শংকৰ (৭ ডিচেম্বৰ ১৯৩৩ - ২০ ফেব্ৰুৱাৰি ২০২৬) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ প্ৰকৃত নাম মণিশংকৰ মুখোপাধ্যায়।১ ১৯৫৫ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হয়। তেওঁৰদ্বাৰা ৰচিত উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল চৌৰঙ্গী, সীমাবদ্ধ আৰু জন অৰণ্য। এই তিনিখন গ্ৰন্থৰ আধাৰত চলচ্চিত্ৰও নিৰ্মিত হৈছে। উত্তৰবঙ্গ বিশ্ববিদ্যালয়ে ২০১৬ চনত তেওঁক ডি.লিট সন্মানেৰে সন্মানিত কৰে।
প্ৰাথমিক জীৱন
১৯৩৩ চনৰ ৭ ডিচেম্বৰত যশোৰৰ বনগ্ৰামত শংকৰৰ জন্ম। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগতেই অধিবক্তা পিতৃ হৰিপদ মুখোপাধ্যায় কলকাতাৰ হাওৰালৈ গুচি যায়। তাতেই শংকৰ ডাঙৰ-দীঘল হৈছিল, পঢ়া-শুনা আৰু সাহিত্যিক সাধনা আৰম্ভ কৰিছিল। জীৱনৰ আৰম্ভণিত তেওঁ কেতিয়াবা হকাৰ, টাইপৰাইটাৰ ক্লিনাৰ, কেতিয়াবা ব্যক্তিগত পাঠদান, কেতিয়াবা শিক্ষকতা বা জুট ব্ৰকাৰৰ (পাটৰ দালালৰ) কনিষ্ঠ কেৰাণী হিচাপে কাম কৰিছিল।২ ইংৰাজ এজনৰ অনুপ্ৰেৰণাতে তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল।
সাহিত্য জীৱন
১৯৫৫ চনত শংকৰৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হৈছিল। কম বয়সতে তেওঁ কত অজানাৰে নামৰ কিতাপখন লিখি জনপ্ৰিয়তা অৰ্জন কৰিছিল। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ে শংকৰৰ সীমাবদ্ধ আৰুজন অৰণ্য উপন্যাসৰ কাহিনীৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁৰ চৌৰঙ্গী উপন্যাসৰ আধাৰতো এখন চলচ্চিত্ৰ নিৰ্মিত হৈছে। উত্তম কুমাৰে ইয়াত মুখ্য চৰিত্ৰ স্যাটা বসুৰ নাম ভূমিকাত অভিনয় কৰিছিল। সেই প্ৰসংগত শংকৰে কৈছে, "সত্যজিতেই মোক সকলোৰে ওচৰলৈ লৈ গৈছে, ব্যাপ্তি দিছে।" ৩ ২০১২ চন পৰ্যন্ত চৌৰঙ্গীৰ ১১১টা সংস্কৰণ প্ৰকাশিত হৈছে।৪ বোধোদয় উপন্যাস প্ৰকাশৰ পিছতেই শৰদিন্দু বন্দ্যোপাধ্যায়ে শংকৰলৈ এইদৰে উৎসাহ-বাণী প্ৰেৰণ কৰিছিল, "ব্ৰাইট ব'ল্ড বেপৰোৱা।" এই উপন্যাসখনৰ চিন্তা বা প্ৰকাশভংগী তেওঁৰ আন লেখাবোৰতকৈ বহুত বেলেগ হোৱাৰ বাবে তেওঁ মুম্বাই নিৱাসী শৰদিন্দু বন্দ্যোপাধ্যায়ক পঢ়িবলৈ দিছিল। পঢি় উঠি তেওঁ কৈছিল, "তোমাৰ এই লেখাটোত মই প্ৰতিটো মুহূৰ্ততে জননী-জন্মভূমিকেই উপলব্ধি কৰিছিলোঁ।" এই গ্ৰন্থখনৰ বিষয়ে শংকৰে নিজেই কৈছে, "পাঠকৰ সমালোচনা আৰু প্ৰশংসাৰ শৰাই লৈ মই নিজেও এসময়ত বোধোদয়-ক ভাল পাবলৈ আৰম্ভ কৰিলোঁ।" সত্তৰৰ দশকৰ অশান্ত কলকাতাক বিষয় হিচাপে লৈ ৰচনা কৰা তেওঁৰ উপন্যাস ‘স্থানীয় সংবাদ’ আৰু ‘সুবৰ্ণ সুযোগ’— এই তিনিখন উপন্যাসসহ একেলগে প্ৰকাশিত উপন্যাস-সংগ্ৰহ জন্মভূমিৰ শেহতীয়াকৈ প্ৰকাশিত হ'ল ১০২সংখ্যক সংস্কৰণ। ২০২০ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।৫
