অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনোজ মিত্ৰ

মনোজ মিত্ৰ (Manoj Mitra; ২২ ডিচেম্বৰ ১৯৩৮ – ১২ নৱেম্বৰ ২০২৪) হ'ল এজন বাঙালী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেতা আৰু নাট্যকাৰ।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মনোজ মিত্ৰ (Manoj Mitra; ২২ ডিচেম্বৰ ১৯৩৮ – ১২ নৱেম্বৰ ২০২৪) ১ হ'ল এজন বাঙালী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেতা আৰু নাট্যকাৰ। ২ ৩ ৪ ৫

প্ৰাথমিক জীৱন

১৯৩৮ চনৰ ২২ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ সাতক্ষীৰা জিলাৰ ধূলিহৰ গাঁৱত মনোজ মিত্ৰৰ জন্ম হৈছিল। ৬ ১৯৫৭ চনত কলকাতাত মঞ্চ নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ১৯৭৯ চনত তেওঁ চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ত নাট্যকলা বিভাগৰ মুৰব্বী হিচাপে যোগদান কৰাৰ পূৰ্বে তেওঁ বিভিন্ন মহাবিদ্যালয়ত দৰ্শন বিষয়ত অধ্যাপনাও কৰিছিল।

যদিও তেওঁ ১৯৫৯ চনতে প্ৰথমখন নাট ৰচনা কৰিছিল আৰু যিখন নাটকে‍ তেওঁক প্ৰথম স্বীকৃতি প্ৰদান কৰিছিল, তথাপি কিন্তু ১৯৭২ চনত বিভাস চক্ৰৱৰ্তী নিদেৰ্শনাত পৰিচালিত চাঁক ভাঙা মধু নামৰ নাটকখনেৰে তেওঁ নিজৰ উপস্থিতি প্ৰমাণ কৰিছিল।

বঁটা আৰু সন্মান

  • শ্ৰেষ্ঠ নাট্যকাৰৰ সংগীত নাটক অকাডেমীৰ বঁটা (১৯৮৫)
  • শ্ৰেষ্ঠ নাট্যকাৰৰ বাবে কলিকতা বিশ্ববিদ্যালয় বঁটা (১৯৮৬)
  • শ্ৰেষ্ঠ নাট্যকাৰৰ বাবে পশ্চিমবঙ্গ ৰাজ্য চৰকাৰৰ বঁটা (১৯৮৩ আৰু ১৯৮৯)
  • এছিয়াটিক ছ'চাইটিৰ স্বৰ্ণ পদক (২০০৫)
  • শ্ৰেষ্ঠ অভিনেতাৰ বাবে ইষ্ট ফিল্মফেয়াৰ বঁটা (১৯৮০)
  • বাংলাদেশ থিয়েটাৰ চছাইটি‍ৰ তৰফৰ পৰা মুনীৰ চৌধুৰী বঁটা (২০১১)
  • দীনবন্ধু বঁটা (২৫ মে' ২০১২)
  • কলাকাৰ বঁটা ৭
  • আত্মজীৱনীমূলক গ্ৰন্থ মনোজাগতিক-ৰ বাবে ১৪৩০ বঙ্গাব্দৰ আনন্দ পুৰস্কাৰ (২০২৪) ৮

তথ্যসূত্ৰ

  1. ↑ (2024-11-12). Manoj Mitra Passes Away: নক্ষত্ৰপতন! প্ৰয়াত কিংবদন্তি অভিনেতা, নাট্য ব্যক্তিত্ব মনোজ মনোজ মিত্ৰ... Zee24Ghanta.com
  2. ↑ প্ৰতিবেদন, নিজস্ব. manoj mitra · ‘মনোজাগতিক’ সন্ধ্যায় নাটকেৰ স্মৃতিকথাৰা. www.anandabazar.com
  3. ↑ (2022-08-13). ভিড়ে হাৰিয়ে গেল ছাতা, আৰ হাৰিয়ে গেল দেশ: মনোজ মিত্ৰ. Hindustantimes Bangla
  4. ↑ বাংলাৰ গৰ্ব অমৰ্ত্য সেনকে অপমান, বিদ্যুতেৰ উপাচাৰ্য পদে থাকাৰ যৌক্তিকতা নিয়ে প্ৰশ্ন বিশিষ্টদেৰ. www.sangbadpratidin.in
  5. ↑ (2023-02-25). ট্ৰামেৰ কামৰায় দামি পাৰ্কাৰ কলম চুৰি হয়েছিল তাঁৰ পকেট থেকে, নষ্টালজিক মনোজ মিত্ৰ. News18 Bengali
  6. ↑ দৈনিক প্ৰথমআলো। প্ৰতিবেদন প্ৰকাশিত হয়েছে ০৬-০১-২০১০।
  7. ↑ Kalakar award winners. Kalakar website
  8. ↑ তিন ভুবনেৰ পাৰে আনন্দ-নিৰ্বাচন

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীবঙালী ব্যক্তিবঙালী চলচ্চিত্ৰৰ অভিনেতাবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৬০২৫৮২ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।