ্টিটিউট অৱ ট্ৰেডিচনেল ভাস্কৰ্য্য আৰু স্থাপত্য (SVITSA)-এ নতুন শিল্পীৰ বিকাশৰ বাবে কালামকাৰী চিত্ৰকলাৰ ওপৰত পেছাদাৰী পাঠ্যক্ৰম আগবঢ়ায়।৯ অন্ধ্ৰ প্ৰদেশ অৰ্থনৈতিক উন্নয়ন ব'ৰ্ডে ঐতিহাসিক কলাৰ প্ৰচাৰ, ঔদ্যোগিক প্ৰত্যাহ্বানসমূহ সমাধান, দক্ষ মানৱ সম্পদ প্ৰশিক্ষণ আৰু ৰপ্তানিৰ জৰিয়তে ৰাজহ আহৰণৰ উন্নতিৰ বাবে উদ্যোগ গ্ৰহণ কৰে।১০
তথ্যসূত্ৰ
- ↑ (23 January 2016). Geographical Indication. The Hans India
- ↑ Registration Details of Geographical Indications. Intellectual Property India, Government of India
- ↑ Application Details of Srikalahasti Kalamkari. Intellectual Property India, Government of India
- ↑ (12 July 2015). Design Resource – Kalamkari Painting – People and Place. www.dsource.in
- ↑ (24 August 2015). Kalamkari: Craft of the matter. mid-day
- ↑ Kalamkari – AP. www.upasana.in
- ↑ (13 April 2015). The theme of textile: Know about Kalamkari and Muga Silk: Art and Culture. indiatoday.intoday.in
- ↑ (25 October 2010). Kalamkari back in demand. দ্য হিন্দু
- ↑ Appala Naidu, T. (24 November 2014). TTD grooms artists in Srikalahasti-Kalamkari style. The Hindu
- ↑ Appala Naidu, T. (23 June 2015). Development Board to give a fillip to Kalamkari. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীকালহস্তি কালামকাৰী” প্ৰবন্ধৰ সংশোধন ৫৩৪৫২৪ (২৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।