মিথিলেশ ভট্টাচাৰ্য (Mithilesh Bhattacharya) উত্তৰ-পূব ভাৰতৰ এজন বাংলা ভাষাৰ কথা-সাহিত্যিক।১ ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত তৎকালীন পূব-পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)ৰ মৌলভীবাজাৰ মহকুমাৰ দক্ষিণ বিনোষণা গাঁৱত ভট্টাচাৰ্যৰ জন্ম।২
শিক্ষা
ভট্টাচাৰ্যই শিলচৰৰ অভয়াচৰণ ভট্টাচাৰ্য পাঠশালা, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাছাৰ মহাবিদ্যালয়ৰপৰা শিক্ষা গ্ৰহণ কৰিছিল।৩ অৰ্থনীতি বিজ্ঞান বিষয়সহ স্নাতক হোৱাৰ পাছত শিলচৰৰ ইউকো বেংকত তেখেতে কৰ্ম-জীৱনৰ পাতনি মেলে।৩
সাহিত্য-চৰ্চা
১৯৬৭ চনত ২১ বছৰ বয়সত শাৰদীয় প্ৰান্তজ্যোতি পত্ৰিকাত তেখেতৰ প্ৰথম গল্প 'এখন সাগৰ' প্ৰকাশিত হয়।২ তেখেতৰ উল্লেখযোগ্য গল্প সংকলনসমূহ হৈছে কক্ষপথ, চৈত্ৰপবনে, আত্মকথা, স্বপ্নপুৰাণ৪ দেশভাগেৰ গল্প, প্ৰান্তজনকথা।৫ ভাঙা পথেৰ ৰাঙা ধূলায় তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।৫
সম্পাদনা
তেখেতে ১৯৭৩ চনৰপৰা ১৯৮৪ চনলৈকে তপোধীৰ ভট্টাচাৰ্যৰ সৈতে যুটীয়াভাৱে 'শতক্ৰুতু' নামৰ এখন সাহিত্য বিষয়ক লিটল মেগাজিন সম্পাদনা কৰিছিল।৪ ইয়াৰ উপৰি তেখেতে সম্পাদনা কৰিছিল মিনি আলোচনী ডাউক৬ আৰু গল্পৰ লিটল মেগাজিন 'পৰম্পৰা'।৩
সন্মান
২০১০ চনত মিথিলেশ ভট্টাচাৰ্যক আজীৱন ব্যাপ্ত সাহিত্যকৃতিৰ বাবে দ্বিৰালাপ সন্মানেৰে সন্মানিত কৰা হয়।৭
মৃত্যু
২০২৫ চনৰ ২০ অক্টোবৰৰ নিশা শিলচৰৰপৰা নাতি-দূৰৈত থকা শ্ৰীকোণাৰ কল্যাণী চিকিৎসালয়ত তেখেতে শেষ-নিশ্বাস ত্যাগ কৰে।৫
মিথিলেশ ভট্টাচাৰ্যৰ গল্প সম্পৰ্কে মতামত
- "লেখক মিথিলেশ ভট্টাচাৰ্যই আমাৰ চিনাকি পৃথিৱীখনক অচিনাকি কৰি তুলে, আকৌ পৰৱৰ্তী সময়ত একেটা প্ৰতিচ্ছবিকে এনে ব্যঞ্জনাৰ দ্যোতানাৰে আমাৰ সমুখত তুলি ধৰে যে তেখেতৰ গল্পৰ বহুস্বৰিকতাই আমাৰ হৃদয়ত অনুৰণন ঘটায়।" ৮
- "মিথিলেশ ভট্টাচাৰ্য সমকাল আৰু সমাজ সচেতন শিল্পী। তেখেতে তেখেতৰ চুটিগল্পত সমাজ ভাবনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। তেখেতে তেখেতৰ বহু গল্পত ঐতিহাসিক তথ্যসূত্ৰ উল্লেখ কৰিছে যিয়ে সেই সৃষ্টিবোৰৰ ঐতিহাসিক মূল্য নিৰ্ধাৰণ কৰে। তেখেতে গল্পত সমকালৰ ছবি দাঙি ধৰিছিল, তেখেতৰ গল্প পাঠৰ যোগেদি সমাজ আখ্যান পাব পাৰি।"১
তথ্যসূত্ৰ
- ↑ মালাকাৰ, পঙ্কজ কান্তি. (২০২৪). মিথিলেশ ভট্টাচাৰ্যেৰ ছোটগল্পে সমাজ ভাবনা. Pratidhwani the Echo. পৃ. 51-59
- ↑ (২২ অক্টোবৰ, ২০২৫). 'আলোৰ যাত্ৰী' মিথিলেশ ভট্টাচাৰ্যেৰ জীৱনাবসান. সাময়িক প্ৰসঙ্গ. পৃ. ১ আৰু ৬
- ↑ (২২ অক্টোবৰ, ২০২৫). আলোৰ উৎসৱেৰ ৰাতে সাহিত্য জগৎ আলোহীন. গতি দৈনিক
- ↑ কথাকাৰ মিথিলেশ ভট্টাচাৰ্য প্ৰয়াত. দৈনিক ষ্টেটসম্যান. পৃ. ৩
- ↑ প্ৰয়াত কথাশিল্পী মিথিলেশ ভট্টাচাৰ্য
- ↑ দীপেন্দু দাস. (২২ অক্টোবৰ, ২০২৫). চলে গেলেন গল্পকাৰ মিথিলেশ ভট্টাচাৰ্য. দৈনিক বাৰ্তালিপি. পৃ. ১
- ↑ ভট্টাচাৰ্য, মিথিলেশ. (২০১১). আত্মকথা. ভিকি পাবলিশাৰ্স, গুৱাহাটী - ৫, অসম. পৃ. Front Flap
- ↑ দে, নন্দন. (২০২২). মিথিলেশ ভট্টাচাৰ্যেৰ গল্পে দেশভাগ ও উদ্বাস্তু সমস্যা. Journal of Emerging Technologies and Innovative Research (JETIR). পৃ. a467-a472
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথিলেশ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬২২৩৯৬ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।