
বিয়াৰ শাৰী হৈছে ভাৰতৰ অসম, মণিপুৰ, নাগালেণ্ড আদি কৰি কেইখনমান ৰাজ্যৰ বাহিৰে দক্ষিণ এছিয়াৰ প্ৰায়বোৰ ঠাইৰ বিবাহত পৰম্পৰাগতভাৱ কইনাই পিন্ধা সাজ। ভাৰতত শাৰী পৌৰাণিক কালৰে পৰা প্ৰচলিত। অসমত বিয়াৰ কইনাই সচৰাচৰ গুণাৰ কাম কৰা বগা পাটৰ চাদৰ-মেখেলা পিন্ধে। কোনো কোনোৱে বিয়াৰ কইনাৰ সাজ হিচাপে লেহেংগা-কুৰ্তিও পিন্ধে।
বিবাহৰ শাৰী সাধাৰণতে ৰঙা ৰঙৰ হোৱা দেখা যায়, বিবাহিত মহিলাৰ লগত ৰঙা ৰং জড়িত যদিও অঞ্চল, জাতি আৰু ধৰ্ম অনুসৰি ৰঙৰ সংমিশ্ৰণ বেলেগ বেলেগ হয়। ৰঙা আৰু সেউজীয়াৰ সংমিশ্ৰণেৰে সোণালী ব্ৰকেডৰ আৰ্হিৰ সৈতে তৈয়াৰী শাৰীও হ’ব পাৰে। তামিলনাডুৰ অব্ৰাহ্মণ মহিলাসকলে পৰম্পৰাগতভাৱে ৰঙা-বগা চেকযুক্ত শাৰী পিন্ধে।১ পদ্মশালিসকলৰ বিয়াৰ শাৰী হৈছে হালধিৰে ৰং কৰা বগা শাৰী।১ গুজৰাটী মহিলাসকলৰ বিয়াৰ কইনাই ৰঙা আৰু বগা, পাৰিত জৰীৰ কাম কৰা পানেতাৰ শাৰী পিন্ধে।২
শাৰীৰ বাবে ব্যৱহৃত কাপোৰো পৰম্পৰাগতভাৱে সাধাৰণভাৱে ৰেচমৰ। অৱশ্যে সময়ৰ লগে লগে ভাৰতীয় কইনাৰ বাবে ৰঙৰ বিকল্প আৰু কাপোৰৰ পছন্দ সম্প্ৰসাৰিত হৈছে। বৰ্তমান লাইক্ৰা, অৰ্গেনজা, খাদী, চিফন, লিনেন, জৰী, মুগা, ব্ৰকেড, ক্ৰেপ, জৰ্জেট, টিছু, কপাহ আৰু চেটিন আদি কাপোৰৰ শাৰী ব্যৱহাৰ কৰা হয়।
বিয়াৰ শাড়ীৰ প্ৰকাৰৰ ভিতৰত আছে কাঞ্চিপুৰম ৰেচম শাৰী, বেনাৰসী বিয়াৰ শাৰী, সম্বলপুৰী শাৰী, অসম ৰেচম, গতা শাৰী, ৰেশম শাৰী, জাৰদোছি শাৰী, পৈথানি শাৰী, বন্ধনী শাৰী, নেৰিয়াথুম শাৰী, লগতে সাধাৰণতে ৰঙা ৰঙৰ জামদানী শাৰী, ঢাকাই জামদানী শাৰী, কাটন আৰু ৰাজশাহী চিল্কৰ শাৰী।
তথ্যসূত্ৰ
- ↑ Kawlra, Aarti. (2005). Kanchipuram Sari: Design for Auspiciousness. Design Issues. পৃ. 54–67
- ↑ (28 February 2016). At a mass wedding in Rajkot — Jaina and Jeevan, couple No. 14. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিয়াৰ শাৰী” প্ৰবন্ধৰ সংশোধন ৫৮৮৩৭৪ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।