বিষ্ণু দে (Bishnu Dey) হৈছে এগৰাকী বিখ্যাত বাংলা কবি,লেখক আৰু চলচিত্ৰ সমালোচক।
জন্ম
১৮ জুলাই, ১৯০৯ চনত এখেতৰ জন্ম হয়।
শিক্ষা
- বিষ্ণু দেই কলিকতাৰ মিত্ৰ প্ৰতিষ্ঠান আৰু সংস্কৃত কলেজিয়েট স্কুলত অধ্যয়ন কৰিছিল।
- ১৯২৭ চনত মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ কলিকতাৰ বাংগাবাচী মহাবিদ্যালয়ৰ পৰা আই. এ. কৰিবলৈ গৈছিল।
- কলিকতাৰ ছেইণ্ট পলচ কেথেড্ৰেল মিছন কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে।
- কলিকতাৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
কৰ্মজীৱন
- ১৯৩৫ চনত তেওঁ কলিকতাৰ ৰিপন কলেজত যোগদান কৰে।
- কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যাপনা কৰিছিল।
- কলিকতাৰ মৌলানা আজাদ কলেজতও অধ্যাপনা কৰিছিল।
সাহিত্যৰাজি
- চোৰা বালি (১৯৩৮)
- পূৰ্ব লেখ (১৯৪০)
- চেণ্ডিপাৰ ছাৰ (১৯৪৭)
- অনিস্তা (১৯৫০)
- নাম ৰেখাচি কোমল গান্ধাৰ (১৯৫০)
- দা পেইণ্টিংছ অফ ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯৫৮)
- আৰ্ট অফ জামিনি ৰয় (১৯৮৮)
বঁটা আৰু সন্মান
- ১৯৬৫ চনত বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।
- ১৯৭১ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা লাভ কৰে।
মৃত্যু
১৯৮২ চনৰ ৩ ডিচেম্বৰ তাৰিখে এইজনা ব্যক্তিয়ে ইহলীলা সম্বৰন কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণু দে” প্ৰবন্ধৰ সংশোধন ৩৮৭১২৬ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।