গ্ৰন্থতালিকা
- ৰসবতী
- বঙ্গ বসুন্ধৰা
- চৰণ ছুঁয়ে যায় (প্ৰথম খণ্ড) আইএসবিএন ৯৭৮-৮১-৭০৭৯-৫২৮-৫
- শ্ৰী শ্ৰী ৰামকৃষ্ণ ৰহস্যামৃত
- মনজঙ্গল
- ৰূপতাপস
- মৰুভূমি
- আশা-আকাঙ্ক্ষা
- তীৰন্দাজ
- পটভূমি
- কামনা বাসনা
- অনেক দূৰ
- সুখ সাগৰ
- সীমন্ত সংবাদ
- চৌৰঙ্গী
- একদিন হঠাৎ
- মুক্তিৰ স্বাদ
- কাজ
- নবীনা
- এবিচিডি
- যেখানে যেমন
- বাংলাৰ মেয়ে
- এক বেগ শংকৰ
- ঘৰেৰ মধ্যে ঘৰ
- সোণাৰ সংসাৰ
- মাথাৰ উপৰ ছাদ
- মানবসাগৰ তীৰে
- সুবৰ্ণ সুযোগ
- সীমাবদ্ধ
- স্থানীয় সংবাদ
- এপাৰ বাংলা ওপাৰ বাংলা
- নিবেদিতা ৰিচাৰ্ছ লেবৰটেৰি
- বোধোদয়
- এক দুই তিন
- সাৰ্থক জনম
- মানচিত্ৰ
- যোগ বিয়োগ গুণ ভাগ
- পাত্ৰ-পাত্ৰী
- পদ্মপাতায় জল
- যা বলো তাই বলো
- কত অজানাৰে
- বিত্তবাসনা
- সম্ৰাট ও সুন্দৰী
- মান সম্মান
- হনিমুন
- নগৰনন্দিনী
- জন অৰণ্য
- এক যে ছিল দেশ
- লক্ষ্মীৰ সন্ধানে
- সপ্তসাগৰ পাৰে
- অৱশৰিকা
- স্বৰ্গ মৰ্ত্য পাতাল
- তনয়া
- চিৰকালেৰ উপকথা
- সহসা
- চৰণ ছুঁয়ে যায় (দ্বিতীয় খণ্ড) আইএসবিএন ৯৭৮-৮১-৭৬১২-৮৮৮-৯
- অচেনা অজানা বিবেকানন্দ (২০০৩) আইএসবিএন ৯৭৮-৮১-৭২৬৭-০৩৪-৪
বঁটা
- ১৯৯৩- ঘৰেৰ মধ্যে ঘৰৰ বাবে বংকিম পুৰস্কাৰ
- ২০২১- সাহিত্য অকাডেমি বঁটা৬
- ২০২২- এবিপি আনন্দ শ্ৰেষ্ঠ বঙালী বঁটা৭
মৃত্যু
বাৰ্ধক্যজনিত সমস্যাত ৯৩ বছৰ বয়সত ২০২৬ চনৰ ২০ ফেব্ৰুৱাৰি শুক্ৰবাৰে মণিশংকৰ মুখোপাধ্যায় মৃত্যু হয়।৮
তথ্যসূত্ৰ
- ↑ (2019-07-08). Eminent author Shankar becomes Sheriff of Kolkata. Business Standard India. Press Trust of India
- ↑ Noel Fredrick Barwell. The Statesman
- ↑ শংকৰৰ কথা
- ↑ জীৱনটাইতো একটা চৌৰঙ্গী
- ↑ সাহিত্য অকাডেমী বঁটা
- ↑ (12 March 2021). Bengali author Sankar receives Sahitya Akademi Award. getbengal.com. Get Bengal
- ↑ (25 December 2022). বাঙালিৰ ছক-ভাঙা গৰিমাৰ স্পৰ্ধাকে কুৰ্নিশ. আনন্দবাজাৰ পত্ৰিকা
- ↑ প্ৰয়াত সাহিত্যিক শংকৰ, ‘চৌৰঙ্গী’ উপন্যাসেৰ স্ৰষ্টাৰ প্ৰয়াণে শোকস্তব্ধ বাংলাৰ লেখকমহল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিশংকৰ মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৫৭৯৯৪৫ (২০ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।