চেলিনা হুছেইন ( Selina Hossain) ১৯৪৭ চনৰ ১৪ জুনত জন্মগ্ৰহণ কৰা এগৰাকী বাংলাদেশী ঔপন্যাসিক আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বাংলা একাডেমীৰ বৰ্তমানৰ সভানেত্ৰী।১২৩ তেওঁৰ প্ৰধান ৰচনাসমূহৰ ভিতৰত হাংগোৰ নোডি গ্ৰেনেড(১৯৭৬) আৰু পোকা মাকড়েৰ ঘৰ বসতি (১৯৯৬) অন্যতম।৪ তেওঁ সকলো মুখ্য ৰাষ্ট্ৰীয় বঁটা লাভ কৰে; যেনে – ১৯৮০ চনত বাংলা একাডেমী সাহিত্য বঁটা, ২০০৯ চনত একুশে পদক আৰু ২০১৮ চনত স্বাধীনতা দিৱসৰ বঁটা।৫ তেওঁৰ উপন্যাস আৰু চুটিগল্পসমূহ ইংৰাজী, ৰাছিয়ান, ফৰাচী, জাপানী, কোৰিয়ান, ফিনিছ আৰু মালয় ভাষালৈ অনুবাদ কৰা হৈছে।৬৭ চেলিনা হুছেইনে ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে বাংলাদেশ শিশু একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৮
আদি জীৱন আৰু শিক্ষা
চেলিনা হুছেইনৰ জন্ম হৈছিল এ কে মুশ্বাৰফ হুছেইন আৰু মাৰিয়ামেনেছা বাকুলৰ ঘৰত।১ ১৯৬৮ চনত তেওঁ ৰাজশাহী বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
কৃতিত্ব
চেলিনা হুছেইনে তেওঁৰ উপন্যাস সন্ধ্যা গায়ত্ৰীৰ বাবে ১৯৯৪–৯৫ চনত ফৰ্ড ফাউণ্ডেশ্যনৰ পৰা জলপানি লাভ কৰে।৬
হুছেইনে বাংলা অকাডেমীৰ পৰিচালক হিচাপে অৱসৰ গ্ৰহণ কৰে।৭ বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য আৰু ইউনেস্কোৰ কাৰ্যবাহী মণ্ডলীত তেওঁৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৬ ২০১৪ চনত বাংলাদেশ শিশু একাডেমীৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।৭
চেলিনা হুছেইনৰ উপন্যাস ভূমি অ কুসুম বাংলা সাহিত্যৰ প্ৰথমখন গ্ৰন্থ যিয়ে এনক্লেভ বিষয়টো ডাঙি ধৰিছিল।৭
সাহিত্য কৰ্ম
চেলিনা হুছেইনে প্ৰায় দুকুৰি উপন্যাস ৰচনা কৰিছিল। সেইবোৰ হ’ল ক্ৰমে,
জোৎস্নায় সূৰ্যো জালা (১৯৭৩), জলোচ্ছাস (১৯৭২),হাংগোৰ নদী গ্ৰেনেড (১৯৭৬), মেগনা চৈটনিয়ে শ্বিছ (১৯৭৯),যাপিত জীবন (১৯৮১),৯ পৰ শব্দ (১৯৮২), নীল ময়ূৰেৰ যৌৱন (১৯৮৩), চান্দ বিনে (১৯৮৪), পোকা মাকোড়েৰ ঘৰ বসতি (১৯৮৬)২, নিৰন্তৰ ঘণ্টাধ্বনি (১৯৮৭), ক্ষৰণ (১৯৮৮), কাঁটাতাঁৰে প্ৰজাপতি (১৯৮৯), খুন ও ভালোবাসা (১৯৯০), কলকেতু আৰু ফুল্লৰা (১৯৯২), ভালোবাসো প্ৰীতিলতা (১৯৯২), টানাপৰেন (১৯৯৪), গায়ত্ৰী সন্ধ্যা (১৯৯৬), দীপান্বিতা (১৯৯৭), যোদ্ধা (১৯৯৮), কাকতৰুৱা (১৯৯৯), লাৰা (২০০০), কাঠকয়লাৰ ছবি (২০০১), মোহিনীৰ বিয়ে (২০০২), আনৱিক আন্ধাৰ (২০০৩), ঘুমকাতুৰে ঈশ্বৰ (২০০৪), মৰ্গাৰ নীলপাখী (২০০৫), উপেক্ষা (২০০৭), দিনেৰ ৰশীতে গিট্টু (২০০৭), মাটি ও শ্বশ্বাৰ বুনন (২০০৭), পূৰ্ণ ছবিৰ মগ্নতা (২০০৮)৯, ভূমি ও কুসুম (২০১০), যমুনা নদীৰ মুছাইৰা (২০১১), গছতিৰ ছায়া নেই (২০১২), সোণালী ডুমুৰ (২০১২), আগষ্ট-এৰ এক ৰাত (২০১৩),গেৰিলা অ' বাৰাংগণা(২০১৪), ডিংকলেৰ কাঠখোৰ (২০১৫) আদি।
চেলিনা হুছেইনে কেইবাখনো গল্পপুথিও ৰচনা কৰে। সেইবোৰ হ’ল,
উৎস থেকে নিৰন্তৰ, জলৱতী মেঘেৰ বাটাস,খোল কৰতাল, পৰ-জন্ম, মনুষ্টি, মটিজানাৰ মেয়েৰা, অনুড়া পূৰ্ণিমা, সোখিনাৰ চন্দ্ৰকলা, একলেৰ পান্তাবুৰী, ওবেলাৰ ডিনখন, নাৰীৰ ৰূপকথা, নুনপান্তাৰ গৰগৰী, মৃত্যুৰ নীলপদ্মা আদি।
তথ্যসূত্ৰ
- ↑ বৰগুণা জেলা
- ↑ Selina Hossain. The Library of Congress
- ↑ Author Selina Hossain is appointed president of Bangla Academy. bdnews24.com
- ↑ (2018-03-03). Selina Hossain, Hasan Azizul to get DLitt. The Daily Star
- ↑ (2018-02-20). 16 personalities nominated for Independence Award-2018. The Daily Star
- ↑ Selina Hossain. United Nations Educational, Scientific and Cultural Organization
- ↑ (2016-06-15). Selina Hossain Another Year for the Literary Songbird. The Daily Star
- ↑ আৰ্কাইভ কপি. Bangladesh Shishu Academy
- ↑ (2015-12-05). In conversation with Selina Hossain. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলিনা হুছেইন” প্ৰবন্ধৰ সংশোধন ৪২০৫৮৩ (৬ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।