সন্দীপ দত্ত (২৪ জুলাই ১৯৫১ – ১৫ মাৰ্চ ২০২৩) এজন বাঙালী সম্পাদক, অনুবাদক, লেখক আৰু আলোচনী সংগ্ৰাহক। ১
প্ৰাৰম্ভিক জীৱন
সন্দীপ দত্তই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল কলকাতাৰ ছেইণ্ট পল স্কুলত। তাৰ পিছত স্কটিছ চাৰ্চ কলেজৰ পৰা বাংলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে বি এড ডিগ্ৰীও লাভ কৰে। তেওঁ মিৰ্জাপুৰ চিটি স্কুলৰ শিক্ষক আছিল। ২
অৱদান
বাংলা লিটল মেগাজিন আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি সন্দীপ দত্ত। তেওঁ ছাত্ৰাৱস্থাতে ভাৰতৰ জাতীয় গ্ৰন্থাগাৰত আলোচনী আদি সন্ধান কৰিবলৈ যাওঁতে সেইবোৰৰ প্ৰতি অৱহেলা আৰু সংৰক্ষণৰ অভাৱ বোধ কৰে আৰু সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত কেৱল আলোচনী পঠন পাঠন আৰু সংৰক্ষণৰ উদ্দেশ্যৰে এটি গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰে। ১৯৭৮ চনৰ ২৩ জুন তাৰিখে মাত্ৰ কেইখনমান আলোচনীৰে কলকাতাৰ টেমাৰ লেনত সন্দীপ দত্তই যিটো গ্ৰন্থাগাৰ আৰম্ভ কৰিলে সেইটো বৰ্তমানে ভাৰতৰ অন্যতম সমৃদ্ধ আলোচনীৰ সংগ্ৰহালয় হিচাপে বিবেচিত।৩ তেওঁৰ তত্ত্বাৱধানত বহু দুষ্প্ৰাপ্য আৰু দুৰ্লভ আলোচনী সংৰক্ষিত হৈছে। ১৯৭৯ চনৰ ৮ মে তাৰিখে এই গ্ৰন্থাগাৰ জনসাধাৰণৰ বাবে আৰু গৱেষণাৰ স্বাৰ্থত মুকলি কৰি দিয়া হয়। এই গৱেষণা কেন্দ্ৰৰ নাম হ্'ল কলিকাতা লিটল মেগাজিন লাইব্ৰেৰী আৰু গৱেষণা কেন্দ্ৰ।৪৫ ১৯৭৬ চনৰ পৰাই কলকাতা গ্ৰন্থমেলাত সন্দীপ দত্তই তেওঁৰ দ্বাৰা সংগৃহীত আলোচনীৰে অংশগ্ৰহণ কৰিছিল। লিটল মেগাজিন সংগ্ৰহ আৰু গৱেষণাৰ বাহিৰেও তেওঁ বহুকেইখন আলোচনী সম্পাদনা কৰিছিল। তেওঁৰ একাধিক গল্প, প্ৰবন্ধ আৰু কবিতাৰ সংকলন আছে।৬ চিনে চেণ্ট্ৰেল কলকাতা আৰু বঙ্গীয় সাহিত্য পৰিষদৰ তেওঁ আজীৱন সদস্য আছিল।২ সুভাষ মুখোপাধ্যায়ঃ জীবন ও সাহিত্য আৰু বাংলা কবিতাৰ কালপঞ্জি(১৯২৭-১৯৮৯ ) তেওঁ ৰচিত গ্ৰন্থ।৭
মৃত্যু
দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত সন্দীপ দত্ত আক্ৰান্ত হৈ আছিল। ৭২ বছৰ বয়সত ২০২৩ চনৰ ১৫ মাৰ্চত এছ এছ কে এম হাস্পতালত তেওঁৰ মৃত্যু হয়। ৮
তথ্যসূত্ৰ
- ↑ Prohor. কলকাতাৰ বুকে ‘লেখক ব্যাঙ্ক’, তিন দশক আগে উদ্যোগ নিয়েছিলেন সন্দীপ দত্ত - Prohor. কলকাতাৰ বুকে ‘লেখক ব্যাঙ্ক’, তিন দশক আগে উদ্যোগ নিয়েছিলেন সন্দীপ দত্ত - Prohor
- ↑ Sandip Dutta: প্ৰয়াত কলকাতা লিটল ম্যাগাজিন লাইব্ৰেৰি ও গবেষণা কেন্দ্ৰেৰ প্ৰতিষ্ঠাতা সন্দীপ দত্ত. aajkaal.in
- ↑ Ekalavya, Sangbad. লিটল ম্যাগাজিন অন্তপ্ৰাণ সন্দীপ দত্ত: ফিৰে দেখা. Sangbad Ekalavya - Online News Portal
- ↑ Chowdhury, Maitreyee B. (2022-06-06). An afternoon at the Little Magazine Archive, Kolkata. The Bangalore Review
- ↑ Roy, Gopanjali. (2017-02-04). High hopes for Little Magazines at the International Kolkata Book Fair. Media India Group
- ↑ সংবাদদাতা, নিজস্ব. Sandip Dutta · সন্দীপ দত্ত প্ৰয়াত, বাংলা লিটল ম্যাগাজ়িন হাৰাল এক পৰম বন্ধুকে. www.anandabazar.com
- ↑ Dutta, Sandip. (1993). Bangla kabitar kalpanji (1927-1989). Radical Impresion
- ↑ Chowdhury, Abhijit. (2023-03-16). প্ৰয়াত সন্দীপ দত্ত, লিটল ম্যাগাজিনেৰ প্ৰাণপুৰুষেৰ প্ৰয়াণে শোকেৰ ছায়া বইপাড়ায়. Hindustantimes Bangla
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্দীপ দত্ত” প্ৰবন্ধৰ সংশোধন ৬২২৫৯৮ (২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